ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ বিভিন্ন প্ৰান্তত চলি থকা তীব্ৰ গৰমক লৈ সতৰ্কবাণী জাৰি কৰিছে। বিশেষকৈ বুধবাৰে ভাৰতৰ পশ্চিম আৰু উত্তৰ দিশৰ ৰাজ্যসমূহত স্বাভাৱিকতকৈ অতি বেছি তাপমাত্ৰা পৰিলক্ষিত হৈছে। গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কচ্ছ অঞ্চলৰ লগতে মহাৰাষ্ট্ৰৰ বিদৰ্ভত বৰ্তমান তীব্ৰ গৰম বতাহৰ প্ৰকোপ চলি আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীৰ দৰে ঠাইত তাপমাত্ৰা স্বাভাৱিকতকৈ ৫.১ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে।
ৰাজস্থান, পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু মধ্য প্ৰদেশতো গৰমৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ উপৰিও কোংকন, গোৱা আৰু ছত্তীশগড়ৰ দৰে অঞ্চলতো অস্বাভাৱিক গৰম অনুভৱ কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই যোৱা ফেব্ৰুৱাৰী মাহতে ভৱিষ্যতবাণী কৰিছিল যে এইবাৰ মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত দেশৰ বেছিভাগ অংশতে স্বাভাৱিকতকৈ অধিক দিনৰ বাবে তীব্ৰ গৰম অনুভূত হ’ব।
গুজৰাটৰ আহমেদাবাদ আৰু গান্ধীনগৰত বুধবাৰে তাপমাত্ৰা স্বাভাৱিকতকৈ প্ৰায় ৬ৰ পৰা ৭ ডিগ্ৰী চেলচিয়াছ অধিক আছিল। অহা ১৩ মাৰ্চ পৰ্যন্ত গুজৰাটৰ বিভিন্ন স্থানত এনে ধৰণৰ গৰম অব্যাহত থকাৰ সম্ভাৱনা আছে। বিশেষকৈ ১২ আৰু ১৩ মাৰ্চত কচ্ছ আৰু সৌৰাষ্ট্ৰৰ বহু ঠাইত অতি তীব্ৰ গৰম হ’ব পাৰে বুলি জানিব পৰা গৈছে।
কেৱল পশ্চিম বা উত্তৰ ভাৰততে নহয়, পূব ভাৰতৰ অসম আৰু মেঘালয়তো তাপমাত্ৰা স্বাভাৱিকতকৈ যথেষ্ট বৃদ্ধি পাইছে। একেদৰে জম্মু-কাশ্মীৰ আৰু লাডাখৰ দৰে পাহাৰীয়া অঞ্চলতো গৰমৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত জনসাধাৰণক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।




