• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লখিমপুৰত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত বিজেপিৰ কৰ্মী-সমৰ্থকৰ বাধা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2026 9:30 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাটিচোৰ হায় হায়, গৰুচোৰ হায় হায় শ্ল’গানেৰে উত্তাল হৈ পৰিল লখিমপুৰৰ ৰাজপথ৷ গৌৰৱ গগৈৰ নেতৃত্বত চলি থকা ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰা’ আজি লখিমপুৰ জিলাত উপস্থিত হোৱাত হাজাৰ হাজাৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে গৌৰৱ গগৈক এবাৰ ওচৰৰ পৰা চাবলৈ হেতা-ওপৰা লগায়৷ তাৰ লগতে লখিমপুৰৰ ৰাজপথত পদযাত্ৰা কৰে গৌৰৱ গগৈয়ে৷

পদযাত্ৰাৰ সময়ত মাটি চোৰে গাদী এৰক, মাটিচোৰ হায় হায়, গৰুচোৰ হায় হায় শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ হাতে হাতে এনে শ্ল’গান লিখা বেনাৰ, পোষ্টাৰ, ফেষ্টুন লৈ গৌৰৱ গগৈ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, মল্লিকাৰ্জুন খাৰ্গে জিন্দাবাদ, গৰুৰ চিণ্ডিকেট বন্ধ কৰক, মাটি চোৰে গাদী এৰক, বিজেপি হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা লেই লেই ছেই ছেই শ্ল’গান দিয়া পৰিলক্ষিত হয়৷

Apply Now

হাজাৰ লোকক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, ”আমাৰ এই যাত্ৰাৰ নাম হৈছে সময় পৰিৱৰ্তনৰ যাত্ৰা-মাটি বচাওক, জাতি বচাওক৷ মাটি কিয় বচাব লাগে এয়া বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন৷ যদি আজি বসুন্ধৰাত সাধাৰণ মানুহে মাটি বিচাৰে তেন্তে মাটি নাপায়৷ একচনীয়া পট্টা একচনীয়া হৈ থাকে৷ কিন্তু বসুন্ধৰাৰ দ্বাৰা ক’ত ক’ত মাটি আছে সেই গম পাই মুখ্যমন্ত্ৰী পত্নীক কৈছে ক’ত ক’ত মাটি কিনিব পাৰে৷ বসুন্ধৰাত সাধাৰণ লোকে আবেদন কৰিলে গম পাই যায় যে কাৰ ওপৰত কিমান একচনীয়া পট্টা আছে৷ পিছদিনা স্থানীয় মানুহৰ ওপৰত হেঁচা প্ৰয়োগ কৰি সেইখিনি মাটি কিনিবলৈ আগবাঢ়ে৷’’

হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় লোকৰ প্ৰায় ৪০ হাজাৰ বিঘা মাটি আদানি, আম্বানি আৰু পতঞ্জলিক বিক্ৰী কৰিছে৷ সেই মাটি বড়ো, ৰাভা, কাৰ্বিৰ আছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী নেতা৷ আগতে কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈয়ে জনজাতিসকলক ক্ষমতা দিছিল, স্বাধীনতা দিছিল, উন্নয়ন পৰিষদ আছিল, কাম কৰাৰ সুবিধা দিছিল৷ আজি হিমন্ত বিশ্ব শৰ্মাই কোনো জনজাতীয় নেতাক সন্মান নকৰে৷ সৰ্বানন্দ সোণোৱালৰ দৰে জনজাতীয় নেতাক বিশ্বাসঘাতকতা কৰিছে৷ বিশ্বাসঘাতকতা কৰি সোণোৱালৰ গাদী কাঢ়ি লৈছে৷ ছয় জনগোষ্ঠীক বিশ্বাসঘাতকতা কৰিছে৷ এদিন ক’লে ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ পাব৷ আকৌ এদিন ক’লে জনজাতিৰ নেতাসকলে বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ বিচৰা নাই৷ ছয় জনগোষ্ঠীক তেনেদৰে বিশ্বাসঘাতকতা কৰিলে৷ আজি অসমৰ বঙালী সমাজক বাধ্য কৰাইছে বাংলাদেশী বুলি ক’বলৈ৷ আমাক ভাগ ভাগ কৰি নিজৰ পত্নীৰ নামত ধন ঘটি অসমৰ সকলোতকৈ ধনী পৰিয়াল হোৱাৰ চেষ্টা চলাইছে৷

গগৈয়ে আৰু কয় যে আজি চিকিৎসা, শিক্ষা ক্ষেত্ৰত তালিকাত সদায়েই অসম তলত থাকে৷ মদৰ দোকান খোলাৰ ক্ষেত্ৰত অসম ওপৰলৈ গৈছে৷ ইয়াতকৈ লজ্জাজনক কথা কি হ’ব পাৰে৷ এতিয়া প্ৰতিজন লোকৰ ওপৰত ৪০ হাজাৰকৈ ধাৰ৷ মদৰ দোকান খুলি মদ বেচি পোৱা ৰাজহেৰে ধাৰ মাৰিব বিচাৰিছে৷ অসমত সংস্থাপন নাই বাবে বাংগালুৰু, পুণে, মুম্বাই, অৰুণাচললৈ যাবলগীয়া হৈছে৷ কিন্তু তাতো তেওঁলোকৰ নিৰাপত্তা নাই৷ অসমৰ যুৱকে সংস্থাপন নাপাই বহিঃৰাজ্যত গৈছে। কিন্তু বিজেপিৰ নেতাসকলে কয়লাৰ চিণ্ডিকেট, শিল-বালিৰ চিণ্ডিকেট চলাইছে৷ এইটো দলে বাৰে বাৰে এটাৰ পিছত আন এটা কেলেংকাৰী কৰি গৈছে৷ চুপাৰি, কয়লা, জলজীৱন মিচনৰ কেলেংকাৰীৰ কথা শুনো, আৰু কেতিয়াবা নাৰী কেলেংকাৰীৰ কথাও শুনো৷ যি দলে ‘বেটি বচাও, বেটী পঢ়াও’ শ্ল’গান দিয়ে সেই দলৰ নেতাই আজি নাৰীক অপমান কৰে৷ এগৰাকী লোকনিৰ্মাণ বিভাগৰ অভিযন্তা যোশিতা দাসে আত্মহত্যা কৰিছিল, সেই কথা সকলোৱে জানে৷ এইখন চৰকাৰে নাৰীক সন্মান নকৰে, নাৰীৰ হেঁচা প্ৰয়োগ কৰে৷ আজি অসম আৰক্ষীকো ব্যৱহাৰ কৰা হৈছে৷ কোনো মহিলাই গোচৰ লৈ গ’লে গোচৰ পঞ্জীয়ন নকৰে৷ আৰক্ষীক হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে যে গোচৰ পঞ্জীয়ন নকৰিব৷ তাৰ দ্বাৰা মহিলা গোচৰ পঞ্জীয়নৰ সংখ্যা কমি যাব৷ আজি অসম আৰক্ষীয়ে ৰাইজক সহায় কৰিব পৰা নাই৷ মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে৷ সেইকাৰণে ৰাইজে কৈছে যে আমি ওলাই আহিছো৷ আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিম৷ আজি অসমৰ মাটি এটা বিশেষ পৰিয়ালে লৈ গৈ আছে৷ ইতিহাসত লিখা আছে যে দেশতকৈ মামা ডাঙৰ নহয়৷ আমি আজি কৈছো যে দেশতকৈ মামী ডাঙৰ নহয়৷  আজি চৰকাৰী স্কুল বন্ধ কৰা হৈছে৷ চৰকাৰী হাস্পতালত সুবিধা নোহোৱা হৈছে৷

আনহাতে, নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ সন্দৰ্ভত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আজি মানুহৰ হাতত বিমান যাত্ৰা কৰিবলৈ টকা নাই৷ টিকটৰ দাম ২০-২৫ হাজাৰ৷ আৰু বিমান বন্দৰৰ চাহ একাপৰ দাম কল্পনাই কৰিব নোৱাৰি৷ সাধাৰণ লোকৰ বাবে বিমান যাত্ৰা ব্যায়বহুল হৈ পৰিছে৷ যেতিয়াই তেতিয়াই বিমান যাত্ৰা বাতিল হয়৷ ৰেল’ৱে ষ্টেচনতকৈ আজি দেশত বিমান বন্দৰৰ অৱস্থা বেয়া বুলিও কটাক্ষ কৰে গগৈয়ে।

উল্লেখ্য যে লখিপুৰত জিলাত প্ৰৱেশ কৰিয়েই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গৈয়ে পদুমণি থানত সেৱা লৈ আজিৰ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰে। যাত্ৰাৰ মাজতে প্ৰাক্তন সভাপতি ভূপেন বৰাক লগত লৈ সভাপতি গৌৰৱ গগৈয়ে লখিমপুৰ মেডিকেল কলেজো পৰিদৰ্শন কৰে। মেডিকেল কলেজ পৰিদৰ্শন কৰিবলৈ লোৱাৰ সময়তে শাসকীয় দল বিজেপিৰ একাংশ দুষ্কৃতিকাৰীয়ে গৌৰৱ গগৈ আৰু অন্যান্য কংগ্ৰেছ নেতা-কৰ্মীসকলক বাধা প্ৰদান কৰে। দুষ্কৃতিকাৰীয়ে মেডিকেল চৌহদতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত আক্ৰমণৰো অপচেষ্টা চলায়।

বিজেপি দলৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। কংগ্ৰেছ দলৰ উত্থানত শংকিত হৈয়ে বিজেপি দলে এনেকৈ কিছু লোকক নিয়োগ কৰি য’তে-ত’তে বাধা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে বৰাই। সন্ধিয়াৰ ভাগত গৌৰৱ গগৈ নেতৃত্বধানী পৰিৱৰ্তন যাত্ৰা লখিমপুৰৰ পানীগাঁৱলৈ যায়। ইয়াতে নিশাৰ ভাগত গৌৰৱ গগৈয়ে এক বিশাল জনসভাকো সম্বোধন কৰি যাত্ৰাৰ আজিৰ কাৰ্যসূচীৰ সামৰণই পেলাব। আজিৰ কাৰ্যসূচীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহান, সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ ৰাণী নৰহ, জ্যেষ্ঠ উপ-সভাপতি ঘন বুঢ়াগোহাঁই, জ্যেষ্ঠ নেতা ডাঃ জয়প্ৰকাশ দাসকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd