২০২৩ চনত আমেৰিকাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানী গ্ৰুপৰ বিৰুদ্ধে অনা বিত্তীয় অনিয়মৰ অভিযোগৰ পাছত এতিয়া আন্তৰ্জাতিক পৰ্যায়ত এক নতুন বিৰ্তকই গা কৰি উঠিছে। শেহতীয়াভাৱে ব্ৰিটিছ সংবাদ প্ৰতিষ্ঠান ফাইনেন্সিয়েল টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ইটালীৰ আটাইতকৈ ডাঙৰ বেংক ইণ্টেছা ছানপাওলোৱে আদানী গ্ৰুপৰ সৈতে ঘনিষ্ঠভাৱে জড়িত দুজন বিশেষ ব্যক্তিৰ বেংক একাউণ্টৰ ওপৰত তীব্ৰ নিৰীক্ষণ আৰু তদন্ত আৰম্ভ কৰিছে। এই ঘটনাটোৱে বিশেষভাৱে গুৰুত্ব লাভ কৰিছে কাৰণ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পাছতেই এই পদক্ষেপ লোৱা হৈছিল। তদন্তৰ আওতালৈ অহা ব্যক্তি দুজন হৈছে টাইৱানৰ ব্যৱসায়ী চাং চুং-লিং আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ নাছেৰ আলী শ্বাবান আহলি। এই দুয়োগৰাকী ব্যক্তিয়ে আদানী গ্ৰুপৰ বিভিন্ন ব্যৱসায়িক কাম-কাজৰ সৈতে জড়িত থকাৰ অভিযোগ বহুদিনীয়া।
প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি ইণ্টেছা ছানপাওলো বেংকে নিজৰ গ্ৰাহকসকলৰ তথ্য পৰীক্ষা কৰাৰ সময়ত এই দুয়োগৰাকী ব্যক্তিৰ লেনদেনত কিছুমান অস্বাভাৱিক দিশ বিচাৰি পাইছিল। বেংকৰ এক আভ্যন্তৰীণ স্মাৰকপত্ৰৰ তথ্য অনুসৰি চাঙৰ একাউণ্টত প্ৰায় এক বিলিয়ন ডলাৰ আৰু আহলিৰ হেজ ফাণ্ডত প্ৰায় দুই বিলিয়ন ডলাৰ জমা আছিল। এই বিপুল পৰিমাণৰ ধন সম্ভাৱ্যভাৱে আদানী গ্ৰুপৰ বিভিন্ন কোম্পানীত বিনিয়োগ কৰা হৈছিল বুলি বেংকে সন্দেহ প্ৰকাশ কৰিছে। বেংকৰ বিষয়াসকলে যেতিয়া এই সন্দৰ্ভত দুয়োগৰাকী ব্যক্তিক সোধা-পোছা কৰিছিল, তেতিয়া তেওঁলোকে হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ অস্বীকাৰ কৰি এক লিখিত বিবৃতিত স্বাক্ষৰ কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকৰ সম্পত্তি বৈধ পেছাদাৰী কামৰ জৰিয়তে আহৰণ কৰা হৈছে আৰু আদানী পৰিয়ালৰ ব্যৱসায়িক দক্ষতাৰ ওপৰত আস্থা ৰাখিয়েই তেওঁলোকে বিনিয়োগ কৰিছে।
কিন্তু ইমানৰ পাছতো ইটালীৰ বেংক কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে সন্তুষ্ট হোৱা নাছিল। তেওঁলোকে এই লেনদেনসমূহক সন্দেহজনক বুলি চিহ্নিত কৰিছিল আৰু জড়িত ব্যক্তি দুজনৰ ওপৰত কিছুমান বিশেষ বিত্তীয় নিষেধাজ্ঞা আৰোপ কৰিছিল। এই গোটেই বিষয়টোত বিনোদ আদানীৰ নামো সাঙোৰ খাই পৰিছে। বেংকৰ তদন্তত দেখা গৈছে যে ডুবাইৰ এটা ব্যক্তিগত বেংকৰ জৰিয়তে বিনোদ আদানী, চাং আৰু আহলি পৰস্পৰৰ সৈতে ব্যৱসায়িকভাৱে সংযোজিত আছিল। আনকি চাঙৰ একাউণ্টৰ পৰা বিনোদ আদানীৰ একাউণ্টলৈ পোনপটীয়া ধনৰ লেনদেন হোৱাৰ প্ৰমাণো পোৱা গৈছে। চাঙৰ বিৰুদ্ধে চুইজাৰলেণ্ডতো অনুৰূপ ধৰণৰ তদন্ত চলি আছে য’ত তেওঁক আদানী গ্ৰুপৰ এজন ছদ্মৱেশী সহযোগী হিচাপে সন্দেহ কৰা হৈছে।
এই নতুন তথ্যবোৰে হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ পুৰণি অভিযোগবোৰক পুনৰ চৰ্চালৈ আনিছে। অভিযোগ অনুসৰি আদানী গ্ৰুপে নিজৰ সহযোগীসকলৰ জৰিয়তে গোপনে নিজৰেই শ্বেয়াৰ ক্ৰয় কৰি শ্বেয়াৰ বজাৰত কৃত্ৰিমভাৱে মূল্য বৃদ্ধি কৰিছিল। যদিও ভাৰতৰ বজাৰ নিয়ন্ত্ৰক সংস্থা চেবিয়ে আদানী গ্ৰুপক এই সকলো অভিযোগৰ পৰা ইতিমধ্যে মুক্ত কৰিছে আৰু বৰ্তমান হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ অস্তিত্বও নাইকিয়া হৈছে, তথাপিও আন্তৰ্জাতিক সংবাদ মাধ্যমৰ এই প্ৰতিবেদনে পুনৰ নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে। দেশৰ তাপ শক্তি, বন্দৰ আৰু বিমানবন্দৰ খণ্ডৰ সৰ্ববৃহৎ ব্যক্তিগত প্ৰতিষ্ঠান আদানী গ্ৰুপে অৱশ্যে আৰম্ভণিৰে পৰাই এই সকলোবোৰ অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি অস্বীকাৰ কৰি আহিছে।





