• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডিমা হাছাও বিভাজনৰ প্ৰস্তাৱক লৈ তীব্ৰ ক্ষোভ! চৰকাৰক ৭২ ঘণ্টাৰ ‘আল্টিমেটাম’ সদৌ ডিমাছা ছাত্ৰ সন্থাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2026 11:47 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা তথা বৰ্তমানৰ ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবীৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ ডিমাছা ছাত্ৰ সন্থাই। বুধবাৰে বিয়লি সংগঠনটোৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত ছাত্ৰ সন্থাৰ সভাপতি আৰুজিত কেম্প্ৰাইয়ে স্পষ্ট কৰি দিয়ে যে সাম্প্ৰদায়িক ভিত্তিত ডিমা হাছাও জিলাৰ বিভাজন কোনো কাৰণতে মানি লোৱা নহ‘ব।

সভাপতিগৰাকীয়ে অভিযোগ কৰে যে ইণ্ডিজিনাছ পিপ‘লছ ফ’ৰামে সাম্প্ৰদায়িক ভিত্তিত জিলাখন বিভাজনৰ দাবী জনাই আহিছে। তেওঁ উল্লেখ কৰে যে, “যোৱা ১৩ ফেব্ৰুৱাৰীত দিছপুৰৰ জনতা ভৱনত ৰাজ্যৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে ইণ্ডিজিনাছ পিপ’লছ ফ’ৰাম, ইণ্ডিজিনাছ ষ্টুডেণ্টছ ফ’ৰাম আৰু ইণ্ডিজিনিয়াছ উইমেন ফ’ৰামৰ প্ৰতিনিধিৰ পৃথক জিলা গঠন সন্দৰ্ভত এক আলোচনা অনুষ্ঠিত হৈছিল। ইয়াৰ উপৰি, বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও এই তিনিটা সংগঠনৰ প্ৰতিনিধিৰ এখন বৈঠক অনুষ্ঠিত হয়। সদৌ ডিমাছা ছাত্ৰ সন্থাই দাবী জনাইছে যে এই দুয়োখন বৈঠকত হোৱা আলোচনাৰ সবিশেষ অহা ৭২ ঘণ্টাৰ ভিতৰত ৰাজহুৱা কৰিব লাগে।”

Apply Now

কেম্প্ৰাইয়ে সংবাদমেলত ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰৰ সৈতে অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত ডিমাছা জনগোষ্ঠীৰ কোনো প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হোৱা নাছিল। ভৱিষ্যতে পৃথক জিলা গঠনৰ বিষয়ত ইণ্ডিজিনাছ পিপ‘লছ ফ’ৰামৰ সৈতে চৰকাৰৰ কোনো বৈঠক অনুষ্ঠিত হ’লে তাত ডিমাছা জনগোষ্ঠীৰ ছাত্ৰ আৰু সামাজিক সংগঠনৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ দাবী জনায়।

ছাত্ৰ সংগঠনটোৱে চৰকাৰক সকীয়াই দি কয় যে যদি অহা শনিবাৰৰ ভিতৰত চৰকাৰে বৈঠকৰ সিদ্ধান্তসমূহ ৰাজহুৱা নকৰে, তেন্তে দেওবাৰে তেওঁলোকে পৰৱৰ্তী কাৰ্যপন্থা ঘোষণা কৰিব।

লগতে, ডিমাৰাজি ৰাজ্য গঠনৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত চৰকাৰে গুৰুত্ব নিদিয়া বুলিও তেওঁলোকে অভিযোগ কৰে। তেওঁলোকে কয় যে ডি এইছ ডি (DHD) ৰ দুয়োটা গোটৰ সৈতে চৰকাৰৰ স্বাক্ষৰিত বুজাবুজি চুক্তিৰ (MoS) বহুতো দফা আজিলৈকে কাৰ্যকৰী হোৱা নাই। এনে অৱস্থাত সাম্প্ৰদায়িক ভিত্তিত জিলা বিভাজনৰ যিকোনো চৰকাৰী চিন্তা-চৰ্চাক তীব্ৰ বিৰোধিতা কৰা হ’ব বুলি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে, ২০১০ চনৰ ৩০ মাৰ্চত তদানীন্তন কংগ্ৰেছ চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও কৰাৰ পিছৰে পৰাই ইণ্ডিজিনাছ পিপ’লছ ফ’ৰামে জিলাখনক দুভাগ কৰাৰ দাবীত আন্দোলন চলাই আহিছে। অতীতত এই দাবীৰ পৰিপ্ৰেক্ষিতত জিলাখনত ব্যাপক আইন-শৃংখলাজনিত পৰিস্থিতিৰো সৃষ্টি হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd