মধ্যপ্ৰাচ্যত চলি থকা সংঘাত ক্ৰমান্বয়ে জটিল হৈ পৰিছে। ইৰাকত দুৰ্ঘটনাগ্ৰস্ত হৈছে আমেৰিকাৰ এখন সামৰিক বিমান। এই ঘটনাত বিমানখনত থকা ৬ গৰাকী আমেৰিকান জোৱানৰ মৃত্যু হৈছে। কিন্তু এই ঘটনাটো দুৰ্ঘটনা নে আক্ৰমণৰ পৰিণতি সেই লৈ এতিয়াও বিভ্ৰান্তিৰ ৰৈছে।
ইৰাকত সক্ৰিয় ইৰাণ সমৰ্থিত এটা প্ৰতিৰোধী সংগঠনে দাবী কৰিছে যে তেওঁলোকে বিমানখন গুলীয়াই ভূপতিত কৰিছে। অৱশ্যে এই ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে মাৰ্কিন চেণ্ট্ৰেল কমাণ্ডে।
নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি বয়িং নিৰ্মিত কেচি-১৩৫ সামৰিক টেংকাৰখন ইৰাণৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ অভিযানৰ অংশ আছিল। প্ৰথম অৱস্থাত আমেৰিকাৰ সেনাই দাবী কৰিছিল যে বিমানখন শত্ৰুৰ আক্ৰমণ বা বন্ধুত্বপূৰ্ণ গুলীবৰ্ষণৰ বলি হোৱাৰ কোনো প্ৰমাণ এতিয়াও পোৱা নাই।
কেচি-১৩৫ মূলতঃ এয়াৰ ৰিফিউলিং টেংকাৰ, যিয়ে আকাশত থকা যুদ্ধ বিমানক ইন্ধন যোগান ধৰে। ইয়াৰ ফলত যুদ্ধবিমানসমূহে দীৰ্ঘ দূৰত্বত চলাচল কৰিব পাৰে। ১৯৬০ চনৰ পৰাই আমেৰিকাৰ বায়ুসেনাৰ কৌশলগত শক্তিৰ মূল অংশ হিচাপে এই বিমানখনে গুৰুত্ব লাভ কৰি আহিছে।
বিষয়াসকলে জনোৱা মতে, বৰ্তমানৰ সংঘাত আৰম্ভ হোৱাৰ পিছত ভূপতিত হোৱা বুলি দাবী কৰা এইখন আমেৰিকাৰ চতুৰ্থখন বিমান, য’ত কমেও ১৩ জন আমেৰিকাৰ সেনাৰ মৃত্যু হৈছে।
আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, ইৰাকত নিয়োজিত আন এখন কেচি-১৩৫ বিমানক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল যদিও বিমানখন নিৰাপদে উৰি যাবলৈ সক্ষম হয়।
শুকুৰবাৰে তুৰস্কৰ ইনচিৰলিক বিমান ঘাটিৰ সমীপত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়। তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে নাটোৰ এয়াৰ ডিফেন্সে ইৰাণৰ এটা বেলিষ্টিক মিছাইল আকাশৰ মাজতে ধ্বংস কৰি পেলাইছে।
ইয়াৰ পূৰ্বে ৪ মাৰ্চ আৰু ৯ মাৰ্চত একেটা অঞ্চলতে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল। নাটোৱে কয় যে ই আঞ্চলিক নিৰাপত্তা পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ বৃদ্ধি কৰিছে।
ইৰাকত থকা ফ্ৰান্সৰ সামৰিক ঘাটিত ড্ৰ’ন আক্ৰমণত এজন ফৰাচী জোৱান নিহত হোৱাৰ লগতে আন ছয়জন আহত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। ২০১৫ চনৰ পৰা এই অঞ্চলত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বাবে মোতায়েন কৰা হৈছে ফ্ৰান্সৰ সৈন্য। চলি থকা সংঘাতত এইজনেই প্ৰথম ইউৰোপীয় সৈনিকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে।
তেহৰাণ, শ্বিৰাজ আৰু আহভাজ চহৰত একাধিক বিস্ফোৰণৰ বাতৰি পোৱা গৈছে। দাবী কৰা হৈছে যে এই বিস্ফোৰণসমূহ আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ সময়ত সংঘটিত হৈছে। ইজৰাইলে দাবী কৰিছে যে যোৱা ২৪ ঘণ্টাত ইৰাণৰ প্ৰায় ২০০ টা লক্ষ্যত আক্ৰমণ কৰিছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অভিযানত এতিয়ালৈকে প্ৰায় ১৫ হাজাৰ টাৰ্গেটত আঘাত হানিছে বুলি দাবী কৰিছে আমেৰিকান পক্ষই।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মোজতাবা খামেনেইক তীব্ৰ সমালোচনা কৰিছে। তেওঁ অভিযোগ কৰে যে খামেনেই ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ প্ৰভাৱত আছে। একে সময়তে তেওঁ ইংগিত দিছে যে ইজৰাইলে প্ৰয়োজন হ’লে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
ইপিনে, প্ৰতিশোধমূলক আক্ৰমণত ইৰাণে ৫০খনতকৈও অধিক ড্ৰ’ন নিক্ষেপ কৰা বুলি দাবী কৰা হৈছে। ওমানত দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। বাহৰেইনৰ এটা ঔদ্যোগিক এলেকাত বিস্ফোৰণৰ ধোঁৱা দেখা গৈছে ।
ডুবাইত এখন ড্ৰ’ন আটক কৰা হয় আৰু ছৌদি আৰবেও নিজৰ আকাশমাৰ্গত একাধিক ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰা বুলি দাবী কৰে।
আনহাতে, লেবাননত হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত সংঘৰ্ষ তীব্ৰতৰ হৈ পৰিছে। উত্তৰ ইজৰাইলত হিজবুল্লাহৰ ৰকেট আক্ৰমণত কমেও ৬০ জন লোক আহত হয়। সেইদৰে, বেইৰুটত ইজৰাইলৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। ইজৰাইল সেনাই জনোৱা মতে, লেবাননৰ তিনিখন দলং ধ্বংস হৈছে, যিবোৰ দলং অস্ত্ৰ যোগানৰ পথ বুলি সন্দেহ কৰা হৈছে।




