পূৰ্ণ ৰাজ্যৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ দাবীত পুনৰ উত্তপ্ত হৈ পৰিছে লাডাখ। কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা আলোচনাৰ স্থবিৰতা, বিশিষ্ট জলবায়ু কৰ্মী সোণম ৱাংচুকৰ দীৰ্ঘ সময় আটক কৰি ৰখা আৰু যোৱা বছৰৰ ছেপ্টেম্বৰত সংঘটিত হিংসাত্মক ঘটনাৰ ন্যায়িক তদন্তত হোৱা বিলম্বৰ তীব্ৰ প্ৰতিবাদ জনাই ‘লেহ এপেক্স বডী’য়ে (LAB) অহা ১২ মাৰ্চত লেহত এক বিশাল শান্তিপূৰ্ণ সমদলৰ আহ্বান জনাইছে।
সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি লেহ এপেক্স বডীৰ সহ-সভাপতি চেৰিং দৰ্জেই জানিবলৈ দিয়ে যে ১২ মাৰ্চৰ এই শান্তিপূৰ্ণ সমদলটোৱে ৰাইজৰ ব্যাপক সমৰ্থন প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে, যোৱা ২০২৫ চনৰ ১৪ ছেপ্টেম্বৰত লেহত অনুষ্ঠিত হোৱা এক বিশাল প্ৰতিবাদী সমদলত আৰক্ষীৰ গুলীচালনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৮০ জনৰো অধিক লোক আহত হৈছিল। তাৰ পিছত এইটোৱেই হ’ব সংগঠনটোৰ আটাইতকৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। সেয়েহে, এই বিশাল সমদলত লাডাখৰ ইমূৰৰ পৰা সিমূৰলৈকে সৰ্বস্তৰৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈ লেহ এপেক্স বডীয়ে আহ্বান জনাইছে।
দৰ্জেই লগতে উল্লেখ কৰে যে একেটা দিনতে কাৰ্গিলতো ‘কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্স’ৰ (KDA) উদ্যোগত অনুৰূপ এক শান্তিপূৰ্ণ সমদল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু এই সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে কে ডি এৰ নেতাসকলৰ সৈতে যোগাযোগ কৰিছে। এই প্ৰসংগত কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্সৰ সহ-সভাপতি আছগৰ কাৰবালায়ে কয় যে ১২ মাৰ্চত কাৰ্গিলত বিশাল প্ৰতিবাদী সমদল অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ তেওঁলোকে কাইলৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। উল্লেখ্য যে লেহ আৰু কাৰ্গিল জিলাৰ বিভিন্ন ৰাজনৈতিক, সামাজিক, ব্যৱসায়িক আৰু ধৰ্মীয় সংগঠনৰ এক উমৈহতীয়া মঞ্চ হিচাপে লেহ এপেক্স বডী আৰু কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্সে লাডাখৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ দাবীত যুটীয়াভাৱে এই আন্দোলনৰ নেতৃত্ব দি আহিছে।
কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ অকাৰণতে আলোচনা বিলম্ব কৰা বুলি অভিযোগ উত্থাপন কৰিছে লেহ এপেক্স বডীয়ে। সংগঠনটোৰ সহ-সভাপতি চেৰিং দৰ্জেই ক্ষোভ প্ৰকাশ কৰি কয় যে যোৱা ৪ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকৰ পিছত আজিলৈকে কোনো নতুন পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হোৱা নাই। তেওঁ এই সন্দৰ্ভত কয়, “আমি পৰৱৰ্তী পৰ্যায়ৰ আলোচনাৰ বাবে আমন্ত্ৰণৰ আশা কৰি আছিলো, কিন্তু কেন্দ্ৰীয় চৰকাৰে দুৰ্ভাগ্যজনকভাৱে লাডাখৰ ৰাজ্যৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ দৰে মূল বিষয়সমূহৰ ওপৰত আলোচনাত পলম কৰিছে।”





