অহা কেইমাহমানৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মঙলবাৰে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ৬২,২৯৪.৭৮ কোটি টকাৰ এখন অন্তৱৰ্তীকালীন বাজেট বিধানসভাত উত্থাপন কৰে।
নিৰ্বাচনৰ পূৰ্বে তেওঁৰ এই শেষৰখন বাজেট ভাষণত নেওগে উল্লেখ কৰে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি বৰ্তমান সময়ত অসম ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে। সম্পূৰ্ণ বাজেটখন পাছ হোৱালৈকে চৰকাৰী কাম-কাজসমূহ সূচাৰুৰূপে চলাই নিবৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম কেইমাহমানৰ বাবে মুঠ ৬২,২৯,৪৭৮.৩০ লাখ টকাৰ এক ভোট অন একাউণ্টৰ প্ৰস্তাৱ আগবঢ়ায়।
৩৩ পৃষ্ঠাৰ বাজেট ভাষণত বিত্তমন্ত্ৰী অজন্তা নেওগে ভৱিষ্যদ্বাণী কৰে যে অসম ২০২৮ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্যত পৰিণত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। ৰাজ্য চৰকাৰে ইয়াৰ বাবে পূৰ্বে ২০৩০ চনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও এতিয়া নিৰ্ধাৰিত সময়তকৈ দুবছৰ পূৰ্বেই এই সফলতা অৰ্জন কৰাটো সম্ভৱ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। লগতে তেওঁ জানিবলৈ দিয়ে যে ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৪৫ শতাংশ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে একেটা সময়ছোৱাত দেশৰ ৰাষ্ট্ৰীয় বিকাশৰ হাৰ আছিল ২৯ শতাংশ, যাৰ তুলনাত অসমৰ অগ্ৰগতি যথেষ্ট উৎসাহজনক।
সাধাৰণ ৰাইজৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বিষয়ে উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা পাঁচ বছৰত ৰাজ্যখনৰ জনমূৰি আয় দুগুণতকৈও অধিক বৃদ্ধি পাইছে। ২০২০-২১ বৰ্ষত ৰাজ্যৰ জনমূৰি আয় আছিল ৮৬,৯৪৭ টকা আৰু ই ২০২৫-২৬ বৰ্ষত ১,৮৫,৪২৯ টকালৈ বৃদ্ধি পাইছে। এই ১১৩ শতাংশ বৃদ্ধিয়ে ৰাজ্যখনৰ সৰ্বাংগীণ অৰ্থনৈতিক উন্নয়নৰ এক উজ্জ্বল ছবি দাঙি ধৰিছে বুলি তেওঁ ভাষণত উল্লেখ কৰে।





