২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মূল মাষ্টাৰমাইণ্ড হামজা বুৰহান পাকিস্তান অধিকৃত কাশ্মীৰত অচিনাকী বন্দুকধাৰীৰ হাতত নিহত হৈছে। হামজা বুৰহানক ডক্টৰ নামেৰেও জনা গৈছিল। পাক অধিকৃত কাশ্মীৰৰ মুজাফফৰাবাদত হোৱা এক আক্ৰমণত তেওঁৰ দেহত কেইবাটাও গুলী লাগে আৰু থিতাতে তেওঁৰ মৃত্যু হয়। ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০২২ চনতে পুলৱামাৰ বাসিন্দা বুৰহানক এজন সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল।
পুলৱামাৰ ৰাত্নিপুৰা অঞ্চলৰ খাৰবাটপোৰাত জন্মগ্ৰহণ কৰা বুৰহানে ২০১৭ চনতে উচ্চ শিক্ষা গ্ৰহণৰ অজুহাতত পাকিস্তানলৈ গৈছিল। কিন্তু পাকিস্তানলৈ গৈ তেওঁ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন অল-বদৰত যোগদান কৰে আৰু অতি কম সময়ৰ ভিতৰতে সংগঠনটোৰ কমাণ্ডাৰ পদলৈ পদোন্নতি লাভ কৰে। জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত হোৱা সেই ভয়াৱহ ঘটনাটো আছিল ভাৰতীয় সুৰক্ষা বাহিনীৰ ওপৰত হোৱা আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ। জৈশ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে এই আক্ৰমণ চলাইছিল। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত এজন আত্মঘাতী সন্ত্ৰাসবাদীয়ে বিস্ফোৰক ভৰ্তি এখন গাড়ীৰে চি আৰ পি এফৰ এটা কনভয়ত খুন্দা মাৰিছিল, য’ত ৪০ গৰাকীতকৈও অধিক জোৱান শ্বহীদ হৈছিল।
এই ভয়াৱহ আক্ৰমণৰ ঠিক কেইদিনমান পিছতে ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত থকা সন্ত্ৰাসবাদীৰ ঘাটিত এক চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল। ভাৰতৰ এই প্ৰত্যুত্তৰৰ পিছত দুইখন দেশৰ মাজত ব্যাপক উত্তেজনা বৃদ্ধি পাইছিল। এতিয়া পুনৰ পাকিস্তানৰ মাটিত অচিনাকী লোকৰ হাতত এনে এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হোৱাৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।





