অন্ধবিশ্বাস আৰু আন সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে জনমত গঠনৰ বাবে অসম সাহিত্য সভাই ইয়াৰ আঞ্চলিক শাখাসমূহক অহা ৩০ জুনলৈকে সমাজৰ বিভিন্ন স্তৰত ‘ৰাইজ মেল’ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে।
‘’ ৰাজ্যখনৰ গ্ৰাম্যাঞ্চল, অতি ভিতৰুৱা অঞ্চলৰ লগতে জনজাতীয় অঞ্চলকে ধৰি বিভিন্ন অঞ্চলত শাখাসমূহক সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বৰ্তমান ৰাজ্যখনত চলি থকা পৰিস্থিতিলৈ লক্ষ্য ৰাখি অন্ধবিশ্বাস বিৰুদ্ধে আৰু ৰাইজৰ মনত বিজ্ঞান মনস্কতা গঢ়ি তোলাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে,’’-সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই এইদৰে কয়।
তেওঁ কয় যে ৰাজহুৱা সভাই অসমৰ জনসাধাৰণৰ বাবে সাংবিধানিক সুৰক্ষা দাবীৰ প্ৰতি ঐক্যমত গঠনৰ লগতে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সংস্কৃতি, ঐতিহ্য আৰু পৰিচয় সুৰক্ষিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব।
‘’সাহিত্য সভাৰ শেহতীয়া কৰ্ণধাৰ সমিতিৰ সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সভাৰ বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিসমূহে অহা ৩০ জুনলৈকে ৰাজ্যখনৰ সকলো জিলাতে সভাৰ আয়োজন কৰিব। একেসময়তে আমি এই সভাৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে জনমত গঠনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিম,’’-তেওঁ লগতে কয়।
সাহিত্য সভাই লগতে সমাজত বিশেষকৈ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে ৰাজ্যখনৰ বিভিন্ন সাহিত্যমূলক সংস্থাসমূহৰ মাজত সমন্বয়ক হিচাপে কাম কৰিব।
সাহিত্য সভাই লগতে সকলো চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ বাবে মাতৃভাষা তথা ৰাজ্য ভাষা বাধ্যতামূলক কৰাৰ দাবী উত্থাপন কৰিছে।