• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মমতা চৰকাৰৰ দিনত জাৰি কৰা অ’বিচি আৰু এছচি-এছটি প্ৰমাণপত্ৰৰ হ’ব তদন্ত, মুখ্যমন্ত্রী শুভেন্দুৰ নির্দেশ

by
May 16, 2026 4:49 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ বিজেপি চৰকাৰে প্ৰশাসনিক স্তৰত এক ডাঙৰ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ ৰাজ্যতে জাৰি কৰা জাতিগত প্ৰমাণপত্ৰসমূহৰ ব্যাপক পৰ্যালোচনা কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ নেতৃত্বাধীন চৰকাৰে সকলো জিলা উপায়ুক্তক নিৰ্দেশ জাৰি কৰি ২০১১ চনৰ পৰা এতিয়ালৈকে জাৰি কৰা প্ৰায় ১.৬৯ কোটি অনুসূচিত জাতি (এছচি), অনুসূচিত জনজাতি (এছটি) আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) প্ৰমাণপত্ৰসমূহ পুনৰীক্ষণ কৰিবলৈ আদেশ দিছে।

বিগত কেইবছৰমানৰ পৰা এই জাতিগত প্ৰমাণপত্ৰসমূহৰ সত্যতা আৰু বৈধতাক লৈ বিভিন্ন অভিযোগ আৰু অনিয়মৰ প্ৰশ্ন উত্থাপন হোৱাৰ পিছতে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ মতে, বহু ক্ষেত্ৰত সঠিক তদন্ত নকৰাকৈয়ে অযোগ্য লোককো সংৰক্ষণৰ সুবিধা প্ৰদান কৰা প্ৰমাণপত্ৰ জাৰি কৰা হৈছিল। পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ সচিবৰ দ্বাৰা জাৰি কৰা চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে] যে ২০১১ চনৰ পৰা বৰ্তমানলৈকে প্ৰায় ১.৬৯ কোটি জাতিগত প্ৰমাণপত্ৰ জাৰি কৰা হৈছে আৰু ইয়াৰে কিছুমান প্ৰমাণপত্ৰৰ বৈধতাক বিভিন্ন পক্ষই প্ৰত্যাহ্বান জনাইছে।

Apply Now

ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো জিলা উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে যাতে তেওঁলোকৰ অধীনস্থ মহকুমাধিপতিসকলক ২০১১ চনৰ পৰা জাৰি কৰা প্ৰতিটো প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰিবলৈ আৱশ্যকীয় পদক্ষেপ ল’বলৈ কয়, কাৰণ মহকুমাধিপতিসকলে এই প্ৰমাণপত্ৰসমূহ জাৰি কৰাৰ বাবে সক্ষম কৰ্তৃপক্ষ। চৰকাৰী সূত্ৰ অনুসৰি, পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ দুৱাৰে চৰকাৰ কাৰ্যসূচীৰ সময়ত জাৰি কৰা প্ৰমাণপত্ৰসমূহক লৈয়েই আটাইতকৈ বেশি অভিযোগ উত্থাপন হৈছিল। অভিযোগ উঠিছে যে তেতিয়াৰ চৰকাৰে ৰাজনৈতিক লাভালাভৰ বাবে এই পৰীক্ষণ প্ৰক্ৰিয়াটো দুৰ্বল কৰি পেলাইছিল। বিশেষকৈ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জংঘলমহল অঞ্চলত নিজৰ ভিত্তি মজবুত কৰাৰ উদ্দেশ্যেৰে বৃহৎ সংখ্যক প্ৰমাণপত্ৰ জাৰি কৰা হৈছিল, যাৰ বিৰুদ্ধে বিজেপিয়ে সেই সময়ত সৱব হৈ পৰিছিল।

এই সমস্যাটো তেতিয়া অধিক গুৰুতৰ হৈ পৰে যেতিয়া অযোগ্য লোকৰ সন্তান আৰু নিৰ্ভৰশীলসকলেও সেই প্ৰমাণপত্ৰৰ ভিত্তিত জাতিগত প্ৰমাণপত্ৰ লাভ কৰিবলৈ ধৰে। ইয়াৰ ফলত প্ৰকৃত অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ মাজত সংৰক্ষণৰ অধিকাৰক লৈ চিন্তা বৃদ্ধি পায়। অযোগ্য ব্যক্তি অন্তৰ্ভুক্ত হোৱাৰ বাবে প্ৰকৃত যোগ্য প্ৰাৰ্থীসকল চৰকাৰী চাকৰি, শিক্ষানুষ্ঠান আৰু চৰকাৰী আঁচনিৰ সংৰক্ষণৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। জংঘলমহল অঞ্চলৰ অনুসূচিত জাতি আৰু জনজাতিৰ মাজত তৃণমূল চৰকাৰৰ প্ৰতি অসন্তুষ্টি বৃদ্ধি পোৱাৰ বাবেই বিজেপিয়ে বিগত নিৰ্বাচনত এই ইছ্যু লৈ ৰাজনৈতিক লাভো লাভ কৰিছিল।

চৰকাৰী নিৰ্দেশত লগতে স্পষ্ট কৰা হৈছে যে শেহতীয়াকৈ সম্পন্ন হোৱা বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত যিবোৰ ব্যক্তি বা তেওঁলোকৰ নিৰ্ভৰশীল লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে, তেওঁলোকৰ জাতিগত প্ৰমাণপত্ৰৰো বিশেষ তদন্ত কৰা হ’ব। যদি তদন্তত কোনো অনিয়ম ধৰা পৰে, তেন্তে প্ৰমাণপত্ৰসমূহ বাতিল কৰা হ’ব পাৰে। ৰাজ্য চৰকাৰে এইক্ষেত্ৰত অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু তদন্তত কোনো ধৰণৰ গাফিলতি পালে সংশ্লিষ্ট প্ৰমাণপত্ৰ জাৰি কৰা বিষয়াগৰাকীৰ ওপৰত ব্যক্তিগত দায়িত্ব আৰোপ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd