ঠাণ্ডাৰ দিনত আমাৰ মাজৰ সৰহভাগ লোকৰে এটা সাধাৰণ সমস্যা দেখা যায় আৰু সেয়া হৈছে বাহিৰলৈ ওলোৱাৰ লগে লগে চকুৰ পৰা পানী ওলোৱা। বহুতে ইয়াক কেৱল ঠাণ্ডা বতাহৰ প্ৰভাৱ বুলি ভাবি আওকাণ কৰে যদিও ইয়াৰ আঁৰত কিছুমান গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৰু স্বাস্থ্যজনিত কাৰণ লুকাই থাকিব পাৰে। আচলতে আমাৰ চকুহালে কেতিয়াবা কিছুমান বিশেষ সংকেত দিয়ে যিবোৰ সময়মতে বুজি পোৱাটো খুবেই দৰকাৰী।
শীতকালত চকুৰ পৰা পানী ওলোৱাৰ এটা প্ৰধান কাৰণ হৈছে এলাৰ্জী। এই সময়ছোৱাত বতাহত ধূলি, ধোঁৱা বা পোহনীয়া জন্তুৰ নোম আদিৰ পৰিমাণ বৃদ্ধি পায় আৰু ইয়াৰ সংস্পৰ্শলৈ আহিলে বহুতৰে চকুত খজুৱতি বা জ্বলা-পোৰা আৰম্ভ হয়। এই অস্বস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ শৰীৰে স্বাভাৱিকতকৈ অধিক চকুলো উৎপন্ন কৰে। একেদৰে ঠাণ্ডা বতাহে চকুৰ উপৰিভাগত প্ৰভাৱ পেলালে চকুৱে নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ৰিফ্লেক্স টিয়াৰিং বুলি কোৱা হয়, য’ত ঠাণ্ডাৰ প্ৰতিক্ৰিয়া হিচাপে চকুৱে নিজে নিজে পানী সৃষ্টি কৰে।
কেতিয়াবা আকৌ চকুৰ কোনো সংক্ৰমণ বা চকুলো বৈ যোৱা নলী বন্ধ হৈ থাকিলেও এনে সমস্যাই দেখা দিব পাৰে। যদি চকুৰ পৰা পানী ওলোৱাৰ লগতে চকু ৰঙা পৰে, বিষ হয় বা আঠাযুক্ত পদাৰ্থ ওলায়, তেন্তে ইয়াক কোনোমতে লঘু কৰি লব নালাগে। ইয়াৰ উপৰিও ভুল জোখৰ চশমা বা সঠিকভাৱে পৰিষ্কাৰ নকৰা কনটেক্ট লেন্স ব্যৱহাৰ কৰিলেও চকু সংবেদনশীল হৈ পৰে আৰু ঠাণ্ডা বতৰত চকুৰ পৰা পানী ওলোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
এই সমস্যাৰ পৰা হাত সাৰিবলৈ শীতকালত চকুৰ বিশেষ যত্ন লোৱাটো খুবেই প্ৰয়োজনীয়। বাহিৰলৈ ওলালে চকুহালক ঠাণ্ডা বতাহ আৰু ধূলিৰ পৰা ৰক্ষা কৰিবলৈ ছানগ্লাছ ব্যৱহাৰ কৰাটো এটা ভাল অভ্যাস। চকু সদায় আৰ্দ্ৰ কৰি ৰাখিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুসারি আই ড্ৰপ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ লগতে শৰীৰত পানীৰ মাত্ৰা সঠিককৈ ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱা উচিত। যদিও এয়া এটা সাধাৰণ সমস্যা যেন লাগে, তথাপিও যদি চকুৰ পানী ওলোৱা বন্ধ নহয় বা চকু অধিক ৰঙা পৰে, তেন্তে পলম নকৰি বিশেষজ্ঞ চিকিৎসকৰ সহায় লোৱাটোৱেই আটাইতকৈ বুদ্ধিমানৰ কাম।





