• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আন ধ্ৰুপদী ভাষাই কোটিৰ ঘৰত পালে চৰকাৰৰ অনুদান, অসমীয়া ভাষাই নাপালে এটকাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2026 1:34 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বহীনতাহে স্পষ্ট হৈ পৰিছে। শেহতীয়া তথ্য অনুসৰি, ধ্ৰুপদী অসমীয়া ভাষাৰ বিকাশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে কোনো বিশেষ আগ্ৰহ দেখুওৱা নাই। ভাষাটোৰ প্ৰসাৰ আৰু ইয়াৰ ঐতিহ্য ৰক্ষাৰ বাবে লোৱা অভিলাষী ঘোষণাসমূহ এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱাৰ পাছত যি ধৰণৰ নিয়োগৰ সুযোগ আৰু শৈক্ষিক উন্নতিৰ আশা কৰা হৈছিল, সেয়া এতিয়ালৈ অসাৰ প্ৰতিপন্ন হৈছে। মন কৰিবলগীয়া কথাটো হ’ল যে যোৱাবৰ্ষত যেতিয়া অসমীয়াই এই স্বীকৃতি লাভ কৰিছিল, তেতিয়া সমগ্ৰ ৰাজ্যজুৰি এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু চৰকাৰ তথা শাসকীয় দলে ইয়াৰ বাবে সম্পূৰ্ণ কৃতিত্ব লৈছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত তাৰ পৰৱৰ্তী কাম-কাজত চৰকাৰৰ কোনো তৎপৰতা দেখা পোৱা যোৱা নাই।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শাসকীয় পক্ষই দাবী কৰিছিল যে ধ্ৰুপদী মৰ্যাদা পোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে অসমীয়া ভাষাৰ উত্তৰণৰ বাবে বুজন পৰিমাণৰ পুঁজি যোগান ধৰিব। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে যোৱা এটা বছৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমীয়া ভাষাৰ বাবে কোনো পুঁজিৰ আৱণ্টন দিয়া হোৱা নাই। ইয়াৰ বিপৰীতে তামিল, তেলুগু, কন্নড়, মালয়ালম আৰু ওড়িয়াৰ দৰে পুৰণি ধ্ৰুপদী ভাষাসমূহৰ বাবে কেন্দ্ৰই কোটি কোটি টকা ব্যয় কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। ২০২৪ চনৰ ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বহা কেবিনেট বৈঠকত অসমীয়াক ধ্ৰুপদী মৰ্যাদা দিয়াৰ প্ৰস্তাৱ গৃহীত হৈছিল। ইয়াৰ পাছতে ৰাজ্যৰ বৌদ্ধিক মহলত যথেষ্ট আশাৰ সঞ্চাৰ হৈছিল যদিও কেন্দ্ৰৰ বৰ্তমানৰ স্থিতিয়ে সকলোকে হতাশ কৰিছে।

Apply Now

তথ্য অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাসমূহৰ প্ৰসাৰৰ বাবে যি অনুদান আগবঢ়াইছে, তাত অসমীয়াৰ নামত কোনো টকা ধাৰ্য কৰা হোৱা নাই। তামিল ভাষাৰ বাবে ১৬ কোটি ৯৭ লাখ টকা, কন্নড় আৰু তেলুগুৰ বাবে ১ কোটি ৬ লাখ টকাকৈ আৱণ্টন দিয়া হৈছে যদিও একেসময়তে স্বীকৃতি পোৱা অসমীয়া ভাষাক একো দিয়া নহ’ল। চৰকাৰে পূৰ্বে ঘোষণা কৰিছিল যে ধ্ৰুপদী মৰ্যাদা পালে শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰত নতুন পদ সৃষ্টি হ’ব আৰু পুৰণি পুথিসমূহৰ ডিজিটেলাইজেচন কৰা হ’ব। কিন্তু বাস্তৱত ইয়াৰ কোনো কামেই আৰম্ভ হোৱা নাই। কেন্দ্ৰৰ এই অনীহাৰ বিৰুদ্ধে অসম চৰকাৰেও কোনো ধৰণৰ হেঁচা দিয়া পৰিলক্ষিত হোৱা নাই। যিটো সময়ত মাৰাঠী বা বাংলাৰ দৰে ভাষাও স্বীকৃতি পাইছিল, সেই সময়তে অসমীয়াকো লগত ৰখা হৈছিল যদিও অৰ্থনৈতিক সাহায্যৰ পৰা ভাষাটো বঞ্চিত হৈ ৰোৱাটোৱে অসমীয়া ভাষাৰ প্ৰতি কেন্দ্ৰৰ বৈষম্যমূলক আচৰণকে সূচাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm
কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

August 6, 2026 2:56 pm
দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

August 6, 2026 1:57 pm
১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

August 6, 2026 1:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm
কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

August 6, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd