ভাৰতৰ উচ্চতম ন্যায়ালয়ে শেহতীয়া এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণত কেন্দ্ৰীয় চৰকাৰক ধৰ্ষণৰ বলি হোৱা মহিলা আৰু কিশোৰীসকলৰ গৰ্ভপাতৰ সময়সীমা বৃদ্ধিৰ বাবে বৰ্তমানৰ আইনত প্ৰয়োজনীয় সংশোধনৰ বিষয়ে বিবেচনা কৰিবলৈ আহ্বান জনাইছে। বৰ্তমানৰ ‘মেডিকেল টাৰ্মিনেশ্যন অৱ প্ৰেগনেন্সী'(MTP) আইনৰ অধীনত ২৪ সপ্তাহৰ পাছত গৰ্ভপাতৰ ক্ষেত্ৰত থকা আইনী বাধাৰ ফলত ধৰ্ষিতা মহিলাসকলে সন্মুখীন হোৱা তীব্ৰ মানসিক আৰু শাৰীৰিক যন্ত্ৰণাৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। ন্যায়ালয়ৰ মতে, ধৰ্ষণৰ ফলত হোৱা গৰ্ভধাৰণৰ ক্ষেত্ৰত মহিলাগৰাকীৰ ওপৰত জাপি দিয়া মাতৃত্বই তেওঁৰ জীয়াই থকাৰ অধিকাৰ আৰু মৰ্যাদাক আঘাত কৰিব পাৰে।
আদালতে এই সন্দৰ্ভত কয় যে যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী কিশোৰী বা মহিলাই বহু সময়ত সমাজৰ ভয়ত বা মানসিক আঘাতৰ পৰিপ্ৰেক্ষিতত গৰ্ভধাৰণৰ কথা বিলম্বেহে গম পায়। এনে পৰিস্থিতিত যদি গৰ্ভস্থ সন্তানৰ বয়স ২০ বা ২৪ সপ্তাহ অতিক্ৰম কৰে, তেন্তে বৰ্তমানৰ
আইনী জটিলতাৰ বাবে তেওঁলোকে আইনী সাহায্যৰ পৰা বঞ্চিত হ’বলগীয়া হয়। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি কয় যে বিশেষকৈ ধৰ্ষণৰ চিকাৰ হোৱা সকলৰ বাবে এই সময়সীমাৰ চৰ্ত শিথিল কৰিব পৰা যায় নেকি, সেই বিষয়ে এক স্পষ্ট নীতি নিৰ্দ্ধাৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।
আইনৰ জটিলতাৰ বাবে বহু সময়ত ভুক্তভোগীসকলে আদালতৰ দ্বাৰস্থ হ’বলগীয়া হয় আৰু ন্যায়িক প্ৰক্ৰিয়াৰ বিলম্বই তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক সমগ্ৰ বিষয়টো পৰীক্ষা কৰি এক ইতিবাচক সঁহাৰি জনাবলৈ নিৰ্দেশ দিছে। আদালতে স্পষ্ট কৰি দিয়ে যে ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ বলি হোৱা সকলৰ বাবে আইনখনঅধিক নমনীয় আৰু মানৱীয় হোৱাটো সময়ৰ দাবী।
ইতিপূৰ্বেও অনুৰূপ ধৰণৰ কেইবাটাও গোচৰত আদালতে ধৰ্ষিতা কিশোৰীৰ গৰ্ভপাতৰ বিশেষ অনুমতি প্ৰদান কৰিছিল যদিও এক স্থায়ী আইনী ব্যৱস্থাৰ অভাৱত দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়সমূহে ২৪ সপ্তাহৰ পাছত গৰ্ভপাত কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ৰ আএই নতুন নিৰ্দেশনাই দেশৰ গৰ্ভপাত আইনত এক আমূল পৰিৱৰ্তন অনাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। বিশেষকৈ ধৰ্ষণৰ চিকাৰ হোৱা মহিলৰ স্বকীয় অধিকাৰ আৰু প্ৰজনন স্বাস্থ্যৰ সুৰক্ষাৰ দিশত ইয়াক এক বৃহৎ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ পৰামৰ্শৰ ওপৰত কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব। উচ্চতম ন্যায়ালয়ে দিয়া এই নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে চিকিৎসক আৰু আইনী বিশেষজ্ঞসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।



