• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত দ্ৰুতগতিক হ্ৰাস পাইছে জন্মহাৰ: অসম আৰু বিহাৰকে ধৰি ছখন ৰাজ্যৰ বাহিৰে সমগ্ৰ দেশতে প্ৰজনন হাৰৰ পতন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2026 11:56 am
80
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত সামগ্ৰিক প্ৰজনন হাৰ বা এগৰাকী মহিলাই জন্ম দিয়া শিশুৰ গড় সংখ্যা পূৰ্বৰ ২.১ ৰ পৰা ১.৯ লৈ হ্ৰাস পাইছে। ২০২৪ চনৰ শেহতীয়া ছেম্পল ৰেজিষ্ট্ৰেচন ছিষ্টেম বা চমুকৈ এছ আৰ এছৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু ঝাৰখণ্ডৰ দৰে ছখন ৰাজ্যৰ বাহিৰে দেশৰ বাকী সকলো ৰাজ্যতে প্ৰজননৰ হাৰ ৰিপ্লেচমেণ্ট লেভেল অৰ্থাৎ প্ৰতিষ্ঠাপন স্তৰৰ তললৈ নামি গৈছে। ইয়াৰ ভিতৰত দিল্লীত প্ৰজনন হাৰ আটাইতকৈ কম, যিটো মাত্ৰ ১.২। ইয়াৰ পিছতে কেৰালা, তামিলনাডু আৰু পশ্চিমবংগৰ স্থান, য‘ত এই হাৰ হৈছে ১.৩।

যেতিয়া প্ৰজননৰ হাৰ ২.১ হয়, তেতিয়া ইয়াক ৰিপ্লেচমেণ্ট লেভেল বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ‘ল এগৰাকী মহিলাই নিজৰ জীৱনকালত গড় হিচাপে ২.১ টা সন্তান জন্ম দিলে তেওঁ আৰু তেওঁৰ জীৱনসংগীৰ স্থান সেই সন্তানে ল‘ব পাৰে আৰু জনসংখ্যা স্থিৰ হৈ থাকে। কিন্তু যেতিয়া এই হাৰ দীৰ্ঘদিন ধৰি ইয়াৰ তলত থাকে, তেতিয়া জনসংখ্যা বৃদ্ধিৰ হাৰ লেহেমীয়া হয় আৰু অৱশেষত জনসংখ্যা হ্ৰাস পোৱাৰ দিশলৈ গতি কৰে। যোৱা এক দশকৰ তথ্য বিশ্লেষণ কৰিলে দেখা যায় যে বিহাৰত প্ৰজনন হাৰ আটাইতকৈ কম পৰিমাণে হ্ৰাস পাইছে। ২০১২-১৪ বৰ্ষত বিহাৰত এই হাৰ ৩.২ আছিল, যিটো ২০২২-২৪ বৰ্ষত ২.৯ লৈ নামিছে অৰ্থাৎ মাত্ৰ ৯.৪ শতাংশ হ্ৰাস পাইছে।

Apply Now

ছত্তীশগড় আৰু অসমতো সামগ্ৰিক প্ৰজনন হাৰ আন ৰাজ্যৰ তুলনাত বেছি আৰু ইয়াত হ্ৰাস পোৱাৰ মাত্ৰাও ক্ৰমান্বয়ে ১১.৫ শতাংশ আৰু ১৩ শতাংশ, যিটো তুলনামূলকভাৱে কম। আনহাতে, দিল্লী আৰু তামিলনাডুত আগৰ পৰাই প্ৰজনন হাৰ কম আছিল আৰু যোৱা দহ বছৰত এই হাৰ ক্ৰমান্বয়ে ২৯.৪ শতাংশ আৰু ২৩.৫ শতাংশলৈ দ্ৰুতগতিত হ্ৰাস পাইছে। যিবোৰ ৰাজ্যত প্ৰজনন হাৰ আগতেই ৰিপ্লেচমেণ্ট লেভেলৰ তললৈ নামি গৈছিল, সেই ৰাজ্যবোৰত ০ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ অনুপাতো যথেষ্ট কম। উদাহৰণস্বৰূপে তামিলনাডুত ০ ৰ পৰা ১৪ বছৰ বয়সৰ শিশু মুঠ জনসংখ্যাৰ মাত্ৰ ১৮ শতাংশ হোৱাৰ বিপৰীতে বিহাৰত ইয়াৰ হাৰ ৩১.৫ শতাংশ। সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত চালে দেখা যায় যে দেশৰ প্ৰতি চাৰিজন ব্যক্তিৰ ভিতৰত এজন অৰ্থাৎ প্ৰায় ২৪ শতাংশ লোক ০ ৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰৰ।

প্ৰজনন হাৰ হ্ৰাস পোৱাৰ মাজতো ভাৰতৰ বাবে এটা ভাল খবৰ এয়ে যে ১৫ ৰ পৰা ৫৯ বছৰ বয়সৰ কৰ্মক্ষম লোকৰ সংখ্যা দেশত বৃদ্ধি পাইছে। বৰ্তমান ১৫ ৰ পৰা ৬০ বছৰ বয়সৰ লোকৰ সংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ ৬৬.৪ শতাংশ, যিটো ২০১৪ চনত ৬৪ শতাংশ আছিল। ইয়াৰ বিপৰীতে নিৰ্ভৰশীল জনসংখ্যা অৰ্থাৎ ০ ৰ পৰা ১৪ বছৰ বয়সৰ লোক ২৪ শতাংশ আৰু ৬০ বছৰৰ ঊৰ্ধ্বৰ লোকৰ সংখ্যা ১০ শতাংশতকৈও কম। অৱশ্যে ভাৰতত ৬০ বছৰৰ ওপৰৰ লোকৰ সংখ্যা পূৰ্বৰ ৮.৬ শতাংশৰ পৰা ৯.৭ শতাংশলৈ বৃদ্ধি পাইছে আৰু সকলো ৰাজ্যতে বৃদ্ধ লোকৰ সংখ্যা বাঢ়িছে। কেৰালাত বৃদ্ধ লোকৰ সংখ্যা আটাইতকৈ বেছি যিটো ১৫ শতাংশ আৰু অসমত ৬০ বছৰৰ ওপৰৰ লোকৰ সংখ্যা দেশৰ ভিতৰতে আটাইতকৈ কম, যিটো মাত্ৰ ৭.৬ শতাংশ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd