মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখা বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে অহা ৩০ অক্টোবৰত দিল্লীৰ অশোকা হোটেলত এখন প্ৰতীকী সংসদ বা ‘মক পাৰ্লিয়ামেণ্ট’ অনুষ্ঠিত কৰিব। এই প্ৰতীকী সংসদত নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে এক ইমপিচমেণ্ট বা মহাভিযোগ প্ৰস্তাৱ উত্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ সমান্তৰালভাৱে অহা ১ নৱেম্বৰত ৰাজধানী দিল্লীৰ ৰামলীলা ময়দানত মিত্ৰজোঁটৰ তৰফৰ পৰা কথিত ‘ভোট চুৰি’ৰ প্ৰতিবাদত এক বিশাল সমাৱেশৰো আয়োজন কৰা হৈছে।
শনিবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ইন্দিৰা ভৱনত ১ নৱেম্বৰৰ সমাৱেশৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। দলৰ বিভিন্ন ফ্ৰণ্টেল আৰু বিভাগৰ অধ্যক্ষ তথা ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত সমাৱেশলৈ ৰাইজক সংগঠিত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু বেণুগোপালে এআইচিচিৰ মুখ্য কাৰ্যালয়ত উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ দলীয় নেতাসকলৰ সৈতেও বৈঠকত মিলিত হৈছিল। এই বৈঠকত এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ পাল গৌতম, উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰাধনা মিশ্ৰ-মোনা, হাৰিয়ানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় দত্ত আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাও নৰেন্দ্ৰ সিঙকে ধৰি জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল।
সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এক প’ষ্টত বেণুগোপালে কয় যে ১ নৱেম্বৰত ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া এই বিশাল সমাৱেশত প্ৰায় দহ লাখ লোকৰ সমাগম আশা কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এই সমাৱেশ হৈছে এক বিশাল ‘দিল্লী চলো’ মাৰ্চৰ চূড়ান্ত কাৰ্যসূচী, যি ১ নৱেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নিৰ্দেশত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু তেওঁৰ সহযোগীসকলে সংঘটিত কৰা বুলি অভিযোগ উঠা ‘ভোট চুৰি’ৰ বিৰুদ্ধে দেশজুৰি এক ঐক্যবদ্ধ বাৰ্তা প্ৰেৰণ কৰাই হৈছে এই প্ৰতিবাদৰ মূল লক্ষ্য বুলি কংগ্ৰেছ নেতাজনে মন্তব্য কৰে।
উল্লেখ্য যে, বিগত ৫ অক্টোবৰত চলি থকা এছআইআৰ বিৰোধী প্ৰতিবাদৰ মাজতে বেণুগোপালে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে ১ নৱেম্বৰৰ সমাৱেশৰ কথা ঘোষণা কৰিছিল। আনহাতে, অহা ২৫ আৰু ২৬ নৱেম্বৰত ‘ইণ্ডিয়া’ মিত্ৰজোঁটে আন এক ‘দিল্লী চলো মাৰ্চ’ অনুষ্ঠিত কৰাৰ কথা নিৰ্ধাৰণ কৰিছে, য’ত বিভিন্ন ৰাজ্যৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী অভিমুখে ছখনকৈ যাত্ৰা উলিওৱা হ’ব। এই ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীসমূহৰ জৰিয়তে বিৰোধীয়ে পৰৱৰ্তী সময়ত কিদৰে চাপ সৃষ্টি কৰে, সেয়া লক্ষণীয় হ’ব।





