• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিটৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত উত্তাল গুৱাহাটী: এন টি এ বাতিল আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত এছ এফ আইৰ সমদলত আৰক্ষীৰ বাধা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 8:27 pm
80
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ আজি ১৬ মে’ তাৰিখে গুৱাহাটীত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ এছ এফ আইৰ উদ্যোগত গুৱাহাটীৰ নেহৰু পাৰ্কৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। কিন্তু শিক্ষাৰ্থীসকলৰ এই শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক সমদলটোক আৰক্ষী বাহিনীয়ে বলপ্ৰয়োগ কৰি নিৰ্দয়ভাৱে বাধা প্ৰদান কৰে।

প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰে যে ২০১৮ চনৰ পৰাই এন টি এ চমুকৈ নেচনেল টেষ্টিং এজেন্সীৰ জৰিয়তে অনুষ্ঠিত হোৱা পৰীক্ষাসমূহত ব্যাপক খেলিমেলি হৈ আহিছে। এইবাৰ নিট পৰীক্ষাৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিল আৰু লাখ লাখ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি দি পৰিকল্পিতভাৱে প্ৰশ্নকাকত ফাদিল কৰা হ’ল। এছ এফ আইৰ মতে, এই সমগ্ৰ কেলেংকাৰীৰ লগত শাসকীয় বিজেপি দলৰ বহু নেতা আৰু পালিনেতা প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, যিয়ে নিজৰ ৰাজনৈতিক আৰু আৰ্থিক স্বাৰ্থৰ বাবে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীসকলৰ সপোন ধ্বংস কৰিছে।

Apply Now

এই প্ৰতিবাদৰ জৰিয়তে এছ এফ আইয়ে চৰকাৰৰ ওচৰত মূলতঃ তিনিটা দাবী উত্থাপন কৰিছে। প্ৰথমতে, ৰাজ্যসমূহৰ পৰা শিক্ষাৰ অধিকাৰ কাঢ়ি নি শিক্ষাৰ কেন্দ্ৰীয়কৰণ কৰাৰ উদ্দেশ্যে গঠন কৰা এন টি এ শীঘ্ৰে বাতিল কৰিব লাগে। দ্বিতীয়তে, এই বিফলতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অনতিবিলম্বে নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে। ইয়াৰ লগতে, নিটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ এক উচ্চস্তৰীয় তদন্ত কৰি ইয়াৰ সৈতে জড়িত থকা সকলো বিজেপি নেতা, পালিনেতা আৰু পৰীক্ষা মাফিয়াক কঠোৰ শাস্তি প্ৰদান কৰাৰো দাবী জনোৱা হৈছে।

অশেষ কষ্ট, ত্যাগ আৰু ধন ব্যয় কৰি পৰীক্ষাৰ বাবে সাজু হোৱা ছাত্ৰ-ছাত্ৰীসকল এনে চৰকাৰী কেলেংকাৰীৰ বাবে তীব্ৰ মানসিক চাপ আৰু হতাশাৰ বলি হ’বলগীয়া হৈছে বুলি সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে। এছ এফ আইৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি দেৱান ইপ্টিকাৰ হুছেইন আৰু সম্পাদক ৰাজদ্বীপ মহন্তই স্পষ্ট কৰি দিয়ে যে চৰকাৰে আৰক্ষীৰ ভয় দেখুৱাই শিক্ষাৰ্থীৰ মাত দবাই ৰাখিব নোৱাৰে। চৰকাৰৰ এই ছাত্ৰ-বিৰোধী নীতি কোনো কাৰণতে সহ্য কৰা নহ’ব আৰু ছাত্ৰ-ছাত্ৰীৰ ন্যায্য দাবীসমূহ পূৰণ নোহোৱালৈকে তেওঁলোকৰ এই সংগ্ৰাম অব্যাহত থাকিব বুলি সংগঠনটোৱে চৰকাৰক সকীয়াই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd