ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ দুই মূল ৰাজনৈতিক প্ৰতিদ্বন্দ্বীয়ে তেওঁক ক্ষমতাৰ পৰা অপসাৰণৰ বাবে যুঁজত নামিছে। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত দুয়োটা দল একত্ৰিত কৰি একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নাফতালি বেনেট আৰু য়াইৰ লেপিডে।
কঠোৰপন্থী বেনেট আৰু মধ্যমপন্থী লেপিডে দেওবাৰে এক যৌথ বিবৃতিত এই কথা ঘোষণা কৰে। বেনেটৰ ৰাজনৈতিক দল ‘বেনেট ২০২৬’ আৰু লেপিডৰ ‘য়েছ আতিদ’ মিলি গঠন কৰা এই নতুন মিত্ৰজোঁটৰ নাম দিয়া হৈছে ‘টুগেদাৰ’। ইয়াৰ নেতৃত্ব দিব বেনেটে নিজেই।
টেলিভিছনৰ যৌথ ভাষণত বেনেটে কয়, “মই ঘোষণা কৰি অতি সুখী যে আজি নিশা মোৰ বন্ধু য়াইৰ লেপিডৰ সৈতে মিলি আমি দেশৰ বাবে আটাইতকৈ দেশপ্ৰেমমূলক আৰু ইহুদীবাদী পদক্ষেপ গ্ৰহণ কৰিছো।”
লেপিডে কয়, ‘বেনেট এজন সোঁপন্থী, কিন্তু এজন সৎ ব্যক্তি।আমাৰ পাৰস্পৰিক বিশ্বাস আছে। এই পদক্ষেপৰ লক্ষ্য হৈছে বিৰোধী শিবিৰক একত্ৰিত কৰা, আভ্যন্তৰীণ বিভাজন দূৰ কৰা আৰু আগন্তুক নিৰ্বাচনত জয়ী হৈ ইজৰাইলক আগুৱাই নিয়া।
মতাদৰ্শগতভাৱে দুয়োটা দলৰ মাজত বিশেষ মিল নাই। নেতানিয়াহুৰ বিৰুদ্ধে তেওঁলোকৰ বিৰোধিতাই তেওঁলোকক মূলতঃ একত্ৰিত কৰিছে। এই মিত্ৰতাৰ মূল লক্ষ্য হৈছে পৃথক পৃথক বিৰোধী দলসমূহক এখন চালিৰ তললৈ অনা।
বেনেটে ঘোষণা কৰিছে যে যদিহে তেওঁ নিৰ্বাচিত হয় তেন্তে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ ব্যৰ্থতাৰ তদন্তৰ বাবে ৰাষ্ট্ৰীয় তদন্ত আয়োগ গঠন কৰিব। এতিয়ালৈকে নেতানিয়াহু চৰকাৰে এনে ব্যৰ্থতাৰ দাবী অস্বীকাৰ কৰিছে।
বেনেট আৰু লেপিডে আগতেও হাত মিলাইছিল। ২০২১ চনৰ নিৰ্বাচনত তেওঁলোকে একত্ৰিত হৈ নেতানিয়াহুৰ ১২ বছৰীয়া শাসনৰ অন্ত পেলাইছিল। কিন্তু সেই মিত্ৰজোঁটৰ চৰকাৰ মাত্ৰ ১৮ মাহহে চলিছিল।
ইয়াৰ পূৰ্বে বেনেট আৰু লেপিডে ২০১৩ চনত হাত মিলাই মিত্ৰতা গঠন কৰি নেতানিয়াহুৰ চৰকাৰত প্ৰৱেশ কৰিছিল। তেওঁলোকৰ কৌশলৰ বাবে নেতানিয়াহুৱে তেওঁৰ পুৰণি বন্ধু কট্টৰ সংৰক্ষণশীল দলসমূহ অবিহনে চৰকাৰ গঠন কৰিবলৈ বাধ্য হয়।
২০২২ চনৰ নৱেম্বৰ মাহত পুনৰ ক্ষমতালৈ আহি নেতানিয়াহুৱে ইজৰাইলৰ ইতিহাসৰ আটাইতকৈ চৰম সোঁপন্থী চৰকাৰ গঠন কৰে। কিন্তু ২০২৩ চনৰ অক্টোবৰ মাহত দক্ষিণ ইজৰাইলত হামাছৰ আক্ৰমণৰ পিছত পৰিস্থিতি সলনি হয়।সেই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ইজৰাইলে গাজাত আৰু শেহতীয়া বছৰবোৰত চুবুৰীয়া দেশসমূহত পেলেষ্টাইনীসকলৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে, যাৰ ফলত নেতানিয়াহুৰ নিৰাপত্তাৰক্ষক হিচাপে থকা ভাবমূৰ্তি সম্পূৰ্ণৰূপে ধ্বংস হৈছে।
তাৰ পিছৰ পৰা কৰা মতামত সমীক্ষাত দেখা গৈছে যে ২০২৬ চনৰ অক্টোবৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত নেতানিয়াহু পৰাস্ত হ’ব।
৫৪ বছৰীয়া নাফতালি বেনেট এসময়ত ইজৰাইল সেনাৰ কমাণ্ডো আছিল। পিছলৈ তেওঁ এজন প্ৰযুক্তি উদ্যোগী হিচাপে কোটিপতি হৈ পৰে। শেহতীয়া নিৰ্বাচনী সমীক্ষাত তেওঁ নেতানিয়াহুতকৈ কিছু পিছ পৰি আছে।
ইজৰাইলৰ এন ১২ নিউজে ২৩ এপ্ৰিলত কৰা এক সমীক্ষাত দেখা গৈছে যে দেশখনৰ সংসদ নেচেটৰ ১২০খন আসনৰ ভিতৰত ২১খন আসনত বেনেটৰ দলটোৱে জয়ী হ’ব পাৰে। ইয়াৰ বিপৰীতে নেতানিয়াহুৰ লিকুড দলে ২৫খন আসন লাভ কৰিব পাৰে।
একেটা সমীক্ষাতে দেখা গৈছে যে য়াইৰ লাপিডৰ দলটোৱে মাত্ৰ ৭খন আসনহে লাভ কৰিব পাৰে, যিটো বৰ্তমানৰ ২৪খন আসনৰ তুলনাত বহু কম। বিভিন্ন শিক্ষানুষ্ঠান আৰু ইজৰাইলৰ সংবাদ মাধ্যমৰ পূৰ্বৰ সমীক্ষাৰ সৈতে এই ফলাফল সামঞ্জস্যপূৰ্ণ, যিয়ে বেনেটক নেতানিয়াহুৰ বিৰুদ্ধে মূল প্ৰতিদ্বন্দ্বী হিচাপে লৈছে।
টিভিৰ প্ৰাক্তন বাতৰি উপস্থাপক ৬২ বছৰীয়া য়াইৰ লেপিডে ইজৰাইলৰ ধৰ্মনিৰপেক্ষ মধ্যবিত্ত শ্ৰেণীক প্ৰতিনিধিত্ব কৰাৰ দাবী কৰে। সামৰিক নিযুক্তিৰ ক্ষেত্ৰত কৰৰ বোজা আৰু বৈষম্যক লৈ এই শ্ৰেণীটোৱে বৰ্তমান চৰকাৰৰ ওপৰত অতিশয় ক্ষুব্ধ হৈ পৰিছে।





