• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সাংবাদিক! বৌদ্ধিক মৰ্যাদাৰ আঁৰত এজন অসহায় শ্ৰমিক

কোকিল শইকীয়া by কোকিল শইকীয়া
May 11, 2026 6:58 pm
166
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিচিত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু নিৰপেক্ষতা বহুলাংশে নিৰ্ভৰ কৰে সাংবাদিকসকলৰ সামগ্ৰিক নিৰাপত্তা আৰু আৰ্থিক স্বাধীনতাৰ ওপৰত। ‘সাংবাদিক’ নামৰ সামাজিক তথা বৌদ্ধিক মৰ্যদাৰ মোহ সজ্জাত বন্দী হৈ সাংবাদিক সকলে প্ৰায়ে পাহৰি যায় যে তেওঁলোকো একো একোজন শ্ৰমিক। পাহৰি যায় নিজৰ নিজৰ প্ৰাপ্য দৰমহা, প্ৰাপ্য ছুটী, ভৱিষ্যত নিধি, কৰ্মৰ নিৰাপত্তা আৰু আন আন সা-সুবিধা লাভৰ পৰা বঞ্চিত হৈ তেওঁলোকে সাংবাদিক নামৰ বৌদ্ধিক-সামাজিক মৰ্যাদা লাভ কৰি থাকিলেও তেওঁলোকে নিজৰ শ্ৰমৰ মৰ্যদা আৰু প্ৰাপ্য হেৰুৱাই পেলাবলগীয়া হৈছে। কেৱল অসমতেই নহয়, সমগ্ৰ দেশতেই আঞ্চলিক সংবাদ মাধ্যম সমূহত কৰ্মৰত সাংবাদিকসকলৰ আৰ্থিক অৱস্থা তেনেই শোচনীয়। কেৱল আৰ্থিক অৱস্থাই নহয়, পৰ্যাপ্ত ছুটীৰ অভাৱ আৰু জীৱিকাৰ নিৰাপত্তাহীনতাই দুৰ্বিষহ কৰি তোলে সাংবাদিকসকলৰ জীৱন। আঙুলি মূৰত লেখিব পৰা দুই এক সংবাদগোষ্ঠীৰ বাহিৰে বেছিভাগ সংবাদগোষ্ঠীৰ কৰ্তৃপক্ষই সাংবাদিকক (সম্পাদক পৰ্যায়ৰ সকলক বাদ দি) যি দৰমহা প্ৰদান কৰে সেয়া নিৰ্দ্ধাৰিত ন্যূনতম মজুৰিকৈও কম। কোন সাংবাদিকৰ কেতিয়া চাকৰি যায় তাৰ কোনো নিশ্চয়তা নাই। ফিল্ডত কাম কৰা সাংবাদিক সকলে কৰ্মক্ষেত্ৰত নিহত হ’লে, আঘাতপ্ৰাপ্ত হ’লে বা দুৰ্ঘটনাৰ সন্মুখীন হ’লে তাৰ দায়িত্ব তথা ক্ষতিপূৰণৰো ব্যৱস্থা নাই বেছিভাগ সংবাদ প্ৰতিষ্ঠানত। বহু সংবাদ প্ৰতিষ্ঠানতেই নাই ভৱিষ্যত নিধি বা স্বাস্থ্য বীমাৰ দৰে সুবিধা। বিশেষকৈ শেহতীয়া কেইটামান বছৰত বাঢ়ি অহা একাংশ ডিজিটেল সংবাদ প্ৰতিষ্ঠানত সাংবাদিক সকলৰ অৱস্থা আৰু বেছি শোচনীয়।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে যি নতুন শ্ৰম বিধি প্ৰৱৰ্তন কৰিছে, সি সংবাদকৰ্মী সকলক অধিক সংকটৰ ফালে ঠেলি দিছে। চৰকাৰৰ মতে, এই শ্ৰম বিধি সমূহে এক নতুন সংস্কাৰ আনিছে। কিন্তু ভালকৈ চালে গমিব পৰা যায় যে শ্ৰম আইন সংস্কাৰৰ আঁৰত লুকাই আছে এটাই উদ্দেশ্য – বিদেশী বিনিয়োগ আৰু পুঁজিপতিৰ সুবিধা। বাস্তৱিকতে এই সংস্কাৰে আন আন খণ্ডৰ শ্ৰমিক সকলৰ লগতে ভাৰতীয় সাংবাদিকসকলে যোৱা সাত দশক ধৰি সংগ্ৰাম কৰি অৰ্জন কৰা শ্ৰম অধিকাৰ আৰু আইনী মৰ্যাদাক একপ্ৰকাৰে নিঃশেষ কৰাৰ উপক্ৰম ঘটিছে।

Apply Now

ভাৰত স্বাধীন হোৱাৰ সময়ত, অৰ্থাৎ ১৯৪৭ চনৰ ঔদ্যোগিক বিবাদ আইনৰ অধীনত সাংবাদিকসকলক শ্ৰমিকৰ মৰ্যাদা দিয়া হোৱা নাছিল। যাৰ ফলত সংবাদ প্ৰতিষ্ঠানৰ আন আন কৰ্মচাৰীসকলে আইনী সুৰক্ষা লাভ কৰিলেও, এই সুৰক্ষাৰ পৰা সাংবাদিকসকল বঞ্চিত হ’বলগা হৈছিল। তেওঁলোকৰ দৰমহা বা চাকৰিৰ কোনো নিশ্চয়তা নাছিল, আৰু সেয়া সম্পূৰ্ণৰূপে বাতৰি কাকতৰ বিক্ৰীৰ ওপৰত নিৰ্ভৰশীল আছিল।

পৰৱৰ্তী সময়ত হেঁচাত পৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল প্ৰেছ কমিচন। প্ৰেছ কমিচনৰ পৰামৰ্শৰ ভিত্তিত সংসদে ‘কৰ্মৰত সাংবাদিক আৰু অন্যান্য বাতৰি কাকত কৰ্মচাৰী (সেৱাৰ চৰ্ত) আৰু বিবিধ ব্যৱস্থা আইন, ১৯৫৫’ প্ৰণয়ন কৰিছিল। এই আইনে সাংবাদিকসকলক এক সুৰক্ষা কৱচ প্ৰদান কৰিছিল। আইনখনৰ দ্বাৰা এজন সাধাৰণ সাংবাদিকক কামৰ পৰা বৰ্খাস্ত কৰিবলৈ ৩ মাহ আৰু সম্পাদকৰ ক্ষেত্ৰত ৬ মাহৰ আগতীয়া জাননী দিয়াটো বাধ্যতামূলক কৰা হৈছিল। ন্যূনতম মজুৰি, কৰ্মৰ নিৰ্দিষ্ট সময়, দৰমহাসহ ছুটী, ভৱিষ্যনিধি আৰু উচ্চ হাৰৰ গ্ৰেচুইটিৰ সুবিধা প্ৰদান কৰা হৈছিল। এই আইনৰ ৫(২) ধাৰা অনুসৰি, এজন সম্পাদকে যদি নিজৰ নীতি বা আদৰ্শগত কাৰণত পদত্যাগ কৰিবলগীয়া হৈছিল, তেন্তে তেওঁ আদালতত নিজৰ পক্ষ ল’ব পাৰিছিল। সাংবাদিকৰ বৌদ্ধিক আৰু পেছাদাৰী স্বতন্ত্ৰতা ৰক্ষাৰ বাবে এইটো আছিল এক অতি শক্তিশালী অস্ত্ৰ।

সাংবাদিকসকলৰ দৰমহা নিৰ্ধাৰণ আৰু নিয়মীয়া সংশোধনৰ বাবে গঠন কৰা মজুৰি ব‘ৰ্ডসমূহ আছিল এই আইনৰ এক অন্যতম উল্লেখযোগ্য দিশ। ন্যায়াধীশ জি আৰ মাজিঠীয়াৰ নেতৃত্বত গঠিত এখন মজুৰি ব’ৰ্ডে এই ক্ষেত্ৰত কিছু পৰামৰ্শ আগবঢ়াইছিল। এই পৰামৰ্শসমূহ ২০১১ চনত কেন্দ্ৰীয় চৰকাৰে মানি লৈছিল আৰু ২০১৪ চনত উচ্চতম ন্যায়ালয়ে ইয়াক কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। ২০১৫ চনত এই ব’ৰ্ডৰ পৰামৰ্শ সমূহ দ্ৰুত গতিত কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰে শ্ৰম আৰু কল্যাণ দপ্তৰৰ মন্ত্ৰীৰ অধ্যক্ষতাত এখন ত্ৰিপাক্ষিক কমিটি পুনৰ গঠন কৰি দিছিল। কিন্তু এই কমিটিখনে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত পৰামৰ্শসমূহ এক বুমেৰাঙলৈ পৰিণত হ’ল আৰু আজিকোপতি অসমৰ বেছিভাগ সংবাদ প্ৰতিষ্ঠানেই এই পৰামৰ্শ সমূহ কাৰ্যকৰী নকৰিলে। আমি জনা মতে, অসমত দ্য আসাম ট্ৰিবিউনে গোষ্ঠীয়েই আছিল মাজিঠীয়া ব’ৰ্ডৰ পৰামৰ্শ সমূহ কাৰ্যকৰী কৰা একমাত্ৰ সংবাদ প্ৰতিষ্ঠান। ব’ৰ্ডৰ পৰামৰ্শ অনুসৰি ন্যূন্যতম মজুৰি, নিয়মীয়া মজুৰি বৃদ্ধি, ঘৰ ভাড়া ভাট্টা, যাতায়ত আৰু চিকিৎসা ভাট্টা, অতিৰিক্ত কামৰ পাৰিতোষিক প্ৰদান কৰিছিল এই সংবাদগোষ্ঠীটোৱে।

বৰ্তমান চৰকাৰে পুৰণি ২৯ খন শ্ৰম আইনক একত্ৰিত কৰি চাৰিখন বিধি বা কোডত বিভক্ত কৰিছে। ইয়াৰ ভিতৰত ‘বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কামৰ পৰিৱেশ সংহিতা, ২০২০’ত ১৯৫৫ আৰু ১৯৫৮ চনৰ সাংবাদিক আইন দুখন বিলীন কৰি দিয়া হৈছে। ১৪৩ নং ধাৰা অনুসৰি, পূৰ্বৰ আইনখন সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে। আপাত দৃষ্টিত ই এক সাধাৰণ প্ৰশাসনিক একত্ৰীকৰণ যেন লাগিলেও, বাস্তৱত ই সাংবাদিকৰ ৭০ বছৰীয়া সংগ্ৰামক অৰ্থহীন কৰি তুলিলে। পূৰ্বৰ আইনত থকা ৩-৬ মাহৰ জাননীৰ বিশেষ সময়সীমা এতিয়া সাধাৰণ শ্ৰমিকৰ দৰেই ১ মাহলৈ হ্ৰাস পোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। মজুৰি সংশোধনৰ সুনিৰ্দিষ্ট ব্যৱস্থা আৰু মজুৰি ব‘ৰ্ডৰ দৰে আইনী ব্যৱস্থাক সমূলঞ্চে আঁতৰাই দিয়া হৈছে। বিবেকৰ দোহাই দি পদত্যাগ কৰাৰ দৰে গুৰুত্বপূৰ্ণ ধাৰাক নতুন শ্ৰম বিধিত সম্পূৰ্ণৰূপে উপেক্ষিত কৰা হৈছে।

এই সংকটৰ মাজতেই সংবাদ মাধ্যমৰ জগতখনলৈ এক বিৰাট পৰিৱৰ্তন আহিছে— ডিজিটেল মাধ্যমৰ সৰ্বগ্ৰাসী উত্থান। বিড়ম্বনাৰ বিষয় যে, ১৯৫৫ চনৰ আইনখনৰ আটাইতকৈ ডাঙৰ সীমাবদ্ধতা আছিল যে ই কেৱল প্ৰিণ্ট বা ছপা মাধ্যমৰ সাংবাদিকৰ ক্ষেত্ৰতহে প্ৰযোজ্য। দূৰদৰ্শন, ৰেডিঅ’ আৰু ডিজিটেল নিউজ প’ৰ্টেলৰ সংবাদকৰ্মীসকল এই আইনৰ আওতাৰ বাহিৰত আছিল। শেহতীয়াকৈ ‘স্ক্ৰল ডট ইন’,  ‘তিৰংগা টিভি’ৰ দৰে প্ৰতিষ্ঠানত ব্যাপক হাৰত সাংবাদিকসকলক কামৰ পৰা অব্যাহতি দিয়া হৈছে। এই ডিজিটেল সাংবাদিকসকলে কোনো ধন বা আগতীয়া জাননী নোপোৱাকৈয়ে নিমিষতে চাকৰি হেৰুৱাবলগীয়া হৈছে। সময়ৰ দাবী আছিল পুৰণি আইনখনক আধুনিকীকৰণ কৰি ডিজিটেল আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলকো ইয়াৰ পৰিধিলৈ অনা। কিন্তু তাৰ পৰিৱৰ্তে, সকলো আইন একত্ৰীকৰণ কৰাৰ নামত চৰকাৰে পুৰণি আইনখনকেই বাতিল কৰি সকলো মাধ্যমৰ সাংবাদিকক এক সুৰক্ষাহীন অৱস্থালৈ ঠেলি দিছে।

সাংবাদিক সকল কেৱল এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সাধাৰণ কৰ্মচাৰী নহয়; তেওঁলোক সমাজৰ বিবেক আৰু পহৰাদাৰ। এজন সাংবাদিকে নিৰ্ভীকভাৱে সত্য উদঘাটন কৰিবলৈ, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু ক্ষমতাশালীৰ চকুত চকু থৈ প্ৰশ্ন কৰিবলৈ তেওঁৰ চাকৰিৰ নিৰাপত্তা আৰু আইনী সুৰক্ষা থকাটো অপৰিহাৰ্য।

শ্ৰম সংস্কাৰ আৰু ‘ইজ অৱ ডুয়িং বিজনেছ’ৰ নামত সাংবাদিকসকলৰ আইনী অধিকাৰ খৰ্ব কৰিলে কেৱল শ্ৰমিক শ্ৰেণীৰেই ক্ষতি নহয়, বৰঞ্চ ই গণতন্ত্ৰৰ ভেটি দুৰ্বল কৰিব। ব্যক্তিগত চুক্তিতকৈ সামূহিক আইনী সুৰক্ষাহে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰকৃত ৰক্ষাকৱচ। বৰ্তমানৰ পৰিস্থিতিত সাংবাদিক সংস্থাসমূহ, সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী, বৌদ্ধিক সমাজ আৰু চৰকাৰে একত্ৰিত হৈ এই নতুন শ্ৰম বিধিৰ সুৰুঙাসমূহৰ পুনৰ্বিচাৰ কৰা অতি প্ৰয়োজন। নহ’লে, সৰ্বক্ষণ নিৰাপত্তাহীনতাৰ মাজত জীৱন নিৰ্বাহ কৰা এজন সাংবাদিকে কেতিয়াও এখন সমাজক নিৰপেক্ষ আৰু বস্তুনিষ্ঠ সংবাদ উপহাৰ দিব নোৱাৰিব।

কোকিল শইকীয়া

কোকিল শইকীয়া

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd