• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“এতিয়া মৃত্যু উপত্যকাত পৰিণত বাংলাদেশ, চলিছে বিদেশী শক্তিৰ লুণ্ঠন”: ইউনুছক তীব্ৰ আক্ৰমণ শ্বেখ হাছিনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2026 7:51 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এইবাৰ এক চাঞ্চল্যকৰ অডিঅ’ বাৰ্তাযোগে ড° মহম্মদ ইউনুছৰ চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাইছে। বৰ্তমানৰ অন্তৱৰ্তীকালীন প্ৰশাসনক ‘ফেচিষ্ট’ আখ্যা দি হাছিনাই দেশৰ অস্তিত্ব ৰক্ষাৰ বাবে দেশবাসীক ‘দ্বিতীয় স্বাধীনতা’ৰ যুঁজত অৱতীৰ্ণ হ’বলৈ জনোৱা আহ্বানে চুবুৰীয়া দেশখনৰ ৰাজনীতিত পুনৰ জোকাৰণি সৃষ্টি কৰিছে।

এই আহ্বানৰ ২৪ ঘণ্টা পূৰ্বে হাছিনাৰ পুত্ৰ সজীব ৱাজেদ জয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত জনাইছিল যে তেওঁৰ মাতৃয়ে আচলতে ৰাজনীতিৰ পৰা অৱসৰ ল’ব বিচাৰিছিল। কিন্তু তাৰ মাজতে পোহৰলৈ অহা হাছিনাৰ এই নতুন বাৰ্তাই আৱামী লীগৰ ভৱিষ্যতক লৈ এক নতুন চৰ্চাৰ সূচনা কৰিছে।

Apply Now

হাছিনাই অডিঅ’ বাৰ্তাত অভিযোগ কৰিছে যে ২০২৪ চনৰ ৫ আগষ্টৰ গণ-অভ্যুত্থান কোনো স্বতঃস্ফূৰ্ত আন্দোলন নাছিল, বৰঞ্চ এয়া আছিল এক সুপৰিকল্পিত ষড়যন্ত্ৰ। তেওঁ কয়, “ফেচিষ্ট আৰু উগ্ৰপন্থী শক্তিয়ে মোক বলপূৰ্বকভাৱে ক্ষমতাৰ পৰা আঁতৰাবলৈ এক সূক্ষ্ম ষড়যন্ত্ৰ ৰচনা কৰিছিল। মোক জনসাধাৰণে নিৰ্বাচিত কৰিছিল, কিন্তু আজি দেশখন সন্ত্ৰাসবাদৰ কবলত পৰিছে।”

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ড°মহম্মদ ইউনুছক উদ্দেশ্যি কয়, “ইউনুছক মই স্পষ্টকৈ কৈছোঁ, নিজৰ দেশৰ মানুহক আওকাণ কৰা বন্ধ কৰক।” তেওঁৰ মতে, বৰ্তমানৰ চৰকাৰখনে বাংলাদেশক এখন বিশাল কাৰাগাৰত পৰিণত কৰিছে আৰু আইন-শৃংখলা সম্পূৰ্ণৰূপে ধ্বংস হৈছে। নাৰী নিৰ্যাতন আৰু ন্যায়িক ব্যৱস্থাৰ পতনৰ কথা উল্লেখ কৰি তেওঁ ইয়াক এক ‘অন্ধকাৰ যুগ’ বুলি অভিহিত কৰে।

কেৱল আভ্যন্তৰীণ শক্তিয়ে নহয়, বাংলাদেশৰ সম্পদ লুণ্ঠনৰ বাবে বিদেশী শক্তি সক্ৰিয় হৈ উঠা বুলিও হাছিনাই গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয় যে, “অনিৰ্বাচিত চৰকাৰৰ সুযোগ লৈ বিদেশী শক্তিয়ে বাংলাদেশৰ মাটি আৰু সম্পদ লুটপাত কৰিছে।” এই পৰিস্থিতিৰ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ তেওঁ দেশবাসীক পুনৰবাৰ ‘মুক্তিযুদ্ধ’ৰ শপত লৈ ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, ২০২৪ চনৰ জুলাই মাহত আৰম্ভ হোৱা কোটা সংস্কাৰ আন্দোলনে এক চৰম পৰ্যায় লাভ কৰিছিল, যাৰ পৰিণতিত ৫ আগষ্টত হাছিনা চৰকাৰৰ পতন ঘটে আৰু তেওঁ দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হয়। এতিয়া এই নতুন অডিঅ’ বাৰ্তাই চুবুৰীয়া দেশখনৰ ৰাজনীতিত কেনে প্ৰভাৱ পেলায়, সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd