অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত তিনিখনকৈ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা বিশিষ্ট কবি হৰেকৃষ্ণ ডেকা আৰু নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ লগতে চি পি আই (এম) আৰু চি পি আই দলেও মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে পৃথককৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
আজিৰ শুনানিত আবেদনকাৰীৰ হৈ দেশৰ তিনিজন জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভী, চন্দৰ উদয় সিং আৰু মীনাক্ষী অৰোৰা উপস্থিত থাকে। তেওঁলোকে আদালতত দীৰ্ঘসময় ধৰি নিজৰ বক্তব্য দাঙি ধৰে। অধিবক্তাসকলৰ যুক্তি শুনাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰে। ন্যায়ালয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক আনুষ্ঠানিক জাননী জাৰি কৰাৰ নিৰ্দেশ দিয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২০২৬ চনৰ এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত অৰ্থাৎ ব’হাগ বিহুৰ পাছত অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে এই আবেদনকাৰীসকলে ইয়াৰ পূৰ্বে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। যোৱা ১৬ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিছিল। সেই সময়ত উচ্চতম ন্যায়ালয়ে আবেদনকাৰীসকলক পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ অহাৰ পৰিৱৰ্তে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ পৰামৰ্শ দিছিল। ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ৰ ক্ষমতা আৰু মৰ্যাদাক সন্মান জনাই সৰ্বোচ্চ ন্যায়ালয় কৰা অনুৰোধ মৰ্মে আবেদনকাৰীসকল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।
আবেদনকাৰীসকলৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ মিঞা মুছলমানসকলক লক্ষ্য কৰি দিয়া মন্তব্যই সমাজত বিভাজনৰ সৃষ্টি কৰাৰ আশংকা আছে। শেহতীয়াকৈ অসম প্ৰদেশ বিজেপিৰ চচিয়েল মিডিয়া একাউণ্টত প্ৰকাশ পোৱা এটা বিতৰ্কিত এনিমেটেড ভিডিঅ’ৰ প্ৰসংগও আবেদনত উল্লেখ কৰা হৈছে। এই ভিডিঅ’টোত এজন ব্যক্তিক গুলীওৱাৰ দৃশ্য দেখুওৱা হৈছিল বুলি আবেদনকাৰীয়ে আদালতক জনায়। তেওঁলোকে এই সমগ্ৰ বিষয়টোৰ নিৰপেক্ষ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল বা এছ আই টি গঠন কৰিবলৈও ন্যায়ালয়ৰ ওচৰত দাবী জনাইছে।





