• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

গৰমৰ দিনত ফ্ৰীজৰ পানী খোৱাটো কিমান অপকাৰী জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2026 6:45 am
279
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰচণ্ড গৰমৰ দিনকেইটাত বাহিৰৰ পৰা ঘৰলৈ উভতি আহি এগিলাচ বৰফৰ দৰে ঠাণ্ডা পানী খালে মন-প্ৰাণ জুৰ পৰি যায়। গৰমকালি ফ্ৰীজৰ ঠাণ্ডা পানী খোৱাৰ এই অভ্যাস বহু লোকৰে থাকে। সাময়িকভাৱে ই শৰীৰক আৰাম দিয়ে যদিও চিকিৎসকসকলৰ মতে অতিৰিক্ত ঠাণ্ডা পানী খোৱাৰ এই অভ্যাসে শৰীৰৰ বাবে মাৰাত্মক ক্ষতি কঢ়িয়াই আনিব পাৰে। তীব্ৰ গৰমত অত্যাধিক ঠাণ্ডা পানী খালে কি কি স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে সেই বিষয়ে সকলোৱে জনাটো অতি প্ৰয়োজনীয়।

গৰমত বাহিৰৰ পৰা অহাৰ পিছতে হঠাত ঠাণ্ডা পানী খালে আমাৰ পাকস্থলী বা পৰিপাক তন্ত্ৰৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। ঠাণ্ডা পানীয়ে আমাৰ শৰীৰৰ ৰক্তনলীবোৰ সংকুচিত কৰি পেলায়। ইয়াৰ ফলত খাদ্য হজম হোৱাৰ প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে। চিকিৎসকসকলৰ মতে ইয়াৰ বাবে কোষ্ঠকাঠিন্য, পেট ফুলা বা বদহজমৰ দৰে মাৰাত্মক সমস্যাই দেখা দিব পাৰে।

Apply Now

বিভিন্ন গৱেষণাত দেখা গৈছে যে অতিৰিক্ত ঠাণ্ডা পানী খালে শৰীৰৰ ভেগাছ স্নায়ু উত্তেজিত হৈ পৰিব পাৰে। এই স্নায়ুটো আমাৰ শৰীৰৰ স্নায়ুতন্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ, যিয়ে হৃদস্পন্দন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বৰফৰ দৰে ঠাণ্ডা পানীয়ে এই স্নায়ুক হঠাত ঠাণ্ডা কৰি পেলায়, যাৰ ফলত হৃদস্পন্দন বা হাৰ্ট ৰেট হঠাত কৰি যোৱাৰ আশংকা থাকে।

গৰমৰ মাজত হঠাত খুব ঠাণ্ডা পানী খালে হাওঁফাওঁত অতিৰিক্ত শ্লেষ্মা জমা হ’বলৈ ধৰে। ফলত শ্বাসনলীত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। যিসকল লোক ইতিমধ্যে ছাইনাছ বা মাইগ্ৰেণৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ বাবে ঠাণ্ডা পানী খোৱাৰ ফলত এই সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰি ডিঙিৰ বিষ, চৰ্দি আৰু কাহৰ দৰে সমস্যা হোৱাটো অতি স্বাভাৱিক হৈ পৰে।

যেতিয়া আমি প্ৰচণ্ড ৰ’দৰ পৰা ঘৰলৈ আহোঁ, তেতিয়া আমাৰ শৰীৰৰ উষ্ণতা যথেষ্ট বেছি থাকে। এই অৱস্থাত হঠাত বৰফৰ দৰে ঠাণ্ডা পানী খালে শৰীৰৰ ভিতৰৰ স্বাভাৱিক উষ্ণতাৰ ভাৰসাম্য হেৰাই যায়। বিজ্ঞানৰ ভাষাত ইয়াক থাৰ্মেল শ্বক বুলি ক’ব পাৰি। ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে আৰু মানুহ অতি সোনকালে বেমাৰত পৰিব পাৰে।

গৰমৰ দিনকেইটাত সুস্থ হৈ থাকিবলৈ চিকিৎসকসকলে ফ্ৰীজৰ ঠাণ্ডা পানী নোখাবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ পৰিৱৰ্তে স্বাভাৱিক উষ্ণতাৰ পানী বা সামান্য ঠাণ্ডা পানী খোৱাটোৱেই আটাইতকৈ সুৰক্ষিত। এই সময়ত মাটিৰ কলহৰ পানী খোৱাটো শৰীৰৰ বাবে অতি লাভদায়ক, কাৰণ মাটিৰ কলহে প্ৰাকৃতিক উপায়েৰে পানী ঠাণ্ডা কৰি ৰাখে আৰু ই শৰীৰৰ কোনো ক্ষতি নকৰে। লগতে ৰ’দৰ পৰা অহাৰ লগে লগেই পানী নোখায় অন্ততঃ দহৰ পৰা পোন্ধৰ মিনিট সময় ফেনৰ তলত বহি শৰীৰৰ উষ্ণতা স্বাভাৱিক হোৱাৰ পিছতহে পানী খোৱা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd