তামিলগা ভেট্ৰি কাজাগমৰ মিত্ৰজোঁটৰ লগতে বিৰোধী দলসমূহৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ নিজৰ ব্যক্তিগত জ্যোতিষী ৰিকি ৰাধন পণ্ডিত ভেট্টিভেলক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া বা অ’এছডি পদৰ পৰা অপসাৰণ কৰিছে।
ভেট্টিভেলক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এই গুৰুত্বপূৰ্ণ পদৱীত নিযুক্তি দিয়াৰ এদিন পিছতেই নিযুক্তি বাতিলৰ খবৰ পোহৰলৈ আহে। এই নিযুক্তিৰ খবৰে সমগ্ৰ তামিলনাডুৰ ৰাজনৈতিক মহলত এক গভীৰ বিতৰ্কৰ সৃষ্টি কৰিছিল। টিভিকে চৰকাৰক সমৰ্থন আগবঢ়োৱা ভিচিকে, চিপিআইএম আৰু চিপিআইৰ দৰে মিত্ৰ দলসমূহে এই পদক্ষেপৰ মুকলিকৈ বিৰোধিতা কৰি চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছিল।
বিধানসভাত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ আস্থা ভোটৰ ঠিক পূৰ্বে ভিচিকে দলৰ বিধায়ক বানী আৰ্চুৱে চৰকাৰৰ এই কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁ চৰকাৰক অন্ধবিশ্বাস বা জ্যোতিষশাস্ত্ৰৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু যুক্তিবাদী চিন্তাধাৰাত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছিল। বিধায়কগৰাকীয়ে স্পষ্টভাৱে কয় যে আমাৰ চৰকাৰে জ্যোতিষশাস্ত্ৰক নহয়, বৰঞ্চ কেৱল বৈজ্ঞানিক চিন্তাধাৰাকহে অগ্ৰাধিকাৰ দিয়া উচিত।





