চিবিএছইৰ নতুন অন-স্ক্ৰীণ মাৰ্কিং বা অ’এছএম ব্যৱস্থাক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হোৱাৰ মাজতে এতিয়া কেন্দ্ৰীয় চৰকাৰে এই সমস্যাৰ কথা স্বীকাৰ কৰিছে। প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে ডিজিটেল মূল্যায়ন ব্যৱস্থাত কিছুমান কাৰিকৰী আৰু কাৰ্য্যকৰী ভুল পোহৰলৈ আহিছে আৰু সেইবোৰ শুধৰণি কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে আই আই টি মাদ্ৰাজ আৰু আই আই টি কানপুৰে ইয়াৰ কাম আৰম্ভ কৰিছে।
প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ ঘোষণা কৰা চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ পিছত অ’এছএম ব্যৱস্থাক লৈ কেইবাজনো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে অভিযোগ উত্থাপন কৰিছে। কোনো কোনোৱে নম্বৰ ভুল বুলি দাবী কৰাৰ বিপৰীতে আন কোনোৱে স্কেন কৰা উত্তৰ বহী অস্পষ্ট বুলি অভিযোগ কৰে। কিছুমান ক্ষেত্ৰত পুনৰ মূল্যায়নৰ সময়ত আনৰ উত্তৰ বহী দেখুওৱাৰ অভিযোগো চৰ্চালৈ আহিছিল। এই ঘটনাসমূহ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে বিতৰ্ক তীব্ৰতৰ হৈ পৰে।
এনে পৰিস্থিতিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে কয় যে চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ উদ্বেগক গুৰুত্বসহকাৰে লৈছে। ডিজিটেল মূল্যায়ন ব্যৱস্থাক অধিক সঠিক আৰু স্বচ্ছ কৰি তুলিবলৈ প্ৰয়োজনীয় সংশোধন কৰা হ’ব বুলিও তেওঁ কয়। লগতে নম্বৰ বা মূল্যায়নত সমস্যা থকা সকলৰ অভিযোগৰ তদন্তও চলি থকা বুলিও তেওঁ কয়।
প্ৰতিবেদন অনুসৰি চিবিএছইয়েও স্বীকাৰ কৰিছে যে নতুন ডিজিটেল ব্যৱস্থাত কিছু কাৰিকৰী সমস্যা আছিল। কিন্তু ব’ৰ্ডে দাবী কৰে যে বেছিভাগ ক্ষেত্ৰতে মূল্যায়ন সঠিকভাৱে কৰা হৈছিল আৰু সীমিত সংখ্যক সমস্যাহে পোহৰলৈ আহিছে। ভৱিষ্যতে এনেধৰণৰ বিভ্ৰাট ৰোধ কৰিবলৈ কাৰিকৰী আন্তঃগাঁথনি শক্তিশালী কৰা হ’ব বুলিও ব’ৰ্ডে জনায়।
ইফালে বিৰোধী ৰাজনৈতিক দলসমূহেও এই বিষয়ত কেন্দ্ৰক আক্ৰমণ কৰিছে। ইয়াৰ পূৰ্বে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে অ’এছএম ব্যৱস্থাত ‘বৃহৎ প্ৰৱঞ্চনা’ৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে চিবিএছইয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। এতিয়া কেন্দ্ৰই দায়িত্ব স্বীকাৰ কৰি সংশোধনৰ আশ্বাস দিয়াৰ পিছত বিতৰ্ক ক’লৈ যায় তাৰ ওপৰত চকু ৰাখিছে শিক্ষা মহলে।





