শেহতীয়াকৈ আমেৰিকাৰ ধনকুবেৰ তথা যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ গোপন ফাইলসমূহ মুকলি হোৱাৰ লগে লগে ব্ৰিটিছ ৰাজপৰিয়ালৰ প্ৰাক্তন সদস্য তথা ইয়ৰ্কৰ প্ৰাক্তন ডাচেছ চাৰা ফাৰ্গুচনক লৈ এক নতুন তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। পোহৰলৈ অহা ইমেইলসমূহৰ পৰা জানিব পৰা গৈছে যে এপষ্টেইনৰ সৈতে চাৰা ফাৰ্গুচনৰ অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক আছিল। কেৱল সেয়াই নহয়, ফাৰ্গুচনে এই কুখ্যাত অপৰাধীজনক চিঠিযোগে কিংবদন্তি বুলি সম্বোধন কৰিছিল আৰু ধেমালিতে হওক বা অন্য কাৰণতে হওক, তেওঁক বিয়া কৰাবলৈও প্ৰস্তাৱ দিছিল। এই ইমেইলসমূহে প্ৰকাশ কৰিছে যে এণ্ড্ৰুৰ সৈতে বিবাহ বিচ্ছেদৰ পাছত চাৰা তীব্ৰ আৰ্থিক সংকটত ভুগিছিল আৰু সেই সময়ত এপষ্টেইনৰ পৰা তেওঁ বিভিন্ন ধৰণৰ সহায় বিচাৰিছিল।

প্ৰকাশ পোৱা তথ্য অনুসৰি, ২০০৯ চনত জেফ্ৰি এপষ্টেইনে শিশু সৰবৰাহ আৰু যৌন অপৰাধৰ বাবে কাৰাবাস খাটি ওলাই অহাৰ মাত্ৰ এসপ্তাহৰ ভিতৰতে চাৰা ফাৰ্গুচনে নিজৰ দুই কন্যাক লৈ তেওঁক সাক্ষাৎ কৰিবলৈ মিয়ামিলৈ উৰা মাৰিছিল। সেই সময়ত তেওঁৰ দুই কন্যা ৰাজকুমাৰী ইউজেনী আৰু বিট্ৰাইছৰ বয়স আছিল ক্ৰমে ১৯ আৰু ২০ বছৰ। ইমেইলত পোহৰলৈ আহিছে যে এপষ্টেইনে তেওঁলোকৰ ভ্ৰমণৰ সকলো খৰচ বহন কৰিছিল য’ত চাৰাৰ বাবে বিজনেছ ক্লাছ আৰু ছোৱালী দুজনীৰ বাবে ইকনমি ক্লাছৰ বিমানৰ টিকট কটা হৈছিল। আনকি আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ চাৰাই এপষ্টেইনৰ পৰা জৰুৰীকালীনভাৱে ২০ হাজাৰ পাউণ্ডৰ ঋণ বিচাৰিছিল যাতে তেওঁ ঘৰৰ ভাড়া পৰিশোধ কৰিব পাৰে।

কেৱল ব্যক্তিগত সাহায্যই নহয়, চাৰা ফাৰ্গুচনে তেওঁৰ ব্যৱসায়িক পৰিকল্পনাৰ সৈতেও এপষ্টেইনক জড়িত কৰিব বিচাৰিছিল। তেওঁ মাদাৰছ আৰ্মি নামৰ এটা ব্ৰেণ্ড আৰম্ভ কৰিব খুজিছিল য’ত এপষ্টেইনক বৃহৎ পৰিমাণৰ শ্বেয়াৰ দিয়াৰ কথা আছিল। এই ইমেইলবোৰত চাৰাই এপষ্টেইনক তেওঁৰ প্ৰতি দেখুওৱা দয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছিল। আনকি এপষ্টেইনে কাৰাবাস খাটি থকাৰ পিছতো চাৰাই তেওঁৰ ওচৰত চাকৰি বিচাৰি ইমেইল কৰিছিল। এই সকলোবোৰ কথাই প্ৰমাণ কৰে যে এপষ্টেইনৰ অপৰাধ জগতৰ কথা জনাৰ পাছতো চাৰাই তেওঁৰ সৈতে যোগাযোগ বিছিন্ন কৰা নাছিল।

অৱশ্যে ২০১১ চনত এই বন্ধুত্বৰ বাবে ছাৰা ফাৰ্গুচনে ৰাজহুৱাকৈ ক্ষমা বিচাৰিছিল আৰু ইয়াক জীৱনৰ এক ডাঙৰ ভুল বুলি আখ্যা দিছিল। ইফালে চাৰাৰ প্ৰাক্তন স্বামী ৰাজকুমাৰ এণ্ড্ৰুৰ বিৰুদ্ধেও এপষ্টেইনৰ ফাইলত কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এণ্ড্ৰুৱে নিজৰ কন্যাৰ ফটো এপষ্টেইনলৈ প্ৰেৰণ কৰাৰ লগতে আন বহুতো আপত্তিজনক কামত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে। বৰ্তমান এই সমগ্ৰ ঘটনাই সমগ্ৰ ব্ৰিটিছ ৰাজপৰিয়ালকে এক অস্বস্তিকৰ পৰিস্থিতিৰ মাজলৈ ঠেলি দিছে। মন কৰিবলগীয়া যে ২০১৯ চনত জেলৰ ভিতৰতে জেফ্ৰি এপষ্টেইনৰ ৰহস্যজনক মৃত্যু হৈছিল।





