• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া লিপিৰ স্বীকৃতি : Bengali-Assamese ৰূপে থাকিব ক’ড চাৰ্টত

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
June 21, 2018 8:38 pm
AssameseUnicode
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া লিপিৰ স্বতন্ত্ৰতাৰ স্বীকৃতি আৰু ইয়াৰ য়ুনিক’ড মান সন্দৰ্ভত লণ্ডনত চলি থকা ISOৰ সভাত হ’ব লগীয়া সিদ্ধান্তবোৰক লৈ যোৱা দুদিনত অসমীয়া মানুহে যিমান প্ৰত্যাশাৰে বাট চাই আছিল, সেয়া নহ’ল।

যদিও এই পৰ্য্যন্ত আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, অসমৰ প্ৰতিনিধিকেইজনৰ সূত্ৰই জানিবলৈ দিয়া মতে অসমীয়া লিপিৰ বাবে সুকীয়া শ্লট নাথাকিব য়ুনিক’ড code chartত। বাংলাৰ সৈতে একেখন chart হ’ব অসমীয়াৰ। ইয়াৰ অৰ্থ হ’ব- আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰো (আই এছ অ’) আৰু য়ুনিক’ড কনছ’ৰ্টিয়াম নামৰ কোম্পানিটোৱে অসমীয়া লিপিৰ স্বতন্ত্ৰতা স্বীকাৰ কৰিলেও তাৰ ফল বাংলা-অসমীয়া লিপিৰ বাবে থকা code chart –ত নাম আৰু কিছুমান কাৰিকৰী সালসলনিৰ বাদে আন একো নহয়।

আনহাতে এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওক ইমান দিনে য়ুনিক’ড কনছ’ৰ্টিয়ামত অসমীয়া লিপিৰ ভুল উপস্থাপনৰ বিৰুদ্ধে অক্লান্ত যুঁজ দি অহা ডাঃ সত্যকাম ফুকনে কয় যে যদি য়ুনিক’ড কনছ’ৰ্টিয়ামে এনেকুৱা সিদ্ধান্ত লৈছে আৰু অসমৰ প্ৰতিনিধিকেইজনে মানি লৈছে তাত তেওঁৰ সমৰ্থন নাই। তেওঁ এই অন্যায়ৰ বিৰুদ্ধে যুঁজ দি যাব।

উল্লেখযোগ্য যে ISO  আৰু Unicode Consortium –এ অসমীয়া লিপিৰ স্বতন্ত্ৰতাক অস্বীকাৰ কৰি বাংলা লিপিৰে এটা subset হিচাপে ধৰি সেইমতে তেওঁলোকৰ লিপিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু বিশ্বৰ তথ্য প্ৰযুক্তিৰ জগতত অসমীয়া লিপিৰ অস্তিত্ব নোহোৱা হৈ পৰিছিল।

ইয়াৰ পিছতে অসমীয়া মানুহৰ অভিযোগ আৰু প্ৰতিবাদ দেখি Unicode Consortium –এ লিপিৰ code chartৰ তালিকাখনত Bengali চাৰ্টখনক Bengali Assamese বুলি উল্লেখ কৰিছিল। কিন্তু সেয়া কেৱল নামটো আৰু ওপৰৰ তালিকাতহে। ভিতৰত code chart খন কেৱল Bengali বুলিয়ে আছিল আৰু এতিয়াও তেনেকৈয়ে আছে। আচলতে সেইটো অসমৰ মানুহে প্ৰতিবাদ কৰাৰ পিছত এটা সান্ত্বনামূলক পদক্ষেপ আছিল। ভিতৰৰ code chart খনকে ধৰি code chart ৰ সকলোবোৰ উল্লেখত কেৱল Bengali বুলিহে আছিল আৰু আছে।

য়ুনিক’ড কনছ’ৰ্টিয়ামৰ এই অন্যায়ৰ বিৰুদ্ধে অসমীয়া মানুহে বিভিন্ন স্তৰত, বিভিন্ন ধৰণে যুঁজ দি আহিছিল। যুঁজ দিব লগীয়া হৈছিল ভাৰতীয় পক্ষবোৰৰ বিৰুদ্ধেও, যিবোৰে অসমীয়া লিপিক স্বতন্ত্ৰ লিপি হিচাপে স্বীকৃতি দিয়াটো বিচৰা নাছিল।

২০১৪ চনৰ ফেব্ৰুৱাৰিৰ ৫ তাৰিখে এই যুঁজৰ অন্যতম যুঁজাৰু ডাঃ সত্যকাম ফুকনৰ নেতৃত্বত তিনিজন প্ৰতিনিধিয়ে আমন্ত্ৰণ পায় BIS (Bureau of Indian Standards) অসমীয়া লিপিৰ স্বতন্ত্ৰতাৰ বিষয়ে তেওঁলোকৰ সভাত তথ্যপাতি উপস্থাপন কৰিবলৈ। ডাঃ ফুকনৰ লগত গৈছিল দুৰ্লভ গগৈ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ভাস্কৰজ্যোতি শৰ্মা। এই গুৰুত্বপূৰ্ণ সভাতেই সিদ্ধান্ত গ্ৰহণ কৰা হয় অসমীয়া লিপিৰ স্বতন্ত্ৰতা সম্পৰ্কত বিস্তৃত অনুসন্ধান আৰু প্ৰতিবেদন যুগুতাবলৈ BIS ৰ দ্বাৰা এখন উচ্চ পৰ্য্যায়ৰ কমিটী গঠনৰ।

তাৰ পিছত সেই বছৰতে ডাঃ সত্যকাম ফুকনৰ নেতৃত্বত আজিজুল হক, তপন কুমাৰ শৰ্মা, বিনয় শৰ্মা আৰু দুৰ্লভ গগৈৰ দ্বাৰা গঠিত এটা পাঁচজনীয়া দলে তেতিয়াৰ মুখ্য মন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰি বিষয়টোত ৰাজনৈতিকভাৱে সবল পদক্ষেপ ল’বলৈ আহ্বান জনাই স্মাৰক পত্ৰ দিয়া হয়।

লগে লগে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ তৎপৰতাত চৰকাৰীভাৱে বিষয়টোত বলিষ্ঠ পদক্ষেপ লোৱা হ’ব বুলি এটা বিজ্ঞপ্তি দিয়া হয়। সাহিত্য সভায়ো বিষয়টোত পূৰ্বতকৈ গুৰুত্বসহকাৰে ভূমিকা লয়। বৰ্তমানৰ চৰকাৰেও সেই প্ৰক্ৰিয়াটোক সঠিকভাৱে আগুৱাই নিয়ে।

অৱশেষত এই বছৰতে দিল্লীত অনুষ্ঠিত ভাৰতীয় মানক সংস্থাৰ অসমীয়া প্ৰতিনিধিসকলৰ এখন বিশেষ বৈঠকত অসমীয়া লিপিৰ স্বতন্ত্ৰতা ভাৰতৰ ভিতৰত মানি লোৱা হয়। তাৰ পিছতে ইয়াক স্বীকৃতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোত উপস্থাপন কৰাৰ সিদ্ধান্ত হয়। সেইমতেই যোৱা দুদিন ধৰি লণ্ডনত হৈ থকা ISO ৰ বৈঠকত উপস্থিত থকা অসমৰ দলটোত আছে এমট্ৰনৰ সঞ্চালক এম কে যাদৱ, কটন য়ুনিভাৰ্ছিটিৰ অধ্যাপক শিখৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা আৰু বৰ্তমানৰ সভাপতি পৰমানন্দ ৰাজবংশী।

বৈঠকৰ সিদ্ধান্তবোৰ এতিয়াও ৰাজহুৱা হোৱা নাই বা আনুষ্ঠানিকভাৱে ঘোষিত হোৱা নাই। অসমীয়া প্ৰতিনিধিকেইজনৰ সূত্ৰই কোৱা মতে, Unicode Consortium ত থকা সংশ্লিষ্ট code chart খনৰ নাম Bengali Assamese হোৱাৰ লগতে ভিতৰৰ code point আৰু আন আন প্ৰতিটো উল্লেখত এইদৰে থাকিব। অসমীয়া প্ৰতিটো স্বকীয় আখৰ, চিহ্ন অন্তৰ্ভুক্ত হ’ব মূল তালিকাত। এই সম্পৰ্কীয় চূড়ান্ত খচৰা য়ুনিক’ড কনছ’ৰ্টিয়ামৰ পঞ্জীয়ক মাইকেল এভাৰছনে প্ৰস্তুত কৰি আছে আৰু ই কাইলৈ প্ৰকাশ পাব।

উল্লেখযোগ্য যে Unicode Consortium ত স্বীকৃতিৰ বাবে সংশ্লিষ্ট লিপিটোক প্ৰথমে তাৰ নাম আৰু তাৰ স্বতন্ত্ৰতা স্বীকাৰ কৰি আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোৱে তালিকাত অন্তৰ্ভুক্ত কৰা দৰকাৰ। এইদৰে আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোৰ স্বীকৃতি লাভৰ পিছতহে য়ুনিক’ড কনছ’ৰ্টিয়ামেও তাক তালিকাভুক্ত কৰে আৰু encoding কৰে। কিন্তু মন কৰিব লগীয়া কথাটো হ’ল আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোৱে ভাষাৰ ‘লিপিবিলাকৰ প্ৰতিনিধিত্ব আৰু নাম শাখা’টোৰ (ISO-15924) পঞ্জীয়ক সংস্থা হিচাপে য়ুনিক’ড কনছ’ৰ্টিয়ামক দায়িত্ব দি থৈছে। য়ুনিক’ড কনছ’ৰ্টিয়ামে আকৌ পঞ্জীয়ক হিচাপে দায়িত্ব দি থৈছে লিপিৰ বিষয়ত দখল থকা তথা তথ্য প্ৰযুক্তিৰো জ্ঞান থকা ব্যক্তি মাইকেল এভাৰছনক (Michael Everson)।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd