• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পাৰ হৈ গৈছিল ১১ খনকৈ দেশ, যাত্ৰা সম্পূৰ্ণ হ’বলৈ লাগিছিল ৫০ দিন সময় : জানো আহক ভাৰতীয় যাতায়ত সেৱাৰ নজনা ইতিহাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 3:05 pm
68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰি লওক আপুনি কলকাতাৰ পৰা লণ্ডনলৈ যাব। তাৰ বাবে আপুনি নিশ্চয় ৯ ঘণ্টাৰ বিমান যাত্ৰা বাচনি কৰিব। ভাগ্য ভাল হ’লে খিৰিকীৰ কাষৰ আসনখন পাব আৰু আকাশৰ পৰাই প্ৰায় ১০খন দেশৰ ভূপৃষ্ঠ চাই যাব পাৰিব। কিন্তু আপুনি জানেনে যে এসময়ত কলকাতাৰ পৰা লণ্ডনলৈ যাবলৈ এখন বিশেষ বাছ চলিছিল? ১১খন দেশৰ বুকুৰে পাৰ হৈ যোৱা এই বাছখনৰ পৰা নামি যাত্ৰীসকলে সেই দেশবোৰ নিজ চকুৰে দেখিবলৈ পাইছিল।

এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ১৯৫৭ চনত কলকাতাৰ পৰা লণ্ডনলৈ অহা-যোৱা কৰিবৰ বাবে এই বিশেষ বাছ সেৱা আৰম্ভ হৈছিল। পৃথিৱীৰ এটা মূৰৰ পৰা আনটো মূৰলৈ প্ৰায় ১৬ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল এই বাছখনে। এই দুমহলীয়া বাছখনে পূবৰ পৰা পশ্চিমলৈ যাবলৈ সময় লৈছিল প্ৰায় ৫০ দিন।

Apply Now

তিন সাঁজৰ আহাৰ আৰু শুবলৈ বাংকাৰৰ সুবিধাসহ এই যাত্ৰাৰ খৰচ আছিল প্ৰায় তিনি হাজাৰ টকা। ইংৰাজসকলৰ লগতে চহকী ভাৰতীয় সকলো এই বাছত যাত্ৰা কৰিছিল। এই বাছখনে পাকিস্তান হৈ আফগানিস্তানত প্ৰৱেশ কৰিছিল। যাত্ৰীসকলে কাবুলত নামি অতি কম দামত পেস্তা বাদাম কিনিছিল। ইয়াৰ পিছত তেওঁলোকে তুৰস্কৰ ডাঙৰ ডাঙৰ পাহাৰবোৰ পাৰ হৈছিল।

নিৰ্দিষ্ট সময়ত কিছুমান নিৰ্দিষ্ট ঠাইত বাছখন ৰখোৱা হৈছিল। যাত্ৰীসকলে তাতে নামিছিল, জিৰণি লৈছিল আৰু শৌচাগাৰ ব্যৱহাৰ কৰিছিল। যাত্ৰী সকলে বাছৰ পৰা নামি ইৰান, কিজাখিস্তান আদি দেশৰ থলুৱা সামগ্ৰী ক্ৰয় কৰিছিল। কেতিয়াবা কোনো ধুনীয়া হ্ৰদৰ পাৰত বাছখন ৰৈছিল, তেনেদৰে আকৌ কেতিয়াবা ইৰাকৰ কোনো পাহাৰীয়া ঘাইপথত যাত্ৰীসকলে বাছৰ খিৰিকীৰে সূৰ্যাস্ত উপভোগ কৰিছিল।

এই বাছত যাত্ৰা কৰা লোকসকলৰ বাবে প্ৰতিটো দিনেই আছিল অতি আকৰ্ষণীয়। তেওঁলোকৰ স্মৃতিত এই যাত্ৰাৰ প্ৰতিখন দোকান, চাহ খোৱাৰ বিৰতি বা বজাৰত দৰদাম কৰি কিনা সৰু সৰু বস্তুবোৰো জীৱনৰ শেষলৈকে অমৰ হৈ ৰৈছিল। তেওঁলোকৰ বাবে এই বাছ যাত্ৰা কেৱল এটা ভ্ৰমণেই নাছিল, ই আছিল এক চলন্ত পাঠশালাৰ দৰে।

যাত্ৰীসকলে সকলো দেশৰে ভাষা জনা নাছিল। বজাৰ ফুৰিবলৈ যিবোৰ দেশত তেওঁলোক নামিছিল, সেই দেশৰ মানুহবোৰেও তেওঁলোকৰ ভাষা বুজি পোৱা নাছিল। তথাপিও কাৰো সৈতে কথা পাতিবলৈ বা বজাৰত দৰদাম কৰিবলৈ কাৰো একো অসুবিধা হোৱা নাছিল। এই ৫০ দিনীয়া যাত্ৰাত দিনক দিনে কিমান যে ভিন্ন সংস্কৃতি সলনি হৈ গৈছিল, তাৰ কোনো লেখ নাছিল।

কিন্তু এই দুমহলীয়া বাছ সেৱা লাহে লাহে বন্ধ হ’বলৈ ধৰিলে। পৃথিৱীত যুদ্ধৰ পৰিস্থিতি সৃষ্টি হ’ল আৰু সাধাৰণ মানুহৰ বাবে দেশৰ সীমাবোৰ পাৰ হোৱাটো কঠিন হৈ পৰিল। অৱশেষত ১৯৭৬ চনত এই বাছ সেৱা বন্ধ হৈ পৰিছিল।

পাছলৈ এই বাছখন যিটো নিৰ্দিষ্ট পথেৰে গৈছিল, সেই পথেৰে কিছুমান পৰ্যটকে কলকাতাৰ পৰা লণ্ডনলৈ ভ্ৰমণ কৰিছিল। এই যাত্ৰাপথক হিপ্পী ট্ৰেইল নাম দিয়া হৈছিল। আচলতে ষাঠিৰ দশকৰ এই হিপ্পী ট্ৰেইল আছিল সেই বিখ্যাত কলকাতা-লণ্ডন বাছ যাত্ৰাৰ পথ। বৰ্তমান লণ্ডন চহৰখন কলকাতাৰ পৰা মাত্ৰ ৯ ঘণ্টাৰ দূৰত্বত আছে। কিন্তু সেই সময়ৰ সেই বাছ যাত্ৰা আৰু ১১খন দেশৰ বিভিন্ন সংস্কৃতিৰ নতুন নতুন অভিজ্ঞতাই দিয়া প্ৰতিটো কিলোমিটাৰ আজিও তেওঁলোকৰ স্মৃতিত সজীৱ হৈ আছে, যিসকল এই ঐতিহাসিক যাত্ৰাৰ সংগী আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd