উত্তৰ প্ৰদেশৰ মীৰাটত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ৰেডিমেড কাপোৰৰ ব্যৱসায়ীৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৫টা শিশুসহ ৬ জন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।
সোমবাৰে মাজ নিশা মীৰাটৰ লিছাৰী গেট থানা এলেকাৰ কিদৱাই নগৰৰ ৩ নং ষ্ট্ৰীটত সংঘটিত হয় এই ঘটনা। এই ঘটনাত আৰু দুজন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা বুলি জানিব পৰা গৈছে। তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
অনুমান কৰা হৈছে যে সোমবাৰে নিশা ৮:৩০ৰ পৰা ৯ বজাৰ ভিতৰত কিদৱাই নগৰৰ নিবাসী ইকবাল আনছাৰীৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি ঘৰৰ তলৰ মহলাত এটা কাপোৰৰ গুদাম আছিল। প্ৰথমে তাতেই জুই লাগে। গুদামত মজুত থকা কাপোৰৰ বৃহৎ পৰিমাণৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰে। দ্বিতীয় মহলাৰ বাসিন্দাসকলে কিবা উপলব্ধি কৰাৰ আগতেই জুইয়ে চিৰিৰ ওচৰ পায়গৈ আৰু ঘৰটো ধোঁৱাৰে ভৰি পৰে। ফলত ঘৰটোৰ বাসিন্দাসকল দ্বিতীয় মহলাত আবদ্ধ হৈ পৰে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ সময়ত ইকবালে ভাতৃৰ সৈতে ওচৰৰ মছজিদত নামাজ পঢ়িবলৈ গৈছিল। ইকবালৰ পত্নী ৰুখছাৰ (৩০) আৰু তেওঁৰ তিনিটা সন্তান আকদাছ (৩), যমজ কন্যা নবিয়া আৰু ইনায়েত (৬ মাহ) ঘৰত আছিল। ভাগিন হাম্মাদ (৪) আৰু ভাগিনিয়েক মাহবিশো (১২)ও তাত আছিল।
তীব্ৰ জুইৰ শিখাৰ মাজত আবদ্ধ হৈ পৰে ঘৰত উপস্থিত মহিলা আৰু শিশুসকল। জুই আৰু ধোঁৱাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে দ্বিতীয় মহলাৰ এটা কোঠাত প্ৰৱেশ কৰি খিলি মাৰি লয়। কিন্তু সেইটোৱে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰিলে।
আৰক্ষীয়ে জনোৱা মতে, জুই চিৰিৰ ওচৰ পোৱাত মহিলা দুগৰাকী আৰু পাঁচটা শিশু তললৈ নামিব নোৱাৰিলে। ধোঁৱা আৰু জুইৰ পৰা হাত সাৰিবলৈ ঘৰত প্ৰৱেশ কৰাৰ কৌশল কামত নাহিল। বৰঞ্চ অলপ সময়ৰ ভিতৰতে সেই কোঠাটোলৈও জুই বিয়পি পৰে আৰু পাঁচটা শিশুসহ এগৰাকী মহিলা জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। গুৰুতৰভাৱে আহত আন এগৰাকী মহিলাক উদ্ধাৰ কৰা হয়।
চুবুৰীয়াই ঘৰৰ পৰা জুই আৰু ধোঁৱা ওলোৱা দেখি লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে বহু প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
যিহেতু ঘৰটো অতি সংকীৰ্ণ লেনৰ ভিতৰত আছিল, সেয়েহে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছিল। অগ্নিকাণ্ডত আবদ্ধ হৈ থকা বাসিন্দাসকলক উদ্ধাৰৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় স্থানীয় ৰাইজো। প্ৰত্যক্ষদৰ্শীয়ে কয় যে জুইৰ তীব্ৰতা ইমানেই তীব্ৰ আছিল যে কোনেও আগবাঢ়িব পৰা নাছিল। পানীৰে জুই নিৰ্বাপনৰ চেষ্টা চলোৱাৰ পাছতো ক্ৰমান্বয়ে জুইৰ তীব্ৰতা বৃদ্ধি পায়।
অগ্নিনিৰ্বাপক বাহিনীৰ এঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে ওচৰৰ ঘৰটোৰ চাদ ব্যৱহাৰ কৰি অগ্নিনিৰ্বাপক বাহিনীয়ে ঘৰটোত প্ৰৱেশ কৰি বাসিন্দাসকলক উদ্ধাৰ কৰে। সকলোকে অচেতন অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে পাঁচোটা শিশুকে মৃত ঘোষণা কৰে। পিছত এগৰাকী আহত মহিলাৰ মৃত্যু হয়।
দুৰ্ঘটনাটোত নিহত হয় ৰুখছাৰ (৩০), আকদাছ (৩), নবিয়া (৬ মাহ), ইনায়েত (৬ মাহ), মাহবিশ (১২) আৰু হাম্মাদ (৪)। মৰ্মান্তিক ঘটনাটোৰ বাবে অঞ্চলটোত শোকৰ ছাঁ পৰিছে। প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।





