• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰামকৃষ্ণ তালুকদাৰ, জগন্নাথ বায়ন আৰু নুৰুদ্দিন আহমেদলৈ সংগীত-নাটক অকাডেমি বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2018 8:47 am
RamkrishnaTalukdar
671
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ এজন আগশাৰীৰ সত্ৰীয়া নৃত্যশিল্পী তথা সত্ৰীয়া নৃত্যৰ শিক্ষক ৰামকৃষ্ণ তালুকদাৰ, সত্ৰীয়া শিল্পী তথা খোলবাদক জগন্নাথ বায়ন আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈ আগ বঢ়োৱা হৈছে ২০১৭ বৰ্ষৰ গৌৰৱময় সংগীত-নাটক অকাডেমি বটাঁ।

নিজৰ নিজৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া সাধনাৰে কলা-সংস্কৃতিৰ জগতলৈ উল্লেখযোগ্য অৱদান আগ বঢ়াই অহা তিনিওজন বিশিষ্ট ব্যক্তিলৈ এই বিৰল স্বীকৃতি আগ বঢ়োৱা কথাটোৱে গৌৰৱিত কৰিছে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ লোকক।

সত্ৰীয়া নৃত্যশিল্পী ৰামকৃষ্ণ তালুকদাৰৰ জন্ম হৈছিল বৰপেটা জিলাৰ পাঠশালাত। তেওঁ সৰুৰে পৰাই সত্ৰীয়া নৃত্যৰ শিক্ষা লৈছিল আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সত্ৰীয়া নৃত্যৰ ডিগ্ৰীও লাভ কৰিছিল।

তালুকদাৰে নিজে নৃত্যৰ চৰ্চা কৰাৰ উপৰি নিয়মীয়াকৈ নৃত্যৰ প্ৰশিক্ষণো প্ৰদান কৰি আহিছে। ইয়াৰোপৰি তেওঁ নৃত্য সম্পৰ্কীয় এখন গ্ৰন্থও লিখি উলিয়াইছে।

সংগীত-নাটক অকাডেমি বটাঁ পোৱা আন এজন সত্ৰীয়া শিল্পী তথা খোলবাদক জগন্নাথ বায়নৰো ঘৰ বৰপেটাতে।  তেওঁ সৰুৰে পৰা বিভিন্নজনৰ পৰা খোলবাদন শিকি পৰৱৰ্তী কালত অতি দক্ষ খোলবাদক হিচাপে পৰিচিত হৈ উঠে। উচ্চ শৈলীৰে খোলবাদন কৰিব পৰা বাবেই তেওঁৰ নাম গোটেই বৰপেটাৰ লগতে বৰপেটাৰ বাহিৰতো জনাজাত হৈ পৰে।

জগন্নাথ বায়নে ২০০০ চনত ৰাজ্য চৰকাৰৰ পৰা শিল্পী পেন্সনো লাভ কৰিছিল। ইয়াৰোপৰি তেওঁক বৰপেটাৰ সত্ৰ শাখা সমাজে সত্ৰভূষণ উপাধিও প্ৰদান কৰিছিল। বৰ্তমান অসুস্থ হৈ থকা ৯৩ বছৰীয়া শিল্পীজন এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ লগে লগে বিভিন্ন স্থানৰ পৰা বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।

আনহাতে নুৰুদ্দিন আহমেদৰ জন্ম নলবাৰী জিলাত। তেওঁ মুম্বাইৰ জে কে কলেজ অব আৰ্টৰ পৰা কলা নিৰ্দেশনাৰ শিক্ষা গ্ৰহণ কৰিছিল। দীৰ্ঘদিনৰ পৰাই তেওঁ ৰাজ্যখনৰ চিনেমা, থিয়েটাৰ আদিত কলা নিৰ্দেশনাৰ কাম কৰি আহিছে। তেওঁৰ গুণগত কলা নিৰ্দেশনাই বহু প্ৰশংসা আৰু স্বীকৃতি তথা বঁটা-বাহন লাভ কৰিছে।

Recent News

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd