গুৱাহাটীৰ কি হৈছে দেখিলেনে? সেইদিনা এনিশাৰ বৰষুণে মহানগৰখনৰ কি অৱস্থা কৰিলে? বৰষুণৰ পৰা হোৱা কৃত্ৰিম বানপানীত পৰি এতিয়ালৈকে চাৰি গৰাকী মানুহৰ মৃত্যু হৈছে। গুৱাহাটীৰ হৈছে কি? ৰাস্তাত এককাল পানী। কোনো ক’তো ওলাব নোৱৰা অৱস্থা। বৰষুণ দিলে এই অৱস্থা, বৰষুণ নিদিলেও যানজঁটৰ সমস্যা। আৰু গুৱাহাটীৰ পদপথেৰে খোজকঢ়াটো যেন এক দুঃসাহসিক অভিযানহে। গুৱাহাটীৰ পদপথ শিশু আৰু বৃদ্ধসকলৰ বাবে নহয়। ‘বাহুবলী’ নহ’লে কোনেও গুৱাহাটীৰ পদপথেৰে খোজকাঢ়িব নোৱাৰে। গুৱাহাটীৰ এশ-এবুৰি সমস্যা। গুৱাহাটীৰ আছে কি? আৰু গুৱাহাটীৰ সমস্যা নাই কি?
সেই তাহানিতে প্ৰসিদ্ধ গল্পকাৰ সৌৰভ চলিহাই কৈছিল— ‘গুৱাহাটী এখন ধুনীয়া চহৰ। ধুনীয়া বস্তু নষ্ট কৰিব নাপায়’। কিন্তু আমি এতিয়া গুৱাহাটীক গেলাই পেলাইছোঁ। কিয় এনে হৈছে? এই সমস্যাটো আমি দুই ধৰণে চাব পাৰোঁ। সামাজিক মাধ্যমত গুৱাহাটীৰ বানপানীৰ ছবি দি ‘অৰুণোদয়’ আৰু ‘নিযুত মইনা’ আঁচনিক কেন্দ্ৰ কৰি গোৱা বিহুগীত এটি বৰকৈ চৰ্চালৈ আহিছে। কথাটো প্ৰথমে কাৰ মগজুত খেলাইছিল নাজানো, কিন্তু ৰিজনিটো বৰ অৰ্থবহ, তাৎপৰ্যপূৰ্ণ আৰু কলা সন্মত— বাৰ্তাটো সুস্পষ্ট। চৰকাৰী ধন আমি ক’ত খৰচ কৰিম? ৰাইজৰ সামূহিক উন্নয়নত নে পাৰ্টিৰ বাবে ভোট কিনাত? যদি ভোট কিনাত খৰচ কৰো, তাৰ ফলাফল হ’ব এইটোৱেই। গতিকে সামান্য কেইটামান টকাৰ কাৰণে আমি আমাৰ হাতৰ কুঠাৰ ভৰিত মৰা নাইনে? এইটো হ’ল এটা দিশ।
আনটো অধিক মৌলিক। গুৱাহাটীৰ এই দুৰ্দশাৰ কাৰণে কোন দায়ী? ইয়াৰ বাবে গুৱাহাটীৰ নাগৰিকসকল নিজেই দায়ী। আমি গুৱাহাটীৰ নাগৰিকসকলে চৰকাৰৰ ওচৰত আমাৰ নাগৰিক অধিকাৰ আত্মসমৰ্পণ কৰিছোঁ। We have surrendered our rights to the authorities. যোৱাবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত কি হৈছিল আপোনালোকৰ মনত আছেনে? প্ৰায় সকলোতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীবোৰ জয়ী হৈছিল। কথাটো বিজেপি-কংগ্ৰেছৰ নহয়। পৌৰ নিকায় আৰু গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ দলীয়কৰণ এটা অশুভ লক্ষণ। ই স্থানীয় চৰিত্ৰৰ ওপৰত এক আঘাত। পাৰ্টিৰ মানুহ নহয়, সামাজিক কামত আগভাগ লোৱা মানুহ নগৰ নিকায়লৈ নিৰ্বাচিত হ’লেহে স্থানীয় প্ৰশ্নবোৰে গুৰুত্ব পাব।
এসময়ত গুৱাহাটীৰ মেয়ৰ আছিল কোন? ৰাধাগোবিন্দ বৰুৱা, লক্ষ্যধৰ চৌধুৰী। আৰু এতিয়া আমাৰ মেয়ৰ কোন? আমি কোনেও নাজানো, বা জানো যদিও সেইটো ধৰ্তব্যৰ ভিতৰত নপৰে। এতিয়া গুৱাহাটীৰ ক’ত কি হ’ব, তাত গুৱাহাটীৰ নাগৰিকৰ কোনো হক নাই; হক নাই আনকি গুৱাহাটী পৌৰ নিগমৰো। সেই সকলোবোৰ ঠিক কৰে Guwahati Metropolitan Development Authority (GMDA)-এ। নামত GMDA হ’ল এটা স্বায়ত্তশাসিত প্ৰতিষ্ঠান, কিন্তু আচলতে ই অসম চৰকাৰৰ অধীনস্থ এটা বিভাগহে। চৰকাৰৰ অন্য বিভাগ যেনেকৈ চলে, ইও তেনেকৈয়ে চলে।
এওঁলোকৰ অগ্ৰাধিকাৰ আৰু নাগৰিকৰ অগ্ৰাধিকাৰ একেনে? যোৱা সময়ছোৱাত তেওঁলোকে যে গুৱাহাটীত ইমানবোৰ ভঙা-পতা কাম কৰি আছে, সেই বিষয়ে তেওঁলোকে কেতিয়াবা নাগৰিকৰ মতামত লৈছেনে? তেওঁলোকে সেইবোৰ নাগৰিকক সুধি কৰিব লাগে বুলি ভবাই নাই। গুৱাহাটীৰ পৰিৱেশ আৰু নাগৰিকৰ সা-সুবিধাৰ সলনি তেওঁলোকে চহৰখনৰ ‘দেহাটোৰে বেহা’ কৰাৰ কথাহে চিন্তা কৰিছে। ঐতিহ্য, পৰম্পৰা আৰু পৰিচয় অটুট ৰখাৰ সলনি তেওঁলোকে ভিতৰি ফোপোলা আৰু বাহিৰত ৰংচঙীয়া গুৱাহাটী এখনৰ কথাহে ভাবিছে। ফ্লাই-অভাৰ নিৰ্মাণ কৰা, তাৰ খুঁটাবোৰত ছবি আকি দিয়া, কেইটামান ৰঙা-নীলা লাইট লগাই দিয়া— ইমানতে মানুহে চেল্ফি উঠি থাকক, আৰু কি লাগে? গুৱাহাটীৰ সমস্যা শেষ!
বাপৰে, এনিশাৰ বৰষুণে গুৱাহাটীৰ বাসিন্দা সকলৰ হাহাকাৰ লগাইছে। এনেয়েও যানজঁটৰ কাৰণে আমি ইফাল-সিফাল কৰিব নোৱাৰোঁ, পদপথেৰে খোজকাঢ়িব নোৱাৰোঁ। অথচ সকলো ধৰণৰ পৌৰ কৰ আমি দি আছোঁ— দি আছোঁ মানে, আগতকৈ দুগুণ বেছিকৈ দি আছোঁ। আমি নাগৰিক হিচাপে যদি আমাৰ অধিকাৰ আৰু কৰ্তৃত্ব ঘূৰাই নলওঁ, গুৱাহাটীৰ অৱস্থা আৰু শোচনীয় হ’ব। বহুতেই কয় যে একোটা নিৰ্দিষ্ট সমস্যা সমাধানৰ বাবে বিশেষজ্ঞৰ প্ৰয়োজন। নিশ্চয় প্ৰয়োজন। কিন্তু সঠিক বিশেষজ্ঞৰ কথা কোনে শুনিব? যাৰ উদ্দেশ্য সমস্যা সমাধান কৰা, তেওঁলোকেহে। কিন্তু যাৰ উদ্দেশ্য সমস্যাটো জীয়াই ৰাখি তাক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা, তেওঁলোকে বিশেষজ্ঞৰ ওচৰ চাপিব কিয়?
সেয়ে কওঁ— সমস্যাটো কেৱল পাৰদৰ্শিতাৰ নহয়। গুৱাহাটীৰ মূল সমস্যাটো হৈছে নাগৰিক হিচাপে আমি আমাৰ অধিকাৰ সাব্যস্ত কৰাটো। We must reclaim our rights as citizens and assert them. তেতিয়াহে আমি নিজে আমাৰ গুৱাহাটীৰ সমস্যা সমাধান কৰিব পাৰিম। ইয়াৰ আৰম্ভণি হ’ব লাগিব প্ৰতিটো ওৱাৰ্ডৰ পৰা।





