ধৰি লওক আপুনি কলকাতাৰ পৰা লণ্ডনলৈ যাব। তাৰ বাবে আপুনি নিশ্চয় ৯ ঘণ্টাৰ বিমান যাত্ৰা বাচনি কৰিব। ভাগ্য ভাল হ’লে খিৰিকীৰ কাষৰ আসনখন পাব আৰু আকাশৰ পৰাই প্ৰায় ১০খন দেশৰ ভূপৃষ্ঠ চাই যাব পাৰিব। কিন্তু আপুনি জানেনে যে এসময়ত কলকাতাৰ পৰা লণ্ডনলৈ যাবলৈ এখন বিশেষ বাছ চলিছিল? ১১খন দেশৰ বুকুৰে পাৰ হৈ যোৱা এই বাছখনৰ পৰা নামি যাত্ৰীসকলে সেই দেশবোৰ নিজ চকুৰে দেখিবলৈ পাইছিল।
এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ১৯৫৭ চনত কলকাতাৰ পৰা লণ্ডনলৈ অহা-যোৱা কৰিবৰ বাবে এই বিশেষ বাছ সেৱা আৰম্ভ হৈছিল। পৃথিৱীৰ এটা মূৰৰ পৰা আনটো মূৰলৈ প্ৰায় ১৬ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল এই বাছখনে। এই দুমহলীয়া বাছখনে পূবৰ পৰা পশ্চিমলৈ যাবলৈ সময় লৈছিল প্ৰায় ৫০ দিন।
তিন সাঁজৰ আহাৰ আৰু শুবলৈ বাংকাৰৰ সুবিধাসহ এই যাত্ৰাৰ খৰচ আছিল প্ৰায় তিনি হাজাৰ টকা। ইংৰাজসকলৰ লগতে চহকী ভাৰতীয় সকলো এই বাছত যাত্ৰা কৰিছিল। এই বাছখনে পাকিস্তান হৈ আফগানিস্তানত প্ৰৱেশ কৰিছিল। যাত্ৰীসকলে কাবুলত নামি অতি কম দামত পেস্তা বাদাম কিনিছিল। ইয়াৰ পিছত তেওঁলোকে তুৰস্কৰ ডাঙৰ ডাঙৰ পাহাৰবোৰ পাৰ হৈছিল।
নিৰ্দিষ্ট সময়ত কিছুমান নিৰ্দিষ্ট ঠাইত বাছখন ৰখোৱা হৈছিল। যাত্ৰীসকলে তাতে নামিছিল, জিৰণি লৈছিল আৰু শৌচাগাৰ ব্যৱহাৰ কৰিছিল। যাত্ৰী সকলে বাছৰ পৰা নামি ইৰান, কিজাখিস্তান আদি দেশৰ থলুৱা সামগ্ৰী ক্ৰয় কৰিছিল। কেতিয়াবা কোনো ধুনীয়া হ্ৰদৰ পাৰত বাছখন ৰৈছিল, তেনেদৰে আকৌ কেতিয়াবা ইৰাকৰ কোনো পাহাৰীয়া ঘাইপথত যাত্ৰীসকলে বাছৰ খিৰিকীৰে সূৰ্যাস্ত উপভোগ কৰিছিল।
এই বাছত যাত্ৰা কৰা লোকসকলৰ বাবে প্ৰতিটো দিনেই আছিল অতি আকৰ্ষণীয়। তেওঁলোকৰ স্মৃতিত এই যাত্ৰাৰ প্ৰতিখন দোকান, চাহ খোৱাৰ বিৰতি বা বজাৰত দৰদাম কৰি কিনা সৰু সৰু বস্তুবোৰো জীৱনৰ শেষলৈকে অমৰ হৈ ৰৈছিল। তেওঁলোকৰ বাবে এই বাছ যাত্ৰা কেৱল এটা ভ্ৰমণেই নাছিল, ই আছিল এক চলন্ত পাঠশালাৰ দৰে।
যাত্ৰীসকলে সকলো দেশৰে ভাষা জনা নাছিল। বজাৰ ফুৰিবলৈ যিবোৰ দেশত তেওঁলোক নামিছিল, সেই দেশৰ মানুহবোৰেও তেওঁলোকৰ ভাষা বুজি পোৱা নাছিল। তথাপিও কাৰো সৈতে কথা পাতিবলৈ বা বজাৰত দৰদাম কৰিবলৈ কাৰো একো অসুবিধা হোৱা নাছিল। এই ৫০ দিনীয়া যাত্ৰাত দিনক দিনে কিমান যে ভিন্ন সংস্কৃতি সলনি হৈ গৈছিল, তাৰ কোনো লেখ নাছিল।
কিন্তু এই দুমহলীয়া বাছ সেৱা লাহে লাহে বন্ধ হ’বলৈ ধৰিলে। পৃথিৱীত যুদ্ধৰ পৰিস্থিতি সৃষ্টি হ’ল আৰু সাধাৰণ মানুহৰ বাবে দেশৰ সীমাবোৰ পাৰ হোৱাটো কঠিন হৈ পৰিল। অৱশেষত ১৯৭৬ চনত এই বাছ সেৱা বন্ধ হৈ পৰিছিল।
পাছলৈ এই বাছখন যিটো নিৰ্দিষ্ট পথেৰে গৈছিল, সেই পথেৰে কিছুমান পৰ্যটকে কলকাতাৰ পৰা লণ্ডনলৈ ভ্ৰমণ কৰিছিল। এই যাত্ৰাপথক হিপ্পী ট্ৰেইল নাম দিয়া হৈছিল। আচলতে ষাঠিৰ দশকৰ এই হিপ্পী ট্ৰেইল আছিল সেই বিখ্যাত কলকাতা-লণ্ডন বাছ যাত্ৰাৰ পথ। বৰ্তমান লণ্ডন চহৰখন কলকাতাৰ পৰা মাত্ৰ ৯ ঘণ্টাৰ দূৰত্বত আছে। কিন্তু সেই সময়ৰ সেই বাছ যাত্ৰা আৰু ১১খন দেশৰ বিভিন্ন সংস্কৃতিৰ নতুন নতুন অভিজ্ঞতাই দিয়া প্ৰতিটো কিলোমিটাৰ আজিও তেওঁলোকৰ স্মৃতিত সজীৱ হৈ আছে, যিসকল এই ঐতিহাসিক যাত্ৰাৰ সংগী আছিল।





