উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এন ডি এ মিত্ৰজোঁটৰ ভিতৰত তীব্ৰ মতানৈক্যৰ সৃষ্টি হৈছে। কাৰণ ৰাজ্য বিভাজনৰ বিষয়টোৱে আকৌ এবাৰ মূৰ দাঙি উঠিছে।
উত্তৰ প্ৰদেশৰ বিজেপিৰ অন্যতম মিত্ৰ দল সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টি। এই দলৰ মুৰব্বী তথা উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ অন্যতম মন্ত্ৰী ওমপ্ৰকাশ ৰাজভৰে কয় যে আজি নহয় কাইলৈ উত্তৰ প্ৰদেশ ৰাজ্যখন বিভাজন কৰিবই লাগিব। গতিকে সেই প্ৰক্ৰিয়াটো এতিয়াৰ পৰা আৰম্ভ হ’ব লাগে।
তেওঁ কয় যে পূৰ্বাঞ্চল সুকীয়া ৰাজ্য হোৱাৰ প্ৰয়োজন। এই দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। ইয়াৰ পূৰ্বে বিজেপি ক্ষমতাত নথকা সময়ত বিজেপিও এই দাবীৰ পক্ষত আছিল। কিন্তু ক্ষমতালৈ অহাৰ পিছৰে পৰা বিজেপিয়ে আৰু এই দাবীক লৈ কোনো বক্তব্য দিয়া নাই।
ৰাজভৰৰ দাবী, পূৰ্বাঞ্চলত ৰাজভৰ সম্প্ৰদায়ৰ সংখ্যা সৰ্বাধিক। অৱশ্যে তেওঁলোকৰ বাবে কোনো বিশেষ সকাহ উপলব্ধ নহয়। এই কাৰণে এখন সুকীয়া পূৰ্বাঞ্চলৰ ৰাজ্যৰ প্ৰয়োজন। ইয়াতে ৰাজভৰ সম্প্ৰদায়ৰ এজন মুখ্যমন্ত্ৰী হ’ব পাৰিব। পূৰ্বাঞ্চলৰ ৰাজধানী হ’ব বাৰাণসী।
ওমপ্ৰকাশ ৰাজভৰৰ এই দাবীত লুকাই আছে এলানি ৰাজনৈতিক কৌশল। তেওঁ পূৰ্বাঞ্চলৰ দাবী উত্থাপন কৰি নিৰ্বাচনৰ ঠিক আগেয়ে পূৰ্বাঞ্চলৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া আকাংখা জগাই তুলিলে। পুনৰ পূৰ্বাঞ্চলৰ ৰাজভৰ সম্প্ৰদায়ৰ পৰা মুখ্যমন্ত্ৰী দাবী কৰি তেওঁ পৰোক্ষভাৱে সেই পদৰ বাবে নিজকে প্ৰক্ষেপ কৰিলে।
আপাত দৃষ্টিত সৰু আঞ্চলিক দল যদিও ৰাজভৰ সমাজৰ ওপৰত এই দলৰ প্ৰভাৱ আছে। সেইবাবেই বিজেপি নেতৃত্বই মিত্ৰজোঁটৰ এই অংশীদাৰক কেইবাবাৰো বিভিন্ন বিষয়ত অস্বস্তিত পেলালেও সম্পূৰ্ণৰূপে আওকাণ কৰিব নোৱাৰে। এই কাৰণতে উত্তৰ প্ৰদেশতো ওমপ্ৰকাশ ৰাজভৰক মন্ত্ৰীপদ দিয়া হৈছে।
কিন্তু ৰাজনৈতিক মহলৰ একাংশই ধাৰণা কৰে যে তেওঁ নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি বিজেপিৰ সৈতে দৰদামৰ পথ মুকলি কৰিছে। এই বিষয়ত তেওঁ আসনক লৈ দৰাদৰি কৰিব বুলি কয়। তেওঁ আৰু কেইখনমান অধিক আসনৰ দাবী কৰিব। তাৰপিছতে বিদ্ৰোহৰ অন্ত পৰিব। যিকোনো ৰাজ্যতে এটা বৃহৎ দলৰ ক্ষুদ্ৰ অংশীদাৰসকলে এই কৌশল ব্যৱহাৰ কৰে।
অৱশ্যে ৰাজভৰৰ এই দাবী খাৰিজ কৰিছে বিজেপিয়ে। যোগী চৰকাৰৰ মন্ত্ৰী দীনেশ প্ৰতাপ সিঙে কয়, মোডীজীয়ে দিছে এক জাতি এক নিৰ্বাচনৰ শ্লোগান। তেওঁ দেশৰ ঐক্য বজাই ৰখাৰ পক্ষত। বিজেপিৰৰাজ্যখন বিভাজন কৰাৰ কোনো নীতি নাই।
ইপিনে, বিজেপিয়ে নিজেই ২০০০ চনৰ পৰা ইখনৰ পিছত সিখন ৰাজ্য বিভাজন কৰি আহিছে। আচলতে নীতিগতভাৱে বিজেপি ক্ষুদ্ৰ ৰাজ্যৰ পক্ষত আছে। উত্তৰাখণ্ড, ছত্তীশগড়, ঝাৰখণ্ড এই সকলোবোৰ বিজেপিৰ শাসনকালত হৈছিল। তেলেংগানা ৰাজ্যৰ পক্ষতো আছিল বিজেপি। কিয় এতিয়া হঠাতে সুৰ সলনি হৈছে কিয়? এই প্ৰশ্নও উত্থাপন হৈছে।





