• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লেবাননত ইজৰাইলৰ বিমান আক্ৰমণ: হিজবুল্লাহৰ শীৰ্ষ নেতাকে ধৰি ১০ জন নিহত, ৫০ জন আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2026 1:34 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে লেবাননৰ বেকা উপত্যকাত ইজৰাইলৰ বিমান আক্ৰমণত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে ৫০ জন আহত হোৱাৰ কথা সংবাদ সংস্থাৰ সূত্ৰসমূহে নিশ্চিত কৰিছে।

ইজৰাইলৰ সেনাই দাবী কৰে যে তেওঁলোকে বালবেক অঞ্চলত হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি আক্ৰমণ চলাইছে।

Apply Now

যোৱা কেইটামান সপ্তাহৰ ভিতৰত পূব লেবাননত ইজৰাইলী আক্ৰমণৰ এইটো অন্যতম ৰক্তাক্ত আক্ৰমণ। এই আক্ৰমণৰ ফলত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত আমেৰিকাৰ মধ্যস্থতাত হোৱা সাময়িক যুদ্ধবিৰতি বিপদৰ মুখত পৰিল। দুয়োপক্ষই বাৰে বাৰে ইটোৱ সিটোক যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।

ইজৰাইলৰ সেনাই এক বিবৃতিত কয় যে তেওঁলোকে বালবেক অঞ্চলৰ হিজবুল্লাহ কমাণ্ড চেণ্টাৰত নিখুঁত আক্ৰমণ চলাইছে।

লেবাননৰ নিৰাপত্তা সূত্ৰই জনোৱা মতে নিহতসকলৰ ভিতৰত হিজবুল্লাহৰ এজন জ্যেষ্ঠ নেতা আছে। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত হিজবুল্লাহৰ কোনো আনুষ্ঠানিক বিবৃতি পোৱা হোৱা নাই।

এবছৰতকৈ অধিক সময় ধৰি চলি থকা সীমান্ত সংঘাতৰ অন্ত পেলাবলৈ ২০২৪ চনত আমেৰিকাৰ মধ্যস্থতাত হিজবুল্লাহ আৰু ইজৰাইলে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তিৰ মূল লক্ষ্য আছিল ইৰাণৰ সমৰ্থিত গোট হিজবুল্লাহৰ সামৰ্থ্য হ্ৰাস কৰা আৰু সংঘাত বন্ধ কৰা। কিন্তু এই চুক্তিৰ পিছৰে পৰা দুয়োপক্ষই ইটোৱে সিটোক যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।

হিজবুল্লাহৰ অস্ত্ৰ-শস্ত্ৰৰ মজুত নিয়ন্ত্ৰণৰ বাবে লেবানন চৰকাৰৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ বিষয়াসকলে হেঁচা বৃদ্ধি কৰি আহিছে। অৱশ্যে লেবাননৰ ৰাজনৈতিক নেতাসকলে সকীয়াই দিছে যে ইজৰাইলৰ ইমান বৃহৎ আক্রমণে ইতিমধ্যে অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে সংগ্ৰাম কৰি থকা দেশখনক আৰু অধিক অস্থিৰ কৰি তুলিব পাৰে।

একেদিনাই পৃথক অভিযানত ইজৰাইলে দক্ষিণ লেবাননৰ ছিডন চহৰৰ সমীপৰ আইন আল-হিলৱেহ শৰণাৰ্থী শিবিৰত আক্ৰমণ চলায়। ইজৰাইলী বাহিনীয়ে দাবী কৰে যে তাত হামাছৰ কমাণ্ড চেণ্টাৰ আছিল। কিন্তু হামাছে এই দাবী নাকচ কৰি কয় যে আক্ৰমণৰ স্থানটো শৰণাৰ্থী শিবিৰৰ নিৰাপত্তা ৰক্ষাৰ দায়িত্বত থকা যুটীয়া নিৰাপত্তা বাহিনীৰ এটা কাৰ্যালয়হে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd