দেওবাৰে (১৯ এপ্ৰিল) সন্ধিয়া হোৱা প্ৰবল বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটীত ব্যাপক বানৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যহত হৈ পৰে।
মহানগৰীৰ হাতীগাঁও, ছয় মাইল, ৰুক্মিণীগাঁও, অনিল নগৰ, হেঙৰাবাৰী–গণেশগুৰি, বেলতলা-চাৰ্ভে পথৰ অংশকে ধৰি কেইবাটাও অঞ্চল গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। পথসমূহ ডুব যায়, বাহনসমূহ আবদ্ধ হৈ পৰাৰ লগতে ঘৰতো পানী প্ৰৱেশ কৰে।
ইপিনে, ধাৰাপুৰৰ পায়েল নাথ নামৰ এগৰাকী মহিলা মুকলি মেনহ’লত পৰি পানীৰে ভৰা নলাত সোমাই পৰে। চাৰি ঘণ্টীয়া অনুসন্ধান অভিযানৰ অন্তত সেই স্থানৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত্বত উদ্ধাৰ কৰা হয় তেওঁৰ দেহ।
অচেতন অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ পাণ্ডু এফ আৰ ইউলৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
এই সংকটৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি (২০ এপ্ৰিল) গুৱাহাটী পৌৰ নিগমৰ এলেকাৰ ভিতৰত থকা সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিছিল।
বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই।





