জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন। চেক বাউন্সৰ এটা পুৰণি গোচৰত বৰ্তমান কাৰাদণ্ড ভুগি থকা অভিনেতাগৰাকীৰ জামিনৰ শুনানি আজি অর্থাৎ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। অভিনেতাগৰাকীৰ মেনেজাৰ গোল্ডিয়ে সংবাদ মাধ্যমৰ আগত এই কথা নিশ্চিত কৰি জনাইছে যে ৰাজপাল যাদৱৰ মুক্তিৰ বাবে তেওঁৰ পৰিয়াল বৰ্তমান যথেষ্ট আশাবাদী। তেওঁলোকে আশা কৰিছে যে আজিৰ শুনানিৰ পাছত অভিনেতাগৰাকী কাৰাগাৰৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ব।
প্ৰায় এক দশক পুৰণি এটা গোচৰৰ পৰিপ্ৰেক্ষিতত দিল্লী উচ্চ ন্যায়ালয়ে ৰাজপাল যাদৱক ছমাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। তথ্য অনুসৰি, ২০১০ চনত তেওঁ দিল্লীৰ এজন ব্যৱসায়ীৰ পৰা ৫ কোটি টকা ধাৰলৈ লৈছিল। এই ধনেৰে তেওঁ নিজৰ পৰিচালকৰ প্ৰথমখন ছবি আতা পাটা লাপাটাত বিনিয়োগ কৰিছিল। দীৰ্ঘদিন ধৰি এই ধাৰ পৰিশোধ কৰাৰ চেষ্টা চলাইছিল যদিও শেষত ব্যৰ্থ হোৱাত যোৱা সপ্তাহত তেওঁ দিল্লীৰ তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত লৈছিল।
এই কঠিন সময়ত চলচ্চিত্ৰ জগতৰ বহু তাৰকা ৰাজপাল যাদৱৰ কাষত থিয় দিছে। মেনেজাৰ গোল্ডিয়ে জনোৱা মতে, ছলমান খান আৰু অজয় দেৱগনৰ দৰে ডাঙৰ অভিনেতাই তেওঁক আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। কেৱল এয়াই নহয়, জ্যেষ্ঠ ছবি নিৰ্মাতা ডেভিদ ধাৱানেও জনাইছে যে তেওঁৰ পুত্ৰ বৰুণ ধাৱানেও এই সংকটৰ সময়ত অভিনেতাগৰাকীক সহায় কৰিব। ইয়াৰ উপৰিও অভিনেতা সোণু ছুদেও ইতিমধ্যে তেওঁক ৰাজহুৱাভাৱে সমৰ্থন আগবঢ়াইছে।
ইফালে ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজেও উদ্যোগটোৰ সদস্যসকলক ৰাজপাল যাদৱৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে। মেনেজাৰগৰাকীয়ে কয় যে বহু লোকে সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ সমৰ্থনত পৰিয়ালটোৱে সাহস লাভ কৰিছে। ১৯ ফেব্ৰুৱাৰীত ৰাজপাল যাদৱৰ ভতিজীৰ বিয়া ঠিক হৈ আছে। পৰিয়ালটোৱে এই বিয়াৰ কাম-কাজ পূৰ্বৰ দৰেই চলাই নিয়াৰ সিদ্ধান্ত লৈছে। তেওঁলোকে আশা কৰিছে যে ৰাজপাল যাদৱে জামিন লাভ কৰি বিয়াৰ অনুষ্ঠানত ভাগ ল’ব পাৰিব।
অৱশ্যে কাৰাগাৰলৈ যোৱাৰ পূৰ্বে ৰাজপাল যাদৱে তেওঁৰ অসহায় অৱস্থাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে তেওঁৰ ওচৰত বৰ্তমান কোনো টকা নাই আৰু এই সংকটৰ সৈতে তেওঁ অকলশৰে যুঁজিব লাগিব। শেহতীয়াকৈ অক্ষয় কুমাৰৰ সৈতে নতুন ছবিৰ কাম শেষ কৰা অভিনেতাগৰাকীয়ে আজিৰ আদালতৰ শুনানিৰ পৰা এক ইতিবাচক ফলাফলৰ বাবে অপেক্ষা কৰি আছে।





