• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মন্ত্ৰীসভাত অনুপস্থিত থকাৰ বাবে ‘অবাধ্য’ আই এ এছ বিষয়াক নিলম্বন মহাৰাষ্ট্ৰ চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2026 3:30 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰ চৰকাৰে শেহতীয়াকৈ কৰ্তব্যত গাফিলতি আৰু অবাধ্যতাৰ অভিযোগত এজন জ্যেষ্ঠ আই এ এছ বিষয়াৰ লগতে আন এজন উচ্চপদস্থ বিষয়াক নিলম্বন কৰিছে। ৰাজ্যিক পৰিৱেশ মন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত নথকাৰ বাবেই চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নিলম্বিত হোৱা বিষয়াসকলৰ ভিতৰত আছে ২০১১ চনৰ বেচৰ আই এ এছ বিষয়া তথা মহাৰাষ্ট্ৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সদস্য সম্পাদক এম দেৱেন্দ্ৰ সিং আৰু একেটা ব’ৰ্ডৰ যুটীয়া সঞ্চালক সতীশ পাৰভল। এজন মন্ত্ৰীক ৰাজহুৱা দায়বদ্ধতা পালনত বাধা দিয়াৰ বাবে এই পদক্ষেপ লোৱা বুলি চৰকাৰে জানিবলৈ দিছে।

ঘটনাটোৰ সূত্ৰপাত হৈছিল ২৬ ফেব্ৰুৱাৰীত চলি থকা বিধানসভা অধিৱেশনৰ সময়ত। চন্দ্ৰপুৰ জিলাৰ প্ৰদূষণ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বিষয়ৰ উত্তৰ দিবলৈ পৰিৱেশ মন্ত্ৰী পংকজা মুণ্ডেক কোৱা হৈছিল। সেই সন্দৰ্ভত তথ্য আহৰণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক এখন বৈঠকলৈ মাতিছিল। কিন্তু আচৰিত ধৰণে উক্ত বৈঠকত আই এ এছ বিষয়া সিং আৰু যুটীয়া সঞ্চালক পাৰভল উপস্থিত নাথাকিল। কেৱল এয়াই নহয়, বিষয়াগৰাকীয়ে নিজে উপস্থিত নাথাকিব বুলি ওলোটাই বাৰ্তা প্ৰেৰণ কৰিছিল। ইয়াৰ ফলত মন্ত্ৰীগৰাকীয়ে সদনত প্ৰদূষণ সম্পৰ্কীয় সঠিক তথ্য দাঙি ধৰিবলৈ নোৱাৰিলে।

Apply Now

পংকজা মুণ্ডেই এই সমগ্ৰ বিষয়টো বিধানসভাৰ মজিয়াত অৱগত কৰে। তেওঁ অভিযোগ কৰে যে আমোলাসকলৰ এনে আচৰণ আৰু অবাধ্যতাই এজন মন্ত্ৰীক জনসাধাৰণৰ ওচৰত জবাবদিহি হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে। এই অভিযোগক অতি গুৰুত্বসহকাৰে লৈ প্ৰ-টেম অধ্যক্ষ দিলীপ লেণ্ডেই বিষয়াসকলৰ অনুপস্থিতিক গুৰুতৰ গাফিলতি আৰু বিধায়িনী দলৰ প্ৰতি অপমান বুলি অভিহিত কৰে। অধ্যক্ষগৰাকীয়ে চৰকাৰক ২৪ ঘণ্টাৰ ভিতৰত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে আৰু তাৰ পাছতেই চৰকাৰে দুয়োগৰাকী বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰে।

অৱশ্যে এই ঘটনাই বৰ্তমান ৰাজ্যখনত প্ৰশাসন আৰু বিধায়িনী দলৰ মাজৰ ক্ষমতাৰ যুঁজক লৈ নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। বিধানসভাৰ নিৰ্দেশৰ পাছত চৰকাৰে কোনো আমোলাৰ বিৰুদ্ধে এনেদৰে তৎক্ষণাত ব্যৱস্থা ল’ব পাৰেনে নোৱাৰে তাক লৈও বিভিন্ন মহলত প্ৰশ্ন উঠিছে। মন্ত্ৰীৰ নিৰ্দেশ অমান্য কৰাৰ পৰিণতি যে ভয়ংকৰ হ’ব পাৰে, এই ঘটনাই তাক পুনৰ প্ৰমাণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

July 19, 2026 11:23 am
জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

July 19, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd