বুধবাৰে ৰোমত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীয়ে ‘এক পেড মা কে নাম’ কাৰ্যসূচীৰ অধীনত এডাল ‘ব্লেক মালবেৰী’ বা কৃষ্ণ তুত গছৰ পুলি ৰোপণ কৰে। এই ভ্ৰমণৰ সময়ছোৱাত দুয়োগৰাকী নেতাই ভাৰত আৰু ইটালীৰ মাজৰ কৌশলগত অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰি ইয়াক ‘বিশেষ কৌশলগত অংশীদাৰিত্ব’ৰ পৰ্যায়লৈ উন্নীত কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই পদক্ষেপৰ সন্দৰ্ভত উল্লেখ কৰে যে এই কৃষ্ণ তুত গছে ৰন্ধনপ্ৰণালী, চিকিৎসা আৰু সাংস্কৃতিক তাৎপৰ্যৰ জৰিয়তে ভাৰত আৰু ইটালীক সংযুক্ত কৰে। পৰিৱেশ সচেতনতা আৰু বহনক্ষম জীৱনধাৰণক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এই গছপুলি ৰোপণ কৰা হৈছে। এই সন্দৰ্ভত ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মেলোনীৰ সৈতে হোৱা আলোচনা অতি ফলপ্ৰসূ আছিল আৰু ভাৰত-ইটালীৰ বন্ধুত্ব আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ দায়বদ্ধতা প্ৰশংসনীয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, ২০২৯ চনৰ ভিতৰত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ইউৰোলৈ বৃদ্ধি কৰাৰ উমৈহতীয়া লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বাবে সন্মতি প্ৰকাশ কৰিছে। তেওঁলোকে যুটীয়া কৌশলগত কাৰ্যপৰিকল্পনা (২০২৫-২০২৯) পৰ্যালোচনা কৰাৰ লগতে প্ৰতিৰক্ষা, ডিজিটেল আৰু শক্তি পৰিৱৰ্তন খণ্ডৰ নিৰ্বাচিত ভাৰতীয় আৰু ইটালীয় মুখ্য কাৰ্যবাহী বিষয়াসকলকো সাক্ষাৎ কৰে।
উল্লেখযোগ্য যে, ১৫ মে’ৰ পৰা ২০ মে’লৈ প্ৰধানমন্ত্ৰী মোদীয়ে ইউ.এ.ই., নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰে। দেশত বৰ্ধিত মুদ্ৰাস্ফীতি আৰু শ্বেয়াৰ বজাৰৰ অস্থিৰতাৰ দৰে ঘৰুৱা অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীৰ এই বিদেশ ভ্ৰমণে সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। অৰ্থনৈতিক বিশ্লেষকসকলে এই সময়ছোৱাত হোৱা বজাৰৰ অৱনমন আৰু চৰকাৰৰ কূটনৈতিক অগ্ৰাধিকাৰৰ মাজৰ ভাৰসাম্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।
তদুপৰি, দেশত যি সময়ত উন্নয়নমূলক প্ৰকল্পৰ নামত অবাধে বনাঞ্চলৰ ধ্বংসযজ্ঞ চলাই থকা হৈছে, তাৰে এটা জ্বলন্ত উদাহৰণ হ’ল গুৱাহাটী ৰিং ৰোড প্ৰকল্প। এই প্ৰকল্পৰ নামত কোনো বিজ্ঞানসন্মত পৰিকল্পনা তথা জৰীপ নকৰাকৈ এক বৃহৎ অংশৰ বনাঞ্চল ধ্বংসৰ যো-জা চলোৱা হৈছিল। তেনে সময়ত বিদেশত পৰিৱেশ সচেতনতাৰ ঢাক-ঢোল বজোৱাটো সঁচাকৈয়ে হাস্যকৰ।





