ঠিকনাটো আছে, ৰেষ্টুৰেণ্টখন নাই। যিখন গ্ৰীক ৰেষ্টুৰেণ্টত প্ৰিয় খাদ্য বিচাৰি গৈ ৰাজীৱ গান্ধীৰ সৈতে পৰিচয় হৈছিল ছোনিয়া গান্ধীৰ কেম্ব্ৰিজৰ সেই ‘দ্য ভাৰ্চিটি ৰেষ্টুৰেণ্ট’ এতিয়া অতীত।
৩৫ ছেইণ্ট এণ্ড্ৰুজ ষ্ট্ৰীটলৈ গ’লে আজি বেলেগ নামৰ এখন চাইনব’ৰ্ড দেখা পাব। তাত খোলা হৈছে কোৰিয়ান ৰেষ্টুৰেণ্ট ‘YORI Cambridge’। খাদ্যৰ পৰিচয় সলনি হৈছে। কিন্তু ঠিকনাটোৰ সৈতে জড়িত হৈ আছে এটা প্ৰেম কাহিনীৰ প্ৰথম অধ্যায়।
ছোনিয়া গান্ধীৰ স্মৃতিগ্ৰন্থ বিলংগিং: এ জাৰ্নি অৱ লাভ (Belonging: A Journey of Love) ১০ নৱেম্বৰত প্ৰকাশ পাব। তাৰ আগেয়ে নষ্টালজিক হৈ পৰিছিল ছোনিয়া। এটা ভিডিঅ’ সাক্ষাৎকাৰত ছোনিয়া গান্ধীয়ে কয় যে কলেজীয়া জীৱনত ইংলেণ্ডৰ খাদ্য তেওঁ একেবাৰে ভাল লগা নাছিল। এতিয়াৰ দৰে ৰেষ্টুৰেণ্টো নাছিল। ইটালীৰ ছোৱালী ছোনিয়াই নিজৰ চিনাকি ৰুচিৰ কিবা এটা বিচাৰি আছিল। তেনেকৈয়ে তেওঁ আৱিষ্কাৰ কৰিলে ভাৰ্চিটিক।
তেওঁৰ মতে, ইউৰোপৰ বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলেও গ্ৰীক ৰেষ্টুৰেণ্টখনত খাবলৈ গৈছিল। তাতেই তেওঁ এগৰাকী পৰিচিত বন্ধুৰ জৰিয়তে ৰাজীৱক প্ৰথম লগ পাইছিল। প্ৰথম দৃষ্টিত তেওঁৰ অনুভৱ হৈছিল এই ব্যক্তিজনৰ লগত সময় কটাববলৈ ভাল লাগিব। পিছত তেওঁ গম পাইছিল যে সেই অনুভৱটো একপক্ষীয় নাছিল।
এইদৰেই নিজৰ প্ৰিয় খাদ্যৰ সন্ধানে তেওঁক ভাল লগা মানুহজনৰ ওচৰলৈ লৈ গ’ল। ভাৰ্চিটি কেনেকুৱা আছিল?
ইমানুৱেল কলেজৰ বিপৰীতে কেম্ব্ৰিজৰ প্ৰাণকেন্দ্ৰত এই ৰেষ্টুৰেণ্টখন আছিল। স্থানীয় ইতিহাস সংৰক্ষণ প্ৰকল্প ‘কেপচাৰিং কেম্ব্ৰিজ’তো ১৯৬২ চনৰ সেই ঠিকনাত ভাৰ্চিটিৰ কথা উল্লেখ আছে। অৰ্থাৎ ছোনিয়াৰ স্মৃতিৰ ষাঠিৰ দশকৰ সৈতে ঠাইখনৰ সংযোগ কেৱল মুখে মুখে প্ৰচলিত কাহিনী নহয়, স্থানীয় ইতিহাসতো লিপিবদ্ধ।
বাহিৰৰ পৰা সৰু যেন লাগিলেও ভিতৰত বহাৰ ঠাই যথেষ্ট আছিল। দ্বিতীয় মহলাতো খাব পৰা গৈছিল। ২০২০ চনৰ মাৰ্চ মাহত প্ৰকাশিত ‘এমা ফুডি ব্লগ’ৰ পৰ্যালোচনাত দ্বিতীয় মহলাৰ পৰা বাহিৰৰ দৃশ্য দেখাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰা হৈছে। চহৰৰ হুলস্থুলৰ মাজত অলপ ৰৈ, খাদ্যৰ বাবে অপেক্ষা কৰি আড্ডা মৰা—সেই বৰ্ণনাৰ পৰা ভাৰ্চিটিৰ আকৰ্ষণ অনুমান কৰিব পাৰি।
২০১৯ চনৰ নৱেম্বৰ মাহত তাত খাবলৈ যোৱা ষ্টিভ ৰাইছে আন কিছু সবিশেষ বৰ্ণনা কৰিছে। প্ৰথম মহলাৰ ঠাইখন দীঘল। এফালে বেঞ্চ, সাধাৰণ টেবুল, আইনা আৰু চিলিং লাইট। পৰিৱেশটো তেওঁ শান্ত আৰু সুখদায়ক বুলি অনুভৱ কৰিছিল। অৱশ্যে লাইটিং যথেষ্ট উজ্জ্বল হোৱাৰ বাবে ঠাইখন বৰ ৰোমান্টিক যেন লগা নাছিল। বিশেষকৈ স্মৰণীয় আছিল কৰ্মচাৰীসকলৰ আন্তৰিক ব্যৱহাৰ।
ছোনিয়া-ৰাজীৱৰ কথা-বতৰাৰ কেইটামান দশক পিছত তোলা এই ফটো তেওঁলোকৰ সময়ৰ অন্তৰ্নিহিত সজ্জাৰ প্ৰমাণ নহয়। বৰঞ্চ ইয়াৰ পৰাই বুজা যায় যে দীঘলীয়া যাত্ৰাত ভাৰ্চিটিৰ ৰূপও সলনি হৈছিল।
ছোনিয়াৰ স্মৃতিত সেইখন গ্ৰীক ৰেষ্টুৰেণ্ট। কিন্তু শেষৰ পিনে ৰিভিউত আধুনিক ইউৰোপীয় খাদ্যৰ ছাপও মেনুত স্পষ্ট হৈ পৰিছে। ২০২০ চনৰ ৰিভিউৰ অন্যতম লোভনীয় বৰ্ণনা হৈছে ৰোজমেৰী ফ’কাচিয়া। গৰমে গৰমে পৰিবেশন কৰিলে ৰুটিখন ভিতৰখন কোমল, বাহিৰখন মচমচীয়া। লগত অলিভ অইল। লেখকে ইমানেই ভাল পাইছিল যে তেওঁ আৰু এবাৰ বিচাৰিবৰ মন গৈছিল।
হোৱাইট ৱাইন, পাৰ্চলি আৰু নহৰুৰে ৰন্ধা শামুকবোৰেও প্ৰশংসা লাভ কৰিছিল। এই শামুকজাতীয় সাগৰীয় খাদ্যৰ সতেজতা আৰু পৰিমাণ দুয়োটাই তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছিল। বুটৰ সৈতে কুকুৰা, শাক-পাচলি, আচাৰ দিয়া ৰঙা পিয়াঁজ আৰু গাজৰৰ পিউৰিৰ ব্যঞ্জনটোও তেওঁৰ প্ৰিয় খাদ্যৰ তালিকাত আছিল।
ষ্টিভ ৰাইছৰ ৰিভিউত চিকেন চুপ্ৰিম আৰু লেম্ব ৰামপে ভাল নম্বৰ লাভ কৰিছিল। অৱশ্যে ডেজাৰ্টবোৰেপ্ৰত্যাশা পূৰণ কৰিব পৰা নাছিল। সকলো খাদ্যই ইমান আড়ম্বৰপূৰ্ণ প্ৰশংসা লাভ কৰা নাছিল—আৰু হয়তো সেইবাবেই পুৰণি ৰিভিউবোৰ সাধাৰণ স্মুতিকথাৰ বিজ্ঞাপন হৈ পৰা নাই।
এতিয়া তাত গ’লে কি দেখা যাব? ইয়োৰীৰ নিজৰ ৱেবছাইটৰ কেম্ব্ৰিজ শাখাৰ ঠিকনা হৈছে ৩৫ ছেইণ্ট এণ্ড্ৰুজ ষ্ট্ৰীট। প্ৰতিষ্ঠানটোৱে তাত কোৰিয়ান খাদ্য পৰিবেশন কৰে। ফলস্বৰূপে আজি সেই ঠিকনাতে বহি খোৱা যায়, কিন্তু ছোনিয়াৰ চিনাকি গ্ৰীক ৰেষ্টুৰেণ্টখনৰ অভিজ্ঞতা ঘূৰাই পোৱা নাযাব।
In a small Greek restaurant in Cambridge my journey of love began.
Rajiv and I created a world filled with love, laughter and memories. On 10th November, I share that world with you. https://t.co/zvN5Rqqstf
— Sonia Gandhi (@SoniaGandhi) October 24, 2026
তথাপিও কেম্ব্ৰিজলৈ গ’লে হয়তো এবাৰ সেই ঠাইখন চোৱাৰ হেঁপাহ জাগিব। কিছুমান ঠিকনাৰ আকৰ্ষণ ইয়াৰ বৰ্তমানৰ মেনুত সীমাবদ্ধ নহয়। কোনে প্ৰথমে তালৈ আহিছিল, কাক লগ পাইছিল, সেই সাক্ষাৎকাৰে ক’লৈ লৈ গৈছিল—এই সকলোবোৰ কথাইও ঠাইখনক অনন্য কৰি তুলিছে।
ভাৰ্চিটিৰ দুৱাৰ বন্ধ। কিন্তু ছোনিয়াৰ স্মৃতিচাৰণত দুই ডেকা-গাভৰুৰ প্ৰথম পৰিচয়ৰ দিনটোৱে সেই দুৱাৰেদি পুনৰ উকি মাৰিছে।




