• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একোৱেই ভাল নালাগে নাকি? সাৱধান! এয়া কেৱল ক্ষন্তেকীয়া মন বেয়া হোৱা নহয়, হ’ব পাৰে ‘এনহেডোনিয়া’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2026 7:00 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো কামতেই উৎসাহ বিচাৰি নোপোৱা, প্ৰিয় বস্তুৰ প্ৰতিও ক্ৰমান্বয়ে উদাসীন হৈ পৰা আৰু জীৱনৰ কোনো মুহূৰ্ততে আনন্দ উপভোগ কৰিব নোৱাৰা এক বিশেষ মানসিক অৱস্থাক লৈ বৰ্তমান চিকিৎসা বিজ্ঞানৰ মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। চিকিৎসা বিজ্ঞানৰ ভাষাত ‘এনহেডোনিয়া’ (Anhedonia) নামেৰে পৰিচিত এই জটিল মানসিক স্থিতিৰ সন্দৰ্ভত শেহতীয়াকৈ সন্মানীয় ‘জামা’ (JAMA) মেডিকেল জাৰ্নেলত এক গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰ প্ৰকাশ পাইছে। সাধাৰণতে মন বেয়া হোৱা বা মানসিক অৱসাদ (Depression) বুলি ভুল কৰা এই স্থিতি প্ৰকৃতাৰ্থত অৱসাদতকৈও অধিক ভয়াৱহ হ’ব পাৰে, যাৰ ফলত মানুহৰ স্বাভাৱিক জীৱনীশক্তি আৰু সুখ লাভৰ ক্ষমতা সম্পূৰ্ণৰূপে নিঃশেষ হৈ পৰে।

মনোবিজ্ঞানীসকলৰ মতে, মন বেয়া হোৱা মানেই সদায় সাধাৰণ মানসিক অৱসাদ নহয়। অৱসাদক যদি এটা বিশাল ছাতি বুলি ধৰি লোৱা হয়, তেন্তে তাৰে এক গুৰুত্বপূৰ্ণ তথা অতি স্পৰ্শকাতৰ অংশ অধিকাৰ কৰি থাকে এই চিৰস্থায়ী আনন্দহীনতাৰ অনুভূতিয়ে। ৰাতিপুৱা টোপনিৰ পৰা উঠিবলৈ মন নোযোৱা, প্ৰিয় খাদ্য খাবলৈ ভাল নলগা, ফুৰিবলৈ বা ভ্ৰমণ কৰাৰ ইচ্ছা হেৰাই যোৱা, আনকি অতি আপোন মানুহবোৰৰ সংগও আমনিদায়ক হৈ পৰাটো এই ব্যাধিৰ প্ৰাথমিক লক্ষণ হিচাপে চিহ্নিত হৈছে। ইয়াত নেতিবাচক চিন্তাবোৰে ইতিবাচক ভাৱনাক এনেদৰে গ্ৰাস কৰে যে মানুহজন ক্ৰমান্বয়ে তীব্ৰ উৎকণ্ঠা আৰু গভীৰ হতাশাৰ দিশলৈ গতি কৰে। দৈনন্দিন কৰ্মজীৱন, সংসাৰ আৰু সম্পৰ্কৰ মাজত থকা অতিৰিক্ত মানসিক চাপে মানুহৰ মনোজগতক লাহে লাহে তচনচ কৰি পেলায়, যাৰ ফলত জীৱনক অনুভৱ কৰাৰ মৌলিক ইচ্ছাই নোহোৱা হৈ পৰে।

Apply Now

এই মানসিক অৱস্থাৰ নেপথ্যত কেৱল মনৰ দুৰ্বলতা নহয়, বৰঞ্চ মগজুৰ ৰাসায়নিক আৰু স্নায়ৱিক পৰিৱৰ্তনহে মূল কাৰণ বুলি আমেৰিকাৰ ভেনডাৰবিল্ট বিশ্ববিদ্যালয়ৰ (Vanderbilt University) এক শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে। সাধাৰণ অৱস্থাত মানুহে যেতিয়া কোনো প্ৰিয় কাম কৰে, যেনে প্ৰিয় খাদ্য গ্ৰহণ, গান শুনা বা বন্ধু-বান্ধৱীৰ সৈতে বাৰ্তালাপ কৰা, তেতিয়া মগজুৰ ‘মেছোলিম্বিক ৰিৱাৰ্ড পাথৱে’ (Mesolimbic Reward Pathway) নামৰ বিশেষ অংশটো সক্ৰিয় হৈ পৰে আৰু ই মানুহক আনন্দ প্ৰদান কৰে। কিন্তু এনহেডোনিয়াত আক্ৰান্ত হ’লে মগজুৰ এই নিৰ্দিষ্ট অংশটো নিষ্ক্ৰিয় হৈ পৰে, যাৰ ফলত কোনো কামতে উদ্দীপনা বা উৎসাহ বাকী নাথাকে। ইয়াৰ উপৰি, মগজুত ‘ডোপামিন’ (Dopamine) নামৰ নিউট্ৰোট্ৰান্সমিটাৰৰ অৰ্থাৎ ‘মোটিভেশ্বন হৰমন’ৰ ভাৰসাম্যহীনতা আৰু দীৰ্ঘদিনীয়া মানসিক চাপৰ বাবে ‘কৰ্টিছল’ হৰমনৰ ক্ষৰণ বৃদ্ধি পোৱাটোও ইয়াৰ অন্য এক বৈজ্ঞানিক কাৰণ।

এই সন্দৰ্ভত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ কেদাৰৰঞ্জন বন্দ্যোপাধ্যায়ে জানিবলৈ দিয়ে যে আনন্দ, উল্লাস বা তৃপ্তি অনুভৱ কৰাৰ অক্ষমতাই হৈছে এনহেডোনিয়া। এনে মানসিক অৱস্থাত এজন ব্যক্তিয়ে জীৱনৰ আটাইতকৈ সুখৰ বা প্ৰত্যাশিত মুহূৰ্ততো কেৱল নেতিবাচক চিন্তা কৰিবলৈ লয়; যেনে বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত লাভ কৰা চাকৰি এটাৰ পিছতো আনন্দিত নোহোৱা বা প্ৰিয় ঠাইলৈ ফুৰিবলৈ গৈও গভীৰ হতাশাত নিমজ্জিত হোৱা। এই অৱস্থাত মানুহৰ মনটো সম্পূৰ্ণৰূপে উদাসীন আৰু অনুভূতিহীন হৈ পৰে।

আনহাতে, এই জটিল মানসিক স্থিতিৰ প্ৰতিকাৰৰ ক্ষেত্ৰত কোনো কড়া ঔষধতকৈ ইতিবাচক চিন্তাধাৰাকহে মূল মাধ্যম হিচাপে গণ্য কৰা হৈছে। মনোবিজ্ঞানী অনিন্দিতা মুখোপাধ্যায়ে উল্লেখ কৰা মতে, বৰ্তমান ইয়াৰ আধুনিক চিকিৎসাত ‘পজিটিভ এফেক্ট ট্ৰীটমেণ্ট’ (Positive Affect Treatment) ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে। এই পদ্ধতিত মনৰ বেয়া চিন্তাবোৰ জোৰকৈ আঁতৰোৱাৰ পৰিৱৰ্তে মগজুৰ ইতিবাচক চিন্তাশক্তিক বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হয়। জীৱনক এক প্ৰবাহমান নদীৰ দৰে গ্ৰহণ কৰি উত্থান-পতনসমূহক স্বাভাৱিকভাৱে গ্ৰহণ কৰা আৰু অতীতৰ বেয়া স্মৃতিক ইতিবাচক ভাৱনাৰে ঢাকী দিয়াই হৈছে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ অন্যতম উপায়।

শাৰীৰিক অসুস্থতাৰ তুলনাত মানসিক স্বাস্থ্যক লৈ সমাজত আজিও সজাগতা যথেষ্ট কম আৰু এনহেডোনিয়াৰ দরে অচিনাকি অথচ মাৰাত্মক ব্যাধিবোৰে নীৰৱে বহু লোকৰ জীৱনীশক্তি নিঃশেষ কৰি আহিছে। বৰ্তমান চিকিৎসা বিজ্ঞানী আৰু মনোবিদসকলে এই স্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ লগতে জীৱনৰ চুটি চুটি মূহূৰ্তবোৰত আনন্দৰ সন্ধান কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd