• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৱধান পেটৰ সোঁফালে হোৱা বিষক কেৱল গেছ বা এচিডিটি বুলি নাভাবিব ই হ’ব পাৰে পিত্তথলীৰ পাথৰৰ লক্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2026 6:45 am
84
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণতে আমাৰ পেটৰ বিষ হ’লে আমি তাক এচিডিটি বা কোষ্ঠকাঠিন্য বুলি ভাবি ঘৰুৱা ঔষধ খাই আওকাণ কৰো। কিন্তু পেটৰ ওপৰৰ সোঁফালে হোৱা তীব্ৰ বিষ কেতিয়াবা পিত্তথলী বা গ’লব্লাডাৰৰ পাথৰৰ লক্ষণ হ’ব পাৰে। আমাৰ যকৃতে নিঃসৰণ কৰা পিত্ত ৰস পিত্তথলীত জমা হৈ থাকে আৰু ই পাচন প্ৰক্ৰিয়াত সহায় কৰে। কিন্তু যদি আমাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস সঠিক নহয় তেন্তে এই পিত্ত ৰস ক্ৰমান্বয়ে ঘন হৈ কঠিন পাথৰৰ দৰে হৈ পৰে। বিশেষকৈ খাদ্যত অধিক চৰ্বি আৰু শৰ্কৰাৰ ব্যৱহাৰ, আঁহযুক্ত খাদ্যৰ অভাৱ, মেদবহুলতা আৰু শাৰীৰিক পৰিশ্ৰম নকৰাৰ বাবে পিত্তত ক’লেষ্টৰেলৰ পৰিমাণ বৃদ্ধি পায় আৰু ই পাথৰ গঠনত অৰিহণা যোগায়। এই সমস্যাই পৰৱৰ্তী সময়ত পিত্তথলীৰ কৰ্কট ৰোগৰ দৰে ভয়াৱহ পৰিস্থিতিও সৃষ্টি কৰিব পাৰে।

পিত্তথলী আমাৰ যকৃতৰ পিছফালে থকা এখন সৰু মোনাৰ দৰে অংগ যি পাচন এনজাইমবোৰ ধৰি ৰাখে। আমি আহাৰ গ্ৰহণ কৰাৰ পিছত পিত্তথলীয়ে এই ৰস ক্ষুদ্ৰান্ত্ৰলৈ পঠিয়াই দিয়ে যাৰ দ্বাৰা খাদ্য হজম হয়। কিন্তু যদি পিত্তথলীখন সঠিকভাৱে খালী নহয় তেন্তে তাত থকা ক’লেষ্টৰেল স্ফটিকীয় হৈ পাথৰৰ ৰূপ লয়। বিশেষজ্ঞসকলৰ মতে পুৰুষতকৈ মহিলাসকল এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু উচ্চ ক’লেষ্টৰেল থকা লোকসকলৰ ক্ষেত্ৰত এই আশংকা অধিক থাকে। কেতিয়াবা এই পাথৰৰ বাবে পিত্তনলী বন্ধ হৈ পৰিব পাৰে যাৰ ফলত জণ্ডিছ বা অগ্নাশয়ৰ প্ৰদাহ অৰ্থাৎ পেংক্ৰিয়েটাইটিছৰ দৰে মাৰাত্মক সমস্যাৰ সৃষ্টি হয়।

Apply Now

পিত্তথলীৰ পাথৰ হ’লে শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। পেটৰ সোঁফালে অসহ্যকৰ বিষ হোৱাৰ লগতে বমি বমি ভাব, ভোক কমি যোৱা আৰু সঘনাই গেছ বা এচিডিটি হোৱা ইয়াৰ প্ৰাথমিক লক্ষণ। যদি পাথৰৰ বাবে পিত্তৰ প্ৰবাহ বন্ধ হয় তেন্তে জ্বৰ, শৰীৰৰ বিষ আৰু চকু-মুখ হালধীয়া পৰা দেখা যায় যাক অব্ষ্ট্ৰাক্টিভ জণ্ডিছ বুলি কোৱা হয়। যিসকল মহিলাই জন্ম নিয়ন্ত্ৰণৰ বড়ি ব্যৱহাৰ কৰে বা যিসকলে অতিমাত্ৰা জাংক ফুড আৰু চেনি খায় তেওঁলোকৰ ক্ষেত্ৰত এই ৰোগৰ সম্ভাৱনা বেছি। লগতে অতিৰিক্ত ওজন আৰু যকৃতৰ পুৰণি ৰোগ থাকিলেও পিত্তথলীত পাথৰ হ’ব পাৰে।

এই সমস্যাৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰাটো অতি জৰুৰী। চাহ, কফি, ধূমপান আৰু মদ্যপানৰ পৰা আঁতৰত থকাৰ লগতে দৈনিক পুৱা খালী পেটত কুহুমীয়া পানীৰ সৈতে নেমুৰ ৰস খালে উপকাৰ পোৱা যায়। ভিটামিন চি যুক্ত খাদ্য আৰু সেউজীয়া শাক-পাচলিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু ক’লেষ্টৰেল নিয়ন্ত্ৰণত সহায় কৰে। খাদ্য তালিকাত ভজা-পোৰা আৰু ৰেড মীটৰ পৰিমাণ কমাই থলুৱা পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ উপৰি দৈনিক অতি কমেও ৩০ মিনিট খোজ কঢ়া আৰু যোগাসন কৰিলে পিত্তথলীৰ পাথৰৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd