দৈয়াং আৰু ধনশিৰী নদীৰ মাজত অৱস্থিত অৰণ্য অঞ্চলটো এটা সময়ত অসমৰ এক গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ হিচাপে পৰিচিত আছিল। এই অঞ্চলটোৱে বহু প্ৰজাতিৰ বন্যপ্ৰাণীৰ বাবে আশ্ৰয়স্থল হিচাপে কাম কৰিছিল। কিন্তু বৰ্তমান সময়ত এই অৰণ্য অঞ্চলটোৱে এক গভীৰ সংকটৰ সন্মুখীন হৈছে—অৰণ্য ধ্বংস আৰু তাৰ ফলত বন্যপ্ৰাণীৰ বিলুপ্তিৰ আশংকা দিনে দিনে বৃদ্ধি পাইছে।
যত কিছু বছৰৰ পৰা অবৈধ গছ কটা, জুম খেতিৰ বিস্তাৰ আৰু উন্নয়নৰ নামত ভূমি দখলৰ ফলত অৰণ্যৰ পৰিমাণ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। ফলত, এই অঞ্চলৰ পৰিৱেশ সমতা ভংগ হৈছে আৰু বন্যপ্ৰাণীসমূহে নিজৰ স্বাভাৱিক বাসস্থান হেৰুৱাইছে।
এই পৰিস্থিতিৰ এক ভয়ংকৰ প্ৰতিক্ৰিয়া দেখা গৈছে কাষৰীয়া গাঁওসমূহত। বিশেষকৈ আইটনীয়া মিৰি গাঁও, গাড়ী গাঁও আৰু বৃহত্তৰ ওৱাটীং এলেকাত বন্যহস্তীৰ উপদ্ৰৱ দিনে দিনে বৃদ্ধি পাইছে। খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চল এৰি ওলাই অহা হাতীবোৰে গাঁওসমূহত প্ৰৱেশ কৰি ধান খেতিৰ লগতে উদ্যান শস্যৰ নষ্ট কৰা, ঘৰ-দুৱাৰ ভঙা আৰু মানুহৰ জীৱন বিপদত পেলোৱা ঘটনা এতিয়া সঘনাই সংঘটিত হৈছে।
এই পৰিস্থিতিয়ে স্পষ্টকৈ প্ৰমাণ কৰে যে অৰণ্য ধ্বংস আৰু বন্যপ্ৰাণীৰ মাজত গভীৰ সম্পৰ্ক আছে। অৰণ্য থাকিলে বন্যপ্ৰাণীবোৰে নিজৰ স্বাভাৱিক পৰিৱেশত থাকিব পাৰে, কিন্তু অৰণ্য নাথাকিলে সিহঁতে মানুহৰ ওচৰলৈ আহিবলৈ বাধ্য হয়। ফলস্বৰূপে, মানৱ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত বৃদ্ধি পায়।
ইয়াৰ উপৰিও, অৰণ্য ধ্বংসৰ ফলত জলবায়ু পৰিৱৰ্তন, মাটি ক্ষয় আৰু পানীৰ স্তৰ হ্ৰাস পোৱাৰ দৰে সমস্যাও দেখা দিছে। দৈয়াং আৰু ধনশিৰীৰ দৰে গুৰুত্বপূৰ্ণ নদীবোৰো এই পৰিৱৰ্তনৰ প্ৰভাৱত প্ৰভাৱিত হৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ ব্যৱস্থা বিপদৰ সন্মুখীন হৈছে।
এই জৰুৰী পৰিস্থিতিত চৰকাৰ, বন বিভাগ আৰু স্থানীয় ৰাইজৰ একত্ৰিত প্ৰচেষ্টা অতি প্ৰয়োজনীয়। অবৈধ বন ধ্বংস ৰোধ, পুনৰ বনানিকৰণ কাৰ্যসূচী আৰম্ভ কৰা আৰু বন্যপ্ৰাণীৰ বাবে সুৰক্ষিত কৰিডৰ সৃষ্টি কৰাৰ দৰে ব্যৱস্থা অবিলম্বে গ্ৰহণ কৰা উচিত।অৰণ্য সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষা এতিয়া কেৱল পৰিৱেশগত দায়িত্ব নহয়, ই আমাৰ অস্তিত্বৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া যদি সজাগ নহওঁ, তেন্তে আগন্তুক প্ৰজন্মক আমি এক সংকটপূৰ্ণ আৰু অসুৰক্ষিত পৰিৱেশ এৰি যাব লাগিব।





