• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমৰ স্বাস্থ্য বাজেটৰ পৰা বছৰি ১৫০ কোটি টকা আত্মসাৎ কৰিছে কংগ্ৰেছে’-অমিত শ্বাহে উদঙালে হিমন্তৰ দুৰ্নীতি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2026 3:37 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰবাৰ নিৰ্বাচনমুখী অসমত লক্ষ্য কৰি লৈছে কংগ্ৰেছক। দেওবাৰে তেওঁ গুৱাহাটীত অভিযোগ কৰে যে অসমত কংগ্ৰেছৰ শাসনকালত প্ৰতি বছৰে স্বাস্থ্য খণ্ডৰ বাজেটৰ পৰা প্ৰায় ১৫০ কোটি টকা আত্মসাৎ কৰা হৈছিল।

ইয়াৰ পূৰ্বে অমিত শ্বাহে অনুপ্ৰৱেশৰ বিষয়ত কংগ্ৰেছক লক্ষ্য কৰি লৈছিল। নিৰ্বাচনৰ দিন ঘোষণাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ চৰকাৰী অনুষ্ঠানত অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ দলে অনুপ্ৰৱেশকাৰীক বৈধ, আনুষ্ঠানিক আৰু স্বাভাৱিক কৰি তুলিছে।

Apply Now

দেওবাৰে অমিত শ্বাহে গুৱাহাটীত প্ৰায় ২০৯২ কোটি টকাৰ বিভিন্ন স্বাস্থ্য প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ গুৱাহাটীত নৱনিৰ্মিত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল উদ্বোধন কৰে। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছৰ দিনত স্বাস্থ্যখণ্ডতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে কংগ্ৰেছে প্ৰতি বছৰে অসমৰ স্বাস্থ্য বাজেটৰ পৰা ১৫০ কোটি টকা আত্মসাৎ কৰি আহিছে। তেওঁ দাবী কৰে যে ২০০১ চনৰ পৰা ২০১৬ চনলৈ কংগ্ৰেছৰ ক্ষমতাত থকা সময়ত অসমৰ স্বাস্থ্য ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিছিল।

তেওঁ লগতে কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ স্বাস্থ্যসেৱা উন্নত কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ নেতাৰ পৰিয়ালৰ আৰ্থিক স্বাৰ্থ চোৱাচিতা কৰাত অধিক ব্যস্ত বুলিও অভিযোগ উত্থাপন কৰে। কিন্তু যোৱা কেইবছৰমানৰ পৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনত অসমৰ স্বাস্থ্যৰ আন্তঃগাঁথনিৰ যথেষ্ট পৰিৱৰ্তন হৈছে। এতিয়া গ্ৰামাঞ্চল আৰু দুৰ্গম গাঁৱৰ বাসিন্দাসকলে লাভ কৰিছে উন্নত মানৰ চিকিৎসা।

একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিবলৈ ওলাইছে বুলিও নিশ্চিত অমিত শ্বাহ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ভাষণৰ পিছতে বিভিন্ন মহলত বিষয়টোকলৈ সৰৱ চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ কংগ্ৰেছৰ শাসনকালত প্ৰতি বছৰে স্বাস্থ্য খণ্ডৰ বাজেটৰ পৰা প্ৰায় ১৫০ কোটি টকা আত্মসাৎ কৰা হৈছিল বুলি কোৱা কথাটোত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য অসমত কংগ্ৰেছ শাসনত থকা সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা ৮ বছৰ কাল স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৬ চনৰ পৰা ২০১৪ চনলৈ হিমন্ত বিশ্ব শৰ্মা অসমৰ স্বাস্থ্যমন্ত্ৰী আছিল।

বিভিন্ন সচেতন মহলৰ প্ৰশ্নটো হৈছে অমিত শ্বাহে কোৱা দৰে যদি কংগ্ৰেছে বছৰি ১৫০ কোটি আত্মসাৎ কৰিছে তেন্তে নিজৰ ৮ বছৰীয় কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাও সেই দুৰ্নীতিৰ অংশীদাৰ আছিল। সেইমতে, হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্যমন্ত্ৰী থকা কালত ১২০০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছিল।

কংগ্ৰেছৰ দুৰ্নীতি উদঙাবলৈ গৈ এইদৰে অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিকে উদঙালে বুলিও সৰৱ চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd