ৰাজস্থানৰ চৰকাৰী হাস্পতালত যোগান ধৰা অক্সিটচিন নামৰ এবিধ বেজী মানদণ্ড পৰীক্ষাত ব্যৰ্থ হৈছে। ইয়াৰ পিছতে ৰাজ্যখনৰ ঔষধ নিয়ন্ত্ৰণ বিভাগে সমগ্ৰ ৰাজ্যতে এই বেজীবিধৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে। সাধাৰণতে প্ৰসৱৰ সময়ত আৰু প্ৰসৱৰ পিছত হোৱা অত্যাধিক ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ মহিলাসকলক এই বেজী দিয়া হয়। কিন্তু লেবৰেটৰী পৰীক্ষাত পোহৰলৈ আহিছে যে এই বেজীসমূহ আচলতে নকল আছিল আৰু ইয়াত ৰক্ত খোপনি মৰাৰ বাবে প্ৰয়োজনীয় উপাদান নাছিল। এই একেটা বেচৰ বেজী কোটাৰ নিউ মেডিকেল কলেজ হাস্পতালতো ব্যৱহাৰ কৰা হৈছিল, য’ত অলপতে ৫ গৰাকী গৰ্ভৱতী আৰু প্ৰসৱ কৰা মহিলাৰ মৃত্যু হৈছে।
চৰকাৰী হাস্পতালখনত অস্ত্ৰোপচাৰৰ কেইঘণ্টামানৰ ভিতৰতে এই মহিলা কেইগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। প্ৰাথমিক তথ্য অনুসৰি চি-চেকচন অস্ত্ৰোপচাৰৰ ৮ ৰ পৰা ১২ ঘণ্টাৰ ভিতৰত ৰোগীসকলৰ ৰক্তচাপ আৰু প্লেটলেটৰ সংখ্যা হঠাৎ কমি গৈছিল আৰু তেওঁলোকৰ বৃক্ক বিকল হোৱাৰ দৰে লক্ষণ দেখা দিছিল। বৰ্তমান তদন্তকাৰী বিষয়াসকলে হাস্পতালখনত ব্যৱহাৰ কৰা আই ভি ফ্লুইড অৰ্থাৎ চেলিনৰ বটলসমূহো পৰীক্ষা কৰি আছে। ৰাজস্থান চৰকাৰে এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। ইফালে জয়পুৰৰ এছ এম এছ মেডিকেল কলেজৰ এটা বিশেষ চিকিৎসকৰ দলক কোটালৈ সহায় আৰু তদন্তৰ বাবে পঠোৱা হৈছে। অৱশ্যে হাস্পতাল কৰ্তৃপক্ষই জনাইছে যে মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ৰাজস্থানৰ ঔষধ নিয়ন্ত্ৰণ প্ৰধান অজয় ফাটকে জনোৱা মতে অক্সিটচিন বেজীৰ নমুনা বিফল হোৱাৰ পিছতে কোটা হাস্পতালৰ সমগ্ৰ ষ্টক জব্দ কৰা হৈছে আৰু ৰাজ্যজুৰি ইয়াৰ ব্যৱহাৰ বন্ধ কৰা হৈছে। স্বাস্থ্য বিভাগে এই ঘটনাৰ সৈতে জড়িত চিকিৎসাকৰ্মীসকলকো তদন্ত শেষ নোহোৱালৈকে নিলম্বন কৰিছে। এই ঘটনাটো এনে এক সময়ত পোহৰলৈ আহিছে যেতিয়া ৰাজ্যখনত নকল ঔষধৰ বিৰুদ্ধে এক ডাঙৰ অভিযান চলি আছে। বিষয়াসকলে জনোৱা মতে যোৱা ১০ দিনত সমগ্ৰ ৰাজ্যতে বিক্ৰী হোৱা আন ১১ বিধ ঔষধো মানদণ্ড পৰীক্ষাত ব্যৰ্থ হৈছে। ইয়াৰ ভিতৰত জ্বৰ, এলাৰ্জী, পেটৰ সংক্ৰমণ, বিষ আৰু এন্টিবায়োটিকৰ দৰে জৰুৰীকালীন ঔষধ আছিল। এই ঔষধসমূহ দেশৰ বিভিন্ন ৰাজ্য যেনে হিমাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, উত্তৰাখণ্ড, দিল্লী আৰু মহাৰাষ্ট্ৰৰ কোম্পানীয়ে তৈয়াৰ কৰিছিল।





