• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্চ ন্যায়ালয়ত ‘উচ্চ বৰ্ণ’ৰ আধিপত্য: ২০২১ চনৰ পৰা নিযুক্তি পোৱা ৮০ শতাংশ ন্যায়াধীশেই তথাকথিত উচ্চ জাতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2026 2:52 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চ ন্যায়ালয়ৰ নিযুক্তিৰ ক্ষেত্ৰত উচ্চ জাতিৰ আধিপত্য আৰু সামাজিক বৈচিত্ৰ্যৰ অভাৱৰ সন্দৰ্ভত এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ চৰকাৰে সংসদত দাখিল কৰা এক প্ৰতিবেদন অনুসৰি ২০২১ চনৰ পৰা উচ্চ ন্যায়ালয়ত নিযুক্তি পোৱা মুঠ ন্যায়াধীশসকলৰ প্ৰায় ৮০ শতাংশই তথাকথিত উচ্চ জাতিৰ লোক। কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ৰাজ্যসভাত এক লিখিত উত্তৰৰ জৰিয়তে এই তথ্য সদৰী কৰিছে। তেওঁ জনোৱা মতে ২০২১ চনৰ পৰা ২০২৬ চনৰ জানুৱাৰী মাহলৈকে দেশৰ উচ্চ ন্যায়ালয়সমূহত মুঠ ৫৯৩ গৰাকী ন্যায়াধীশ নিযুক্তি দিয়া হৈছে য’ত অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিত্ব অতি নগণ্য।

পৰিসংখ্যা অনুসৰি এই নিযুক্তি পোৱা ৫৯৩ গৰাকী ন্যায়াধীশৰ ভিতৰত মাত্ৰ ২৬ গৰাকী অনুসূচিত জাতিৰ, ১৪ গৰাকী অনুসূচিত জনজাতিৰ আৰু ৮০ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ লোক আছে। ইয়াৰ উপৰিও এই সময়ছোৱাত সংখ্যালঘু সম্প্ৰদায়ৰ পৰা ৩৭ গৰাকী আৰু ৯৬ গৰাকী মহিলাক নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদনত ব্যাখ্যা কৰে যে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱ প্ৰক্ৰিয়া ক্ৰমে ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলে আৰম্ভ কৰে। অৱশ্যে চৰকাৰে ন্যায়পালিকাৰ সামাজিক বৈচিত্ৰ্য বৃদ্ধি কৰিবলৈ নিযুক্তিৰ মনোনয়নৰ সময়ত সকলো পিছপৰা শ্ৰেণী আৰু মহিলাৰ নাম বিবেচনা কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে।

Apply Now

চৰকাৰৰ এই তথ্যৰ ওপৰত ভিত্তি কৰি ডি এম কে সাংসদ পি উইলছনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁৰ মতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত দেখা পোৱা এই ধাৰাই দেশৰ বৈচিত্ৰ্যপূৰ্ণ সমাজখনক প্ৰতিফলিত নকৰে। তেওঁ উল্লেখ কৰে যে তথ্য অনুসৰি উচ্চ ন্যায়ালয়ত প্ৰায় ৭৯.৭৬ শতাংশ ন্যায়াধীশ উচ্চ জাতিৰ হোৱাৰ বিপৰীতে অনুসূচিত জাতিৰ মাত্ৰ ৪.৩৮ শতাংশ আৰু অনুসূচিত জনজাতিৰ মাত্ৰ ২.৩৬ শতাংশ প্ৰতিনিধিত্ব আছে। উইলছনৰ মতে ২০১৮ চনৰ পৰা ২০২৪ চনৰ অক্টোবৰ মাহলৈকেও একেধৰণৰ হতাশাজনক পৰিস্থিতি পৰিলক্ষিত হৈছিল য’ত প্ৰায় ৮৩ শতাংশ ন্যায়াধীশ উচ্চ জাতিৰ আছিল।

সাংসদগৰাকীয়ে সামাজিক মাধ্যমত কয় যে ন্যায়পালিকাৰ এক সংকীৰ্ণ গোটে সমাজৰ সকলো শ্ৰেণীৰ মূল্যবোধ আৰু দৃষ্টিভংগীক সঠিকভাৱে বুজি নাপাবও পাৰে। ইয়াৰ ফলত দলিত আৰু পিছপৰা শ্ৰেণীৰ লোকৰ অধিকাৰ সুৰক্ষিত নোহোৱাৰ সম্ভাৱনা থাকে। তেওঁৰ মতে এই বৈষম্য অৰ্হতাৰ অভাৱৰ বাবে হোৱা নাই বৰঞ্চ ই এক বৈষম্যমূলক ব্যৱস্থাৰ ফল। সেয়েহে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ নিযুক্তিৰ ক্ষেত্ৰত পিছপৰা শ্ৰেণীসমূহক আনুপাতিক প্ৰতিনিধিত্ব প্ৰদানৰ বাবে তেওঁ এক সাংবিধানিক সংশোধনীৰ পোষকতা কৰিছে। বৰ্তমানৰ কলেজিয়াম ব্যৱস্থাটোৱে সামাজিক ন্যায় নিশ্চিত কৰাত ব্যৰ্থ হৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd