দেশৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কাবেৰী ছাত্ৰাৱাসত ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ ড° বি আৰ আম্বেদকাৰৰ প্ৰতিচ্ছবি আঁতৰোৱাক কেন্দ্ৰ কৰি এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। বিশ্ববিদ্যালয় প্ৰশাসনে কোনো আগতীয়া জাননী অবিহনেই ছাত্ৰাৱাসৰ পৰা বাবাচাহেবৰ ছবি আঁতৰাই দিয়া বুলি অভিযোগ উত্থাপন কৰি যোৱা নিশাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। এই ঘটনাই বিশ্ববিদ্যালয় চৌহদত পুনৰবাৰ মতাদৰ্শগত সংঘাত আৰু প্ৰশাসন বনাম ছাত্ৰ সমাজৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, কাবেৰী ছাত্ৰাৱাসৰ সাধাৰণ কক্ষত থকা ড° আম্বেদকাৰৰ প্ৰতিচ্ছবিখন ছাত্ৰাৱাসৰ কৰ্তৃপক্ষই আঁতৰাই দিছিল। ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া এই বিষয়ে জানিব পাৰে, তেতিয়া তেওঁলোকে লগে লগে ইয়াৰ বিৰুদ্ধে একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰে। শিক্ষাৰ্থীসকলৰ অভিযোগ যে প্ৰশাসনে পৰিকল্পিতভাৱে দলিত আৰু পিছপৰা শ্ৰেণীৰ আদৰ্শ পুৰুষসকলৰ অস্তিত্ব বিশ্ববিদ্যালয়ৰ পৰা মচি পেলাব বিচাৰিছে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় চৌহদত সমদল উলিওৱাৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
এই ঘটনা সন্দৰ্ভত জে এন ইউ ছাত্ৰ সন্থাৰ এজন প্ৰতিনিধিয়ে কয় যে, “আম্বেদকাৰৰ প্ৰতিচ্ছবি আঁতৰোৱাটো কেৱল এক প্ৰশাসনিক কাৰ্য নহয়, ই হ’ল পিছপৰা শ্ৰেণীৰ বিৰুদ্ধে কৰা এক মানসিক আঘাত। আমি এই অগণতান্ত্ৰিক কাৰ্যক তীব্ৰ গৰিহণা জনাইছোঁ আৰু অবিলম্বে সেই স্থানত প্ৰতিচ্ছবিখন পুনৰ স্থাপন কৰাৰ দাবী জনাইছোঁ।” আনহাতে, বাপছা সদৃশ ছাত্ৰ সংগঠনসমূহেও এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু বিশ্ববিদ্যালয় প্ৰশাসনৰ পৰা এক ৰাজহুৱা ক্ষমা প্ৰাৰ্থনাৰ দাবী কৰিছে। তেওঁলোকৰ মতে, বাবাচাহেব আম্বেদকাৰৰ দৰে মহান মনিষীৰ ছবি আঁতৰাই প্ৰশাসনে তেওঁলোকৰ সংকীৰ্ণ মানসিকতাৰহে পৰিচয় দিছে।
ইফালে, ছাত্ৰাৱাস কৰ্তৃপক্ষই এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি জনাইছে যে কোনো নিৰ্দিষ্ট ব্যক্তিৰ প্ৰতি ঘৃণা প্ৰদৰ্শনৰ বাবে এই কাম কৰা হোৱা নাই। তেওঁলোকৰ মতে, ছাত্ৰাৱাসৰ নিয়ম অনুসৰি নিৰ্দিষ্ট অনুমতি অবিহনে দেৱালত কোনো ছবি বা পোষ্টাৰ লগোৱাটো নিষিদ্ধ আৰু সেই প্ৰশাসনিক নিয়ম পালন কৰিবলৈ গৈয়ে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে প্ৰশাসনৰ এই যুক্তিত পতিয়ন যোৱা নাই প্ৰতিবাদকাৰী ছাত্ৰ সমাজ। ছাত্ৰ-ছাত্ৰীসকলে নিশাৰ ভাগত নিজাকৈ আম্বেদকাৰৰ ছবিখন পুনৰ একেটা স্থানতে স্থাপন কৰে আৰু তাত এক আলোচনা চক্ৰৰ আয়োজন কৰে।
জে এন ইউৰ দৰে উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰত এনেধৰণৰ মতাদৰ্শগত সংঘাত নতুন কথা নহয় যদিও সংবিধান প্ৰণেতাগৰাকীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিতৰ্কই এতিয়া ৰাজনৈতিক ৰূপ ধাৰণ কৰিছে। ছাত্ৰ সমাজৰ মতে, যদিহে প্ৰশাসনে পুনৰ ছবিখন আঁতৰাবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকে ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তুলিব।





