• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত মৃত্যুৰ প্ৰধান কাৰণ হৈ পৰিছে হৃদৰোগ, প্ৰতি তিনিজনৰ ভিতৰত এজনৰ গৈছে প্ৰাণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 10:20 am
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত সলনি হোৱা জীৱনশৈলী, মানসিক চাপ, বেয়া খাদ্যাভ্যাস আৰু শাৰীৰিক পৰিশ্ৰমৰ অভাৱ এতিয়া এক গভীৰ স্বাস্থ্য সংকট হৈ পৰিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা এক চৰকাৰী প্ৰতিবেদন অনুসৰি দেশত সৰ্বাধিক বত্ৰিছ দশমিক এক শতাংশ মৃত্যু কেৱল হৃদৰোগৰ বাবেই হৈছে। অৰ্থাৎ প্ৰতি তিনিজন ব্যক্তিৰ ভিতৰত এজনৰ মৃত্যু হৈছে কেৱল হৃদৰোগৰ ফলত। প্ৰতিবেদনখনত এইটোও প্ৰকাশ পাইছে যে উত্তৰ ভাৰতত এই অৱস্থা আটাইতকৈ বেছি উদ্বেগজনক। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে যদি সময়মতে সজাগতা আৰু প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে আগন্তুক সময়ত এই সংকট অধিক ভয়াবহ হৈ পৰিব পাৰে।

প্ৰতিবেদন অনুসৰি উত্তৰ ভাৰতত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ পঁয়ত্ৰিছ দশমিক এক শতাংশ হোৱাৰ বিপৰীতে মধ্য ভাৰতত এই হাৰ চৌবিছ দশমিক এক শতাংশ। চিকিৎসকসকলৰ মতে, অহৰহ মানসিক চাপ, ধূমপান, মদ্যপান, জাংক ফুড, মেদবহুলতা আৰু ব্যায়ামৰ অভাৱেই ইয়াৰ প্ৰধান কাৰণ। আজিকালি কম বয়সৰ লোকসকলৰ মাজতো ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, যাৰ পোনপটীয়া প্ৰভাৱ হৃদয়ৰ ওপৰত পৰিছে। বিশেষজ্ঞসকলৰ মতে, কেৱল চহৰতে নহয়, এতিয়া গাঁওবোৰতো হৃদৰোগ দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে আৰু কম বয়সীয়া যুৱক-যুৱতীসকলো ইয়াৰ বলি হৈছে।

Apply Now

হৃদৰোগৰ উপৰিও আন বহুতো গুৰুতৰ ৰোগ মৃত্যুৰ প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছে। উশাহ-নিশাহজনিত ৰোগত ছয় শতাংশ, পাচন তন্ত্ৰৰ ৰোগত পাঁচ দশমিক ন শতাংশ আৰু শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণত পাঁচ দশমিক সাত শতাংশ লোকৰ মৃত্যু হৈছে। আনহাতে, ডায়েবেটিছ বা বহুমূত্ৰ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু দক্ষিণ ভাৰতত ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি। ইয়াৰ উপৰিও অচিনাক্ত জ্বৰ, আঘাত আৰু যক্ষ্মা ৰোগকো মৃত্যুৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰা হৈছে।

পুৰুষ আৰু মহিলাৰ মাজত ৰোগৰ প্ৰভাৱৰ ক্ষেত্ৰতো যথেষ্ট পাৰ্থক্য দেখা গৈছে। পাচন তন্ত্ৰৰ ৰোগত পুৰুষৰ মৃত্যুৰ হাৰ মহিলাতকৈ বহু বেছি। বিশেষজ্ঞসকলৰ মতে, পুৰুষৰ মাজত ধূমপান, মদ্যপান আৰু মানসিক চাপ বেছি হোৱাৰ বাবে ৰোগৰ আশংকা বৃদ্ধি পায়। আনহাতে, উন্নত চিকিৎসা সেৱা আৰু টীকাকৰণৰ বাবে কম বয়সত হোৱা মৃত্যুৰ হাৰ হ্ৰাস পাইছে যদিও জীৱনশৈলীৰ লগত জড়িত ৰোগসমূহ ভৱিষ্যতৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে। এই ভয়াবহ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ বিশেষজ্ঞসকলে সকলোকে নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰোৱা, সন্তুলিত আহাৰ গ্ৰহণ কৰা, ব্যায়াম কৰা আৰু মানসিক চাপ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd