যুদ্ধৰ প্ৰভাৱত কেৱল ইন্ধনৰ দামেই বৃদ্ধি পোৱা নাই, অত্যাধিক হাৰত বৃদ্ধি পাইছে সাৰৰ দামো। ইয়াৰ পোণপটীয়া প্ৰভাৱ পৰিছে সাধাৰণ জনতাৰ ভাতৰ কাঁহীত। সাম্প্ৰতিক পৰিস্থিতিক লৈ সোমবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে স্বয়ং কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তেওঁ কয় যে সাৰৰ দাম অভাৱনীয় পৰ্যায়লৈ গৈ পাইছে। এনে অৱস্থাত ভাৰতে মূলতঃ তিনিটা বস্তুৰ ওপৰত চকু ৰাখিবলগীয়া হৈছে। সেইবোৰ হৈছে ইন্ধন, সাৰ আৰু বৈদেশিক মুদ্ৰা।
শেহতীয়াকৈ কেন্দ্ৰই তিনিটা পৰ্যায়ত ইন্ধনৰ দাম বৃদ্ধি কৰিছে। যোৱা এঘাৰ দিনত পেট্ৰ’লৰ দাম ৭ টকা ৩৮ পইচা বৃদ্ধি পাইছে। এনে সময়তে মুম্বাইত ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ এখন অনুষ্ঠানত সমগ্ৰ বিশ্বৰ লগতে দেশৰ মূল্যবৃদ্ধিক লৈ নিৰ্মলা সীতাৰমণে কৰা মন্তব্য অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে বৈদেশিক মুদ্ৰাৰ খৰচ কমাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যি পৰামৰ্শ দিছে, সেয়া বৰ্তমানৰ পৰিস্থিতিত অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ পিছতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই মুহূৰ্তত তিনিটা বস্তুৰ ওপৰত নজৰ ৰখা হ’ব, সেয়া হৈছে ফুৱেল বা ইন্ধন, ফাৰ্টিলাইজাৰ বা সাৰ আৰু ফৰেক্স বা বৈদেশিক মুদ্ৰা। তেওঁ লগতে কয় যে কেৱল খাৰুৱা তেলৰ দাম বৃদ্ধিয়েই একমাত্ৰ প্ৰত্যাহ্বান নহয়।
নিৰ্মলা সীতাৰমণে জনায় যে ইন্ধনৰ লগতে সাৰৰ দামো কল্পনা কৰিব নোৱাৰা অৱস্থালৈ গৈছে। আনহাতে, সোণৰ আকাশলংঘী দামেও ভাৰতৰ বৈদেশিক ক্ষেত্ৰখনত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। কেইদিনমান আগতে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰালৰ ওপৰত থকা হেঁচা কমাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাধাৰণ নাগৰিক আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহলৈ কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল। তেওঁ জৰুৰী প্ৰয়োজন নহ’লে আমদানি বন্ধ কৰিবলৈ, বৈদেশিক মুদ্ৰাৰ খৰচ কমাবলৈ, বিদেশ ভ্ৰমণ পিছুৱাই দিবলৈ আৰু অহা এবছৰৰ বাবে সোণ কিনাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীৰ এই আহ্বানক পূৰ্ণ সমৰ্থন জনাইছে বিত্তমন্ত্ৰীগৰাকীয়ে।
নিৰ্মলা সীতাৰমণে কয় যে মধ্যপ্ৰাচ্যৰ সংকট কেৱল এক কূটনৈতিক বা ভূ-ৰাজনৈতিক বিষয় হৈ থকা নাই। ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সাধাৰণ মানুহৰ বাবে ইয়াৰ অৰ্থ হৈছে ইন্ধনৰ মূল্যবৃদ্ধি, বয়বস্তু পৰিবহনত পলম হোৱা, জাহাজৰ খৰচ বৃদ্ধি, কেঁচামালৰ নাটনি, মূলধনৰ ওপৰত চাপ আৰু ৰপ্তানিৰ ক্ষেত্ৰত অনিশ্চয়তা। অৱশ্যে বিৰোধীৰ মতে, কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে আৰ্থিক চাপৰ কথা স্বীকাৰ কৰিলেও দেশৰ অৰ্থনৈতিক পতনৰ কথাটো মানি ল’বলৈ অমান্তি হৈছে।





