উচ্চতম ন্যায়ালয়ে অনুভৱ কৰিছে যে বিবাহৰ কেইমাহমানৰ ভিতৰত নয়ডাৰ যুৱতী ত্বিশা শৰ্মাৰ অস্বাভাৱিক মৃত্যুৰ নিৰপেক্ষ আৰু স্বচ্ছ তদন্তৰ প্ৰয়োজন। ত্বিশাৰ মৃত্যুৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দাখিল কৰিছে নিজাববীয়া (suo motu) গোচৰ।
সোমবাৰে গোচৰৰ শুনানিত ন্যায়াধীশ সুৰ্য কান্ত, ন্যায়াধীশ জয়মল্য বাগচি আৰু ন্যায়াধীশ বিপুল পাঞ্চোলিৰ বিচাৰপীঠে কয় যে মধ্যপ্ৰদেশ চৰকাৰে ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তৎক্ষণাত ঘটনাৰ তদন্তৰ দায়িত্ব ল’ব লাগে।
একে সময়তে উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰৰ সৈতে জড়িত সকলো পক্ষই সংবাদ মাধ্যমক বক্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে। উচ্চতম ন্যায়ালয়ে কয় যে গোচৰৰ সৈতে জড়িত সকলো পক্ষই কেৱল তদন্তকাৰী সংস্থাৰ ওচৰত নিজৰ বক্তব্য দাখিল কৰিব লাগে।
ন্যায়াধীশ জয়মল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলিৰ বিচাৰপীঠে কয় যে মধ্যপ্ৰদেশ চৰকাৰে ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তৎক্ষণাত ঘটনাৰ তদন্তৰ দায়িত্ব ল’ব লাগে। একে সময়তে এই গোচৰৰ সৈতে জড়িত সকলো পক্ষই সংবাদ মাধ্যমক বক্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে বুলি শীর্ষ ন্যায়ালয়ে কয়৷
উচ্চতম ন্যায়ালয়ে কয় যে গোচৰটোৰ সৈতে জড়িত সকলো পক্ষই কেৱল তদন্তকাৰী সংস্থাটোৰ ওচৰত নিজৰ বক্তব্য দাখিল কৰিব লাগে। মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে কয় যে, “আমি বিশ্বাস কৰোঁ যে সংবাদ মাধ্যমৰ বাবে এই গোচৰৰ তদন্তত কিছু অগ্ৰগতি হৈছে। অৱশ্যে আমি কোনো ধৰণৰ কাহিনী সৃষ্টি কৰাৰ পৰা বিৰত থকা উচিত।”
বিয়াৰ মাত্ৰ পাঁচ মাহৰ পাছতে ১২ মে’ত নয়ডাত থকা শহুৰেকৰ ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল ত্বিশা।তেওঁৰ স্বামী সমৰ্থ সিং এজন অধিবক্তা। ত্বিশাৰ শাহুৱেক এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। যুৱতীগৰাকীৰ মৃত্যুৰ পিছত শহুৰেকৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে পিতৃৰ পৰিয়ালে।
মডেল অভিনেত্ৰী ত্বিশাৰ অস্বাভাৱিক মৃত্যুত সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যুৱতীগৰাকীৰ পিতৃৰ পৰিয়ালে শাহুৱেক গিৰিবালা সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লগতে যুৱতীগৰাকীৰ শাহুৱেকে মৃত্যুৰ তদন্তত নিজৰ প্ৰভাৱ বিস্তাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। ঘটনাৰ ১০ দিনৰ পাছত আৰক্ষীয়ে সমৰ্থক গ্ৰেপ্তাৰ কৰাৰ পিছতে ছ’চিয়েল মিডিয়াতো তীব্ৰ সমালোচনাৰ সন্মুখীন হয়।
উচচতম ন্যায়ালয়ে গোচৰৰ শুনানিৰ সময়ত পৰ্যবেক্ষণ কৰে যে ঘটনাৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত সমাজত নিজাকৈ একোটা ব্যাখ্যা বা নেৰেটিভৰ সৃষ্টি হৈছে। বিচাৰ প্ৰক্ৰিয়া আৰু তদন্তত পলম হোৱাক লৈ আদালত কিছু চিন্তিত হৈ পৰিছে। সেইবাবেই যুৱতীগৰাকীৰ মৃত্যুত উচ্চতম ন্যায়ালয়ে নিজা উদ্যোগত গোচৰ ৰুজু কৰিছে।
শুনানিৰ সময়ত কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত কয় যে চিবিআইয়ে এই গোচৰৰ তদন্ত কৰিব আৰু আজি (সোমবাৰে) এই সন্দৰ্ভত প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ত্বিশাৰ পৰিয়ালৰ অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰাই আদালতত জনোৱা মতে, ঘটনাৰ অন্যতম অভিযুক্ত গিৰিবালা সিঙে বিভিন্ন টিভি চেনেলত মৃত যুৱতীগৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে মন্তব্য কৰিছিল, যিবোৰ মৃতকৰ প্ৰতি অসন্মানজনক। একে সময়তে অধিবক্তাগৰাকীয়ে কয় যে মৃত্যুৰ তিনিদিন পিছতে আৰক্ষীয়ে এফআইআৰ দাখিল কৰে। তদন্তকাৰীয়ে প্ৰমাণ সংগ্ৰহ কৰাত ব্যৰ্থ হয়। মৃত যুৱতীগৰাকীৰ শাহুৱেকে ৰাজহুৱাভাৱে তেওঁৰ ফোন কলৰ সবিশেষ প্ৰকাশ কৰিছে, যিটো একেবাৰেই গ্ৰহণযোগ্য নহয়।
ছলিচিটৰ জেনেৰেলে আদালতত অভিযোগ উত্থাপন কৰে যে অভিযুক্ত মহিলাগৰাকীয়ে তদন্তত সহযোগ কৰা নাছিল। একে সময়তে তেওঁ কয় যে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ভোপালৰ এইমছত যুৱতীগৰাকীৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা কৰা হৈছে।
অভিযুক্তৰ হৈ উপস্থিত হোৱা অধিবক্তা সিদ্ধাৰ্থ ডেভে ত্বিশাৰ মৃত্যুক সংবাদ মাধ্যমত প্ৰকাশ পোৱাত তীব্ৰ আপত্তি কৰে। তেওঁৰ যুক্তিত তেওঁ কয় যে দণ্ডাধীশক দিয়া গোপনীয় বক্তব্য সংবাদ মাধ্যমত বিতংভাৱে প্ৰকাশ কৰা হৈছে।





