কেৰালা ৰাজ্যৰ নাম সলনি কৰি কেৰালাম কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে এতিয়া দেশৰ ৰাজধানী দিল্লীৰ নাম সলনি কৰাৰ বাবেও জোৰদাৰ দাবী উত্থাপন হৈছে। দিল্লীৰ নাম সলনি কৰি ইন্দ্ৰপ্ৰস্থ ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন জনাইছে বিজেপি সাংসদ প্ৰবীণ খাণ্ডেলৱালে। চান্দনীচক সমষ্টিৰ এইগৰাকী সাংসদে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তালৈ পত্ৰ লিখি এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।
সাংসদগৰাকীয়ে তেওঁৰ পত্ৰখনত উল্লেখ কৰিছে যে ইন্দ্ৰপ্ৰস্থ নামটোৱে দেশৰ ৰাজধানীৰ ঐতিহাসিক শিপা আৰু সভ্যতাৰ প্ৰকৃত পৰিচয় পুনৰ ঘূৰাই আনিব। তেওঁৰ মতে প্ৰাচীন সাহিত্য আৰু প্ৰত্নতাত্ত্বিক গৱেষণাই প্ৰমাণ কৰে যে দিল্লীৰ প্ৰকৃত ঐতিহাসিক নাম আছিল ইন্দ্ৰপ্ৰস্থ। মহাভাৰতৰ বৰ্ণনা অনুসৰি ইন্দ্ৰপ্ৰস্থ আছিল পাণ্ডৱসকলৰ ৰাজধানী যি যমুনা নদীৰ পাৰত অৱস্থিত এখন অতি ধুনীয়া চহৰ আছিল। বৰ্তমানৰ দিল্লীৰ ভৌগোলিক অৱস্থান সেই প্ৰাচীন চহৰখনৰ সৈতে ইয়াৰ সাদৃশ্য আছে। সেয়েহে বৰ্তমানৰ নামটোৱে চহৰখনৰ প্ৰাচীন ঐতিহ্যক সঠিকভাৱে প্ৰতিফলিত নকৰে বুলি তেওঁ মত প্ৰকাশ কৰে।
প্ৰবীণ খাণ্ডেলৱালে তেওঁৰ দাবীক যুক্তিপূৰ্ণ কৰি তুলিবলৈ পুৰণা কিলাত হোৱা প্ৰত্নতাত্ত্বিক খননৰ উদাহৰণ দাঙি ধৰিছে। তেওঁ কয় যে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ সংস্থাই চলোৱা খননত প্ৰায় এক হাজাৰ বছৰ খ্ৰীষ্টপূৰ্বৰ প্ৰাচীন বসতিৰ প্ৰমাণ পোৱা গৈছে। সেই ঠাইত মহাভাৰতৰ যুগৰ মাটিৰ পাত্ৰও উদ্ধাৰ হৈছে যিয়ে ইন্দ্ৰপ্ৰস্থৰ ঐতিহাসিক অৱস্থিতিক স্বীকৃতি প্ৰদান কৰে। বৰ্তমানৰ দিল্লী যি স্থানত অৱস্থিত তাতেই এসময়ত ইন্দ্ৰপ্ৰস্থ নগৰী আছিল বুলি তেওঁ দাবী কৰিছে। ইয়াৰ উপৰি দিল্লীত পাণ্ডৱসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰি নতুন প্ৰজন্মক নিজৰ সংস্কৃতিৰ সৈতে চিনাকি কৰি দিবলৈও তেওঁ চৰকাৰক আহ্বান জনাইছে।
মন কৰিবলগীয়া যে শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে কেৰালা চৰকাৰৰ নাম সলনিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ পাছতে পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়েও তেওঁৰ ৰাজ্যৰ নাম বংগ কৰিবলৈ দাবী জনাইছে। এনে এক পৰিৱেশৰ মাজতে দিল্লীৰ নাম ইন্দ্ৰপ্ৰস্থ কৰিবলৈ বিজেপি সাংসদগৰাকীয়ে জনোৱা এই দাবীয়ে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। যদিহে এই প্ৰস্তাৱ কাৰ্যকৰী হয় তেন্তে ভাৰতৰ ৰাজধানীয়ে ইয়াৰ পৌৰাণিক পৰিচয় পুনৰ লাভ কৰিব বুলি একাংশই আশা প্ৰকাশ কৰিছে।





