কোনো কামতেই উৎসাহ বিচাৰি নোপোৱা, প্ৰিয় বস্তুৰ প্ৰতিও ক্ৰমান্বয়ে উদাসীন হৈ পৰা আৰু জীৱনৰ কোনো মুহূৰ্ততে আনন্দ উপভোগ কৰিব নোৱাৰা এক বিশেষ মানসিক অৱস্থাক লৈ বৰ্তমান চিকিৎসা বিজ্ঞানৰ মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। চিকিৎসা বিজ্ঞানৰ ভাষাত ‘এনহেডোনিয়া’ (Anhedonia) নামেৰে পৰিচিত এই জটিল মানসিক স্থিতিৰ সন্দৰ্ভত শেহতীয়াকৈ সন্মানীয় ‘জামা’ (JAMA) মেডিকেল জাৰ্নেলত এক গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰ প্ৰকাশ পাইছে। সাধাৰণতে মন বেয়া হোৱা বা মানসিক অৱসাদ (Depression) বুলি ভুল কৰা এই স্থিতি প্ৰকৃতাৰ্থত অৱসাদতকৈও অধিক ভয়াৱহ হ’ব পাৰে, যাৰ ফলত মানুহৰ স্বাভাৱিক জীৱনীশক্তি আৰু সুখ লাভৰ ক্ষমতা সম্পূৰ্ণৰূপে নিঃশেষ হৈ পৰে।
মনোবিজ্ঞানীসকলৰ মতে, মন বেয়া হোৱা মানেই সদায় সাধাৰণ মানসিক অৱসাদ নহয়। অৱসাদক যদি এটা বিশাল ছাতি বুলি ধৰি লোৱা হয়, তেন্তে তাৰে এক গুৰুত্বপূৰ্ণ তথা অতি স্পৰ্শকাতৰ অংশ অধিকাৰ কৰি থাকে এই চিৰস্থায়ী আনন্দহীনতাৰ অনুভূতিয়ে। ৰাতিপুৱা টোপনিৰ পৰা উঠিবলৈ মন নোযোৱা, প্ৰিয় খাদ্য খাবলৈ ভাল নলগা, ফুৰিবলৈ বা ভ্ৰমণ কৰাৰ ইচ্ছা হেৰাই যোৱা, আনকি অতি আপোন মানুহবোৰৰ সংগও আমনিদায়ক হৈ পৰাটো এই ব্যাধিৰ প্ৰাথমিক লক্ষণ হিচাপে চিহ্নিত হৈছে। ইয়াত নেতিবাচক চিন্তাবোৰে ইতিবাচক ভাৱনাক এনেদৰে গ্ৰাস কৰে যে মানুহজন ক্ৰমান্বয়ে তীব্ৰ উৎকণ্ঠা আৰু গভীৰ হতাশাৰ দিশলৈ গতি কৰে। দৈনন্দিন কৰ্মজীৱন, সংসাৰ আৰু সম্পৰ্কৰ মাজত থকা অতিৰিক্ত মানসিক চাপে মানুহৰ মনোজগতক লাহে লাহে তচনচ কৰি পেলায়, যাৰ ফলত জীৱনক অনুভৱ কৰাৰ মৌলিক ইচ্ছাই নোহোৱা হৈ পৰে।
এই মানসিক অৱস্থাৰ নেপথ্যত কেৱল মনৰ দুৰ্বলতা নহয়, বৰঞ্চ মগজুৰ ৰাসায়নিক আৰু স্নায়ৱিক পৰিৱৰ্তনহে মূল কাৰণ বুলি আমেৰিকাৰ ভেনডাৰবিল্ট বিশ্ববিদ্যালয়ৰ (Vanderbilt University) এক শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে। সাধাৰণ অৱস্থাত মানুহে যেতিয়া কোনো প্ৰিয় কাম কৰে, যেনে প্ৰিয় খাদ্য গ্ৰহণ, গান শুনা বা বন্ধু-বান্ধৱীৰ সৈতে বাৰ্তালাপ কৰা, তেতিয়া মগজুৰ ‘মেছোলিম্বিক ৰিৱাৰ্ড পাথৱে’ (Mesolimbic Reward Pathway) নামৰ বিশেষ অংশটো সক্ৰিয় হৈ পৰে আৰু ই মানুহক আনন্দ প্ৰদান কৰে। কিন্তু এনহেডোনিয়াত আক্ৰান্ত হ’লে মগজুৰ এই নিৰ্দিষ্ট অংশটো নিষ্ক্ৰিয় হৈ পৰে, যাৰ ফলত কোনো কামতে উদ্দীপনা বা উৎসাহ বাকী নাথাকে। ইয়াৰ উপৰি, মগজুত ‘ডোপামিন’ (Dopamine) নামৰ নিউট্ৰোট্ৰান্সমিটাৰৰ অৰ্থাৎ ‘মোটিভেশ্বন হৰমন’ৰ ভাৰসাম্যহীনতা আৰু দীৰ্ঘদিনীয়া মানসিক চাপৰ বাবে ‘কৰ্টিছল’ হৰমনৰ ক্ষৰণ বৃদ্ধি পোৱাটোও ইয়াৰ অন্য এক বৈজ্ঞানিক কাৰণ।
এই সন্দৰ্ভত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ কেদাৰৰঞ্জন বন্দ্যোপাধ্যায়ে জানিবলৈ দিয়ে যে আনন্দ, উল্লাস বা তৃপ্তি অনুভৱ কৰাৰ অক্ষমতাই হৈছে এনহেডোনিয়া। এনে মানসিক অৱস্থাত এজন ব্যক্তিয়ে জীৱনৰ আটাইতকৈ সুখৰ বা প্ৰত্যাশিত মুহূৰ্ততো কেৱল নেতিবাচক চিন্তা কৰিবলৈ লয়; যেনে বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত লাভ কৰা চাকৰি এটাৰ পিছতো আনন্দিত নোহোৱা বা প্ৰিয় ঠাইলৈ ফুৰিবলৈ গৈও গভীৰ হতাশাত নিমজ্জিত হোৱা। এই অৱস্থাত মানুহৰ মনটো সম্পূৰ্ণৰূপে উদাসীন আৰু অনুভূতিহীন হৈ পৰে।
আনহাতে, এই জটিল মানসিক স্থিতিৰ প্ৰতিকাৰৰ ক্ষেত্ৰত কোনো কড়া ঔষধতকৈ ইতিবাচক চিন্তাধাৰাকহে মূল মাধ্যম হিচাপে গণ্য কৰা হৈছে। মনোবিজ্ঞানী অনিন্দিতা মুখোপাধ্যায়ে উল্লেখ কৰা মতে, বৰ্তমান ইয়াৰ আধুনিক চিকিৎসাত ‘পজিটিভ এফেক্ট ট্ৰীটমেণ্ট’ (Positive Affect Treatment) ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে। এই পদ্ধতিত মনৰ বেয়া চিন্তাবোৰ জোৰকৈ আঁতৰোৱাৰ পৰিৱৰ্তে মগজুৰ ইতিবাচক চিন্তাশক্তিক বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হয়। জীৱনক এক প্ৰবাহমান নদীৰ দৰে গ্ৰহণ কৰি উত্থান-পতনসমূহক স্বাভাৱিকভাৱে গ্ৰহণ কৰা আৰু অতীতৰ বেয়া স্মৃতিক ইতিবাচক ভাৱনাৰে ঢাকী দিয়াই হৈছে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ অন্যতম উপায়।
শাৰীৰিক অসুস্থতাৰ তুলনাত মানসিক স্বাস্থ্যক লৈ সমাজত আজিও সজাগতা যথেষ্ট কম আৰু এনহেডোনিয়াৰ দরে অচিনাকি অথচ মাৰাত্মক ব্যাধিবোৰে নীৰৱে বহু লোকৰ জীৱনীশক্তি নিঃশেষ কৰি আহিছে। বৰ্তমান চিকিৎসা বিজ্ঞানী আৰু মনোবিদসকলে এই স্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ লগতে জীৱনৰ চুটি চুটি মূহূৰ্তবোৰত আনন্দৰ সন্ধান কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।





