• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জুবিন ক্ষেত্ৰৰ অব্যৱস্থাপনাক লৈ পামী বৰঠাকুৰৰ আৱেগিক পোষ্ট, চৰকাৰী ব্যৱস্থাক লৈ প্ৰকাশ কৰিলে ক্ষোভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2026 12:26 pm
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱাক আজি ছমাহ সম্পূৰ্ণ হ’ল। শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্যক লৈ এতিয়াও ন্যায়ৰ অপেক্ষাত আছে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী। বিষয়টো বৰ্তমান আদালতৰ বিচাৰাধীন হৈ থকাৰ সময়তে আজি জুবিনক্ষেত্ৰত ভাগৱত পাঠ আৰু নাম-প্ৰসংগৰ জৰিয়তে তেওঁক স্মৰণ কৰা হৈছে। অৱশ্যে এই পবিত্ৰ দিনটোৰ সমান্তৰালকৈ জুবিনক্ষেত্ৰৰ বৰ্তমানৰ অৱস্থাক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ হোৱা মূষলধাৰ বৰষুণৰ ফলত জুবিনক্ষেত্ৰৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। চৰকাৰৰ তৰফৰ পৰা দিয়া তম্বুসমূহ উৱলি যোৱাত জুবিনক্ষেত্ৰত পানী পৰিবলৈ ধৰিছিল, যাৰ ফলত অনুৰাগীয়ে দিয়া বহু উপহাৰ নষ্ট হোৱাৰ উপক্ৰম হৈছিল। পৰৱৰ্তী সময়ত জুবিনৰ পৰিয়াল আৰু ফেন ক্লাবে মিলি কোনোমতে সেই স্থানত ত্ৰিপাল আঁৰি সকাহ দিয়াৰ ব্যৱস্থা কৰে। এই বিষয়টোৱে এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে।

Apply Now

এই ঘটনাক লৈ আৱেগিক হৈ পৰিছে শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰ। তেওঁ সামাজিক মাধ্যমত এটা দীঘলীয়া পোষ্ট দি চৰকাৰী ব্যৱস্থাক কঠোৰ সমালোচনা কৰিছে। পামী বৰঠাকুৰে লিখিছে যে জুবিনে কোনো চৰকাৰী বঁটা-বাহনৰ বাবে কেতিয়াও হেঁপাহ কৰা নাছিল, তেওঁ বিচাৰিছিল কেৱল মানুহৰ মৰম। তেওঁ সদায় জনতাৰ বিপদত থিয় হৈছিল আৰু অসমীয়াক এটা সাংস্কৃতিক ডোলেৰে বান্ধিছিল। ইমানখিনি কৰাৰ বিনিময়ত আজি জুবিনক্ষেত্ৰখন ৰক্ষা কৰিবলৈ পৰিয়ালৰ লোকে ত্ৰিপাল আঁৰিবলগীয়া হোৱাটো ব্যৱস্থাটোৰ চূড়ান্ত অৱহেলা আৰু বিফলতা বুলি তেওঁ উল্লেখ কৰিছে। সত্যৰ পৰা আমি এতিয়াও বহু দূৰত থকা বুলি আক্ষেপ কৰি তেওঁ জুবিনৰ প্ৰতি থকা অনাদৰৰ বিৰুদ্ধে এইদৰে ক্ষোভ প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm
কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

June 3, 2026 6:32 pm
৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

June 3, 2026 6:12 pm
Fact Check: দেশৰ ভঁৰালৰ পৰা ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিলে নেকি? স্পষ্টীকৰণ ৰিজাৰ্ভ বেংকৰ

Fact Check: দেশৰ ভঁৰালৰ পৰা ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিলে নেকি? স্পষ্টীকৰণ ৰিজাৰ্ভ বেংকৰ

June 3, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm
কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

June 3, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd