• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

১৯৫২ চনৰ ১১ এপ্ৰিলত আটলাণ্টিক মহাসাগৰত পৰিছিল আমেৰিকাৰ পেন আমেৰিকান এয়াৰৱেজৰ এখন যাত্ৰীবাহী বিমান।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2026 6:59 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৫২ চনৰ ১১ এপ্ৰিলত আটলাণ্টিক মহাসাগৰত পৰিছিল আমেৰিকাৰ পেন আমেৰিকান এয়াৰৱেজৰ এখন যাত্ৰীবাহী বিমান। এই ভয়ংকৰ দুৰ্ঘটনাটোত যাত্ৰী আৰু বিমান কৰ্মীকে ধৰি মুঠ ৫২ জন লোকৰ মৃত্যু হৈছিল। সেই সময়ত সাগৰত বহু বিচাৰ-খোঁচাৰ কৰাৰ পাছতো দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ কোনো সন্ধান পোৱা হোৱা নাছিল। কিন্তু এতিয়া দীৰ্ঘ ৭৪ বছৰৰ পাছত সাগৰৰ গভীৰ বুকুত সেই অভিশপ্ত বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি পোৱা গৈছে। ইমান বছৰৰ পাছত কেনেকৈ উদ্ধাৰ হ‘ল বিমানখন, তাক লৈ সকলোৰে মনত উৎসুকতা জাগিছে।

সেই অভিশপ্ত দিনটোত অৰ্থাৎ ১৯৫২ চনৰ ১১ এপ্ৰিলৰ দুপৰীয়া ১২ বাজি ১১ মিনিটত বিমানখনে যাত্ৰা আৰম্ভ কৰিছিল। ডিচি-৪ ফ্লাইট ৫২৬এ নামৰ এই বিমানখনে কেৰিবিয়ান দ্বীপপুঞ্জৰ পুয়েৰ্তো ৰিকোৰ ছান জুয়ান ইছলা গ্ৰান্দে বিমানবন্দৰৰ পৰা নিউয়ৰ্ক অভিমুখে ৰাওনা হৈছিল। কিন্তু আকাশলৈ উৰা মৰাৰ মাত্ৰ ন মিনিটৰ পাছতেই মাজ আকাশত বিমানখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু পোনে পোনে গৈ আটলাণ্টিক মহাসাগৰৰ পানীত আছাৰ খাই পৰে।

Apply Now

দুৰ্ঘটনাৰ সময়ত বিমানখনত মুঠ ৬৪ জন যাত্ৰী আৰু পাইলটক ধৰি ৫ জন কৰ্মী উপস্থিত আছিল। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই ভয়াবহ বিমান বিপৰ্যয়ৰ পৰা ১২ জন যাত্ৰীকে ধৰি মুঠ ১৭ জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা গৈছিল। বাকী আটাইকেইজন লোক আটলাণ্টিকৰ গভীৰ বুকুত চিৰদিনৰ বাবে নিমিষতে হেৰাই গৈছিল। এতিয়া ৭৪ বছৰৰ মূৰত ডিচকাভাৰী চেনেলৰ বিখ্যাত ধাৰাবাহিক এক্সপেডিচন আনন‘নৰ সদস্যসকলে এই বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি উলিওৱাত সফল হৈছে।

উল্লেখযোগ্য যে, ১৯৫২ চনৰ পাছৰ পৰাই পেন আমেৰিকান এয়াৰৱেজৰ এই বিমানখনৰ সন্ধানত বহুতো অভিযান চলোৱা হৈছিল। অৱশেষত সাগৰৰ গভীৰলৈ অত্যাধুনিক ড্ৰোণ পঠিয়াই এই বৃহৎ সফলতা লাভ কৰা হৈছে। জানিব পৰা মতে, আটলাণ্টিক মহাসাগৰৰ প্ৰায় ২০০০ ফুট গভীৰতাত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে। ডিচকাভাৰী চেনেলে এক বিবৃতিত প্ৰকাশ কৰা মতে, পুয়েৰ্তো ৰিকোৰ উত্তৰ উপকূলৰ পৰা কিছু দূৰত সাগৰৰ তলিত এই হেৰুওৱা বিমানখন পোৱা গৈছে। সঁচাকৈয়ে এই আৱিষ্কাৰ যেন এক ইতিহাসৰ পুনৰ্জন্ম।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am
সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd